আপুনি সুৰাপান কৰে নেকি? সুৰাপান আপোনাৰ স্বাস্থ্যৰ বাবে সঁচাই ক্ষতিকাৰকনে?

1 min read

আপুনি নিতৌ সুৰাপান কৰে নেকি? অথবা আপুনি কেতিয়াবাহে সুৰাপান কৰে নেকি? সুৰাপায়ী সকলৰ বাবে আমেৰিকাৰ চিকিৎসকে কৰা গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য। আমেৰিকাৰ ARGP নামৰ এটা চিকিৎসকৰ সংস্থাই ১৯৯৭ চনৰ পৰা ২০২১চনলৈ ৰক্তচাপজনিত ৰোগৰ ওপৰত কৰা গৱেষণাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য।

এইসকল চিকিৎসকে কৰা গৱেষণাত প্ৰমাণ হৈছে ৯৮ শতাংশ ৰক্তচাপজনিত ৰোগ কেৱল সুৰাপানৰ বাবে হৈছে। নিতৌ সুৰাপান কৰা লোকসকলে উচ্চৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাটো প্ৰায় নিশ্চিত।
লগতে নিতৌ সুৰাপান কৰা লোকসকলৰ হৃদৰোগ অথবা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও ৯০ শতাংশ। আনহাতে, মাহটোত দুই-এদিন সুৰাপায়ী কৰা লোকসকলক সামৰি কৰা গৱেষণাত পোহৰলৈ আহিছে আন এক তথ্য। এইসকল লোকো ৰক্তচাপজনিত ৰোগত সহজে আক্ৰান্ত হয়। আনহাতে সুৰাপায়ী সকলৰ ৰক্তচাপজনিত ৰোগ সহজে ধৰা নপৰে যাৰ ফলত অধিকাংশ সুৰাপায়ীয়েই ষ্ট্ৰোকত আক্ৰান্ত হয়।

You May Also Like

More From Author