তাই সদায় মানুহজনক লক্ষ্য কৰিছিল,কিন্তু মানুহজনৰ মুখখন আজিপৰ্যন্ত তাই দেখাৰ সৌভাগ্য হোৱা নাই |গাত কম্বল এখন মেৰিয়াই বহি থাকে মানুহজন,দীঘল যত্নহীন ছুলি ( Assamese Love story ) |যেন মূৰত শিৱৰ যত বান্ধিছে | মানুহজন কোন জানিবলৈ তাইৰ আগ্রহ বাঢ়িল | কিয় মানুহজনে সিহতৰ পদুলিমুখৰ ফুটপাথত পৰি থাকে !হয়টো মানুহবোৰে মানুহজনক লক্ষ্য নকৰে |কাৰন আমাৰ চহৰত এনেকুৱা বহুত মানুহ আছে,ফুটপাথত পৰি থকা |আকাশ অফিচত যোৱাৰ পাছতে তাই পদুলিলৈ আহি মানুহজনক আগৰ ঠাইতে দেখিলে ! তাই মানুহজনৰ ওচৰলৈ আগুৱাই আহিল,,,,,
– হেৰি ! আপুনি ইয়াত এনেকে পৰি থাকে যে কিয় ?
মানুহজনে তাইৰ কথাত গুৰুত্ব প্রদান নকৰিলে,সি তলমূৰকৈ বহি থাকিল |এইবাৰ তাই গাত ধৰি জোকাৰি দিলে,,,,
মানুহজনে মূৰটো ওপৰ কৰাৰ লগে ধুমুহা-গাজনিৰ পাৰ হৈ যোৱা যেন তাইৰ অনুভৱ হ’ল |
– ৰাজ,তুমি ? তোমাৰ এই অৱস্থা !কি হৈছে ৰাজ তোমাৰ !
সি মুখেৰে একো কোৱা নাছিলে,মাত্র বজ্রপৰা মানুহৰ দৰে একেথৰে তাইক চাই আছিলে, আৰু হাতত থকা ফটো খন তাইৰ হাতত তুলি দিছিলে |সেইখন এবাৰ সিহত দুটাক দৰা-কইনা সজাই একপি ফটো তুলি থৈছিল |
ৰাজ-নন্দিনী, সম্ভ্রান্ত ঘৰৰ জিয়াৰী নন্দিনী |সিহতৰ আভিজাত্য ঘৰখনত কাম কৰা বাই এজনী আছিলে,সিহতৰ ওচৰৰ গাওঁখনৰ |মানুহ গৰাকীৰ পুত্র সন্তানটিৰ বাহিৰে এই পৃথিৱীত আপোন বুলিবলৈ আৰু কোনো নাছিলে |ল’ৰা জনৰ নাম আছিলে ৰাজ |ৰাজ আৰু তাৰ মাকে নন্দিনী হতৰ ঘৰতে আছিলে | ৰাজ আৰু নন্দিনী সম-বয়সীয়া আছিলে,কিন্তু সিহতৰ ব্যৱধান আছিল তাই হ’ল মালিকৰ ছোৱালী আৰু ৰাজ কাম কৰা বাইৰ সন্তান | কিন্তু নন্দিনী একমিনিট সময় তাক নেদেখিলে পাগলিৰ নিচিনা হয়,তাইৰ মনটোৱে বাৰে বাৰে বিছাৰি থাকে ৰাজক | কিন্তু নন্দিনীৰ মাকে একেবাৰে পচন্দ নকৰে নন্দিনী ৰাজৰ লগত এনেকে খেলি থকাতো|
– নন্দিনী
– কি হ’ল মা !
– আহা ৰুমলৈ আহা,বাই তই পাহৰি গ’লি নেকি যে তহত এইখন ঘৰৰ গোলাম,গতিকে ৰাজে নন্দিনীৰ লগত খেলি থকাতো মই পচন্দ নকৰো |
নন্দিনীৰ মাকে তাইক জোৰকৈ তানি লৈ গৈছিল | হয়টো নন্দিনীৰ মাকৰ কথাখিনিয়ে ৰাজৰ মাকৰ হৃদয়ত বৰকৈ আঘাট কৰিছিল| মাকে ৰাজক জোৰকৈ সাৱতি ধৰিছিল ,,,,
– ৰাজ,কিয় পাহৰি গৈছ আমি এইখন ঘৰৰ কাম কৰা মানুহ | ইয়াত আমাৰ স্থানৰ কথা পাহৰি নাযাবি |গোলামৰ দৰে থাকিবি |
মাকৰ কথাখিনি ৰাজৰ মনমগজুত সম্পূৰ্ণ ক্ৰিয়া কৰিছিল | কিন্তু উৰিফুৰা চৰাইক কিমান দিন সজাত বন্দী কৰি ৰাখিব|
তাৰ মাজত ও ৰাজ আৰু নন্দিনীয়ে বহু সময় পাৰ কৰিছিল | তেনেকে এদিন কব নোৱাৰাকৈ দুয়ো-দুয়োৰো প্রেমত পৰিছিল | প্রেমৰ ৰংৰ মাজত দুয়ো উৰিছিল ৰঙিন পখিলা হৈ | দুয়ো পাহৰি গৈছিল দুয়োৰো মাজত থকা ব্যৱধান |
সময়বোৰ ঠিকে গৈ আছিল,নন্দিনীয়ে কেতিয়াবা তাইৰ বন্ধু-বান্ধৱীৰ লগত ফুৰিব যাওঁতে ৰাজক লগত লৈ গৈছিল |
– নন্দিনী
নন্দিনীৰ বন্ধু পলাশে তাইক কিবা কব বিছাৰিছে ,,,,
– কোৱা পলাশ,,,,
– এইজন তোমালোকৰ ঘৰত কাম কৰা বাইৰ ল’ৰা নহয় নে ?
তাই লক্ষ্য কৰিছিল,পলাশে কথাষাৰ কোৱাৰ পাছতে ৰাজৰ মুখখন কলীয়া ডাৱৰৰ দৰে আন্ধাৰ হৈ পৰিছিল |
– পলাশ তুমি ভূল কৈছা,এইজন ৰাজ,মোৰ ভাল বন্ধু,,,,,
– হু ! বন্ধু ঘৰৰ গোলাম আৰু বন্ধু হব পাৰে নেকি ?
– পলাশ,বন্ধুত্বই মানুহৰ কৰ্ম বিছাৰ নকৰে,মানুহৰ মনত মনো কষ্ট দিয়াৰ সমান পৃথিৱীত পাপৰ কাম নাই মনত ৰাখিবা পলাশ,,,,
পলাশক প্রত্যুত্তৰ দি নন্দিনী ৰাজৰ সৈতে সিহতৰ ওচৰৰ পৰা আতৰি আহিছিলে | কিন্তু তাই ৰাজক লক্ষ্য কৰিছিলে সি যেন মানসিক ভাবে ভাগি পৰিছে |
– ৰাজ,কি হ’ল,,,,,,
– নাই একো হোৱা নাই |
– ৰাজ,তুমি মোৰ চকুৰ ফালে চাই কথা কোৱাছোন,,,,
– কি কম নন্দিনী,,,,
তাই তাক জোৰকৈ তাইৰ ফালে ঘূৰাই দিছিল,আৰু দেখিছিল তাৰ দুচকুৰে মাত্র চকুপানী বৈ আছিল |
– ৰাজ তুমি কিয় কান্দিছা ?
– আমি সৰু মানুহ নন্দিনী,আনৰ ঘৰৰ গোলাম,সেয়েহে তুমি মোৰ লগত একো সম্পৰ্ক ৰাখিব নালাগে নন্দিনী,নহ’লে সদায় তুমি মানুহৰ কথা শুনিব লাগিব |
– ৰাজ তুমি পাগল হৈছা,,,
ৰাজে নন্দিনীৰ ভৰি দুখনত সাৱতি ধৰি হুকহুকাই কান্দিছিল |
– তুমি মোক পাহৰি যোৱা নন্দিনী,গোলাম এজনৰ প্রেমত মতলীয়া নহবা |প্লিজ নন্দিনী,,,,,,,,,,
বহুত মৰম,ভালপোৱা ,ভাল বন্ধুত্ব আছিল সিহতৰ মাজত | আজি সকলোবোৰ শেষ |আৱেগত এটা সম্পৰ্ক এনেকে শেষ হ’ল | নন্দিনী ভাল ছবি আকিছিল | সেইদিনা ৰাতি তাই ৰাজ আৰু তাইৰ দৰা-কইনাৰ সাজত সৰুকালৰ ফটো এখন আকিছিল |য’ত লিখিছিল ” ৰাজ-নন্দিনী” |
ৰাজ কেতিয়াওঁ মই ভালপোৱাৰ তুলাচনিত জোখা নাছিলো সৰু মানুহ,ডাঙৰ মানুহ |আজি এইকাৰনে আমাৰ সৰু কালৰ ফটো এখন আকিছো | কাৰন শিশুবোৰ নিস্বাৰ্থ সিহতে কেতিয়াওঁ সৰু মানুহ,ডাঙৰ মানুহ বিছাৰ নকৰে |
পিছদিনা খন ৰাতিপুৱা তাই বিছনাৰ পৰা উঠি আহি যি দেখিছিল সেয়া অতিকৈ দুখজনক | হাতত তালি তোপোলা লৈ সিহত আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ ওলাইছিল,,,
– বাইদেউ,আমি আৰু গোলামী নকৰো,ৰাজ ডাঙৰ হ’ল,সি আৰু মোক বেলেগৰ ঘৰত কাম কৰিব নিদিয়ে,সি বোলে মোক দিনহাজিৰা কৰি খুৱাব| আহো দিয়ক,,,,
সি মোৰ ফালে ছাই কান্দিছিল,,,,
– নন্দিনী আমাৰ ভালপোৱা সদায় পবিত্র হৈ আমাৰ অন্তৰত জীয়াই থাকিব | আহো,,,, ( Assamese Love story )
– ৰবা ৰাজ,,,,
তাই ভিতৰত গৈ তাই অংকন কৰা “ৰাজ-নন্দিনী” ৰ ফটোখন তাক দিলে | আৰু সিহত গ’লগৈ,,,,,,,,,তাই হৈ পৰিল নিংসগ |
তাৰপিছত আজিলৈ ৰাজক লগপোৱা নাছিল তাই,কিন্তু সদায় ৰাজৰ কথা তাইৰ মানস পতত জিলিকি উঠিছিল |তাৰ প্রতি থকা ভালপোৱা বোৰ জীয়াই ৰাখিছিল | তেনেকে এদিন তাই এদিনাখন আকাশৰ লগত বিয়াত বহিছিল |
– ৰাজ,,,,,,,
– তোমাক মানুহৰ কেতিয়াওঁ হাঁহিৰ পাত্র হব দিব খোজা নাছিলো মই,গোলামৰ সন্তানৰ লগত তোমাৰ সেই প্রেমৰ মিলন মই অসম্ভৱ জানিছিলো,কিন্তু সেয়ে এদিন মা আৰু মই দূৰত গুছি আহিছিলো | মাৰ সুখৰ বাবে মা জীয়াই থকা দিন কেইটা মাৰ বাবে সকলো কৰিলো,মাৰ এদিন মৃত্যু হ’ল | তাৰ পাছত তোমাৰ অভাৱ অনুভৱ কৰি মই নিজক ধংস কৰিছিলো, এতিয়া মোৰ মৃত্যু সমাগত নন্দিনী | মই কাহিলে মুখেৰে তেজ ওলাই আহে,,,সেয়ে মৃত্যু সময়ত তোমাক দৰ্শন কৰি যাব খোজো,সেয়ে সদায় তোমাৰ পদুলি মুখতে পৰি থাকো,,,তোমাৰ এইঠিকনাটি এদিনাখন আমাৰ প্রেমৰ ভাঙোন অনা পলাশে দিছিলে,,,,,,,
তাই মাত্র কান্দিছিলে,,,আজি তাইৰ পবিত্র প্রেমিক জনৰ এই অৱস্থা |
– তুমি দিয়া নিস্বাৰ্থ ৰাজ-নন্দিনীৰ ফটোখন বকুৰ মাজত লৈ শুই থাকো |
সি কাহিব ধৰিলে,তাৰ মুখেৰে তেজ বৈ আহিল !
নন্দিনীয়ে নিজৰ হাতখনৰে তাৰ তেজ বোৰ মছি দিলে | তাই আৰু ৰব নোবাৰিলে ,গাড়ী এখন থিক কৰি তাক মেডিকেলত লৈ গ’ল |
– নন্দিনী তুমি মোক মৰিব দিয়া,প্লিজ তোমাৰ স্বামীয়ে তোমাক ভূল বুজিব এনেকে,,,,,
– তুমি মনে মনে থকা ৰাজ,মোৰ স্বামী ইমান বেয়া মানুহ নহয় |
তাক মেডিকেলত ভৰ্ত্তি কৰা হ’ল |
নন্দিনীৰ ফোনটো বাজি উঠিল,,,,
– হেল্ল’ আকাশ,,,,
– নন্দিনী তুমি ক’ত ?
– মই সান্তনা নাৰ্ছিংহোমত | তুমি ইয়ালৈ আহা,,,
– কিন্তু কিয় ?
– আহা
কিছু সময় পাছত আকাশ আহি মেডিকেল ওলাল | নন্দিনীয়ে গেট ৰ পৰা আকাশক আগবঢ়াই আনিলে |
আৰু তাই আকাশক সকলো কথাই ক’লে |
– আকাশ এয়া ৰাজ,,,,
মেডিকেলৰ বিচনাত শুই আছিল ৰাজ |
– হায়,,,,
ৰাজে যেন কিছু ভয় খালে,,,,
– মোক কিন্তু একো নকৰিব,মই আপোনালোকৰ সংসাৰ ভাঙিবলৈ অহা নাছিলো |
– আপুনি এনেকুৱা কিয় কৰিছে ,নন্দিনীয়ে মোক সকলো ক’লে,তাইক মই বিশ্বাস কৰো | আপুনি নন্দিনীৰ প্রেমিক আছিলে | মই তাইৰ স্বামী আপুনি এতিয়া মোৰ বন্ধু,আমি মানুহ হৈ কেতিয়াওঁ অমানুহ হব নোৱাৰো,আপোনাক আমি সুস্থ কৰিম |
আকাশৰ কথাত ৰাজৰ মনতো বহুত ভাল লাগিল | ধন্যবাদ ভগৱান,নন্দিনীক এজন ভাল স্বামী দিয়া বাবে |
আকাশ আৰু নন্দিনীৰ অশেষ কষ্ট আৰু ডাক্তৰৰ আপ্রান চেষ্টাত ৰাজ এদিন সুস্থ হ’ল | ৰাজক সম্পূৰ্ণ সলনি কৰি পেলালে নন্দিনীয়ে | ৰাজ আৰু আকাশ ৰ ভাল বন্ধুত্ব হ’ল |
ৰাতি বিচনাত শুই আছে নন্দিনী আৰু আকাশ |
নন্দিনীয়ে আকাশৰ বকুত মূৰ থৈ ক’লে ,,,,
– আকাশ ,যদি আমাৰ পাহি আৰু ৰাজৰ বিয়া খন পাতি দিওঁ কেনে হব ?
পাহি মানে আকাশৰ ভন্টি |
– তুমি থিকে কৈছা নন্দিনী,ৰাজ এজন ভাল ল’ৰা ,তাৰ সংস্থাপনৰ দায়িত্ব মই ল’ম | মই যানো আমাৰ ভন্টি তাৰ লগত বহুত সুখী হব।
আকাশ আৰু নন্দিনীয়ে ৰাজৰ বিয়াৰ আয়োজন কৰিলে পাহিৰ লগত |
– ৰাজ,,,,
আকাশৰ মাতত ৰাজে ঘূৰি চালে |
– চোৱা ৰাজ , নন্দিনী এজনী মোৰ ভাগ্যৱতী পত্নী | ৰাজ-নন্দিনীৰ প্রেম পৃথিৱীত সদায় জিলিকি থাকিব | প্রেম হ’লে এনেকুৱা হব লাগে নিস্বাৰ্থ | সছাঁ প্রেমে কেতিয়াওঁ একো নিবিচাৰে | কিন্তু এতিয়াৰ পৰা আপোনাৰ পত্নী মোৰ ভন্টি |
– এজনী বাইৰ সন্তানৰ লগত পাহি জানো সুখী হব?
– ভুল কৈছে,আমি কৰ্ম বিছাৰ নকৰো,মানুহৰ মানসিকতা,মানুহৰ ব্যক্তিত্ব হে বিছাৰ কৰো |
– আপুনি সচাঁই মহান,,,
– মই মহান নে কি নাযানো,কিন্তু ৰাজ-নন্দিনীৰ পবিত্র প্রেমে বহুত কথাই শিকালে,প্রেম হ’লে এনে হব লাগে,প্রেম অপবিত্র নহয়,অপবিত্র কৰো আমি,আৰু প্রেম ক্ষন্তকীয় নহয়,প্রেম হৃদয়ত সদায় জীয়াই থাকিব লাগে |যেনেকে আজি মোৰ পত্নী নন্দিনীয়ে পবিত্র প্রেমৰ বাবে আপোনাৰ কাৰনে এই খিনি ত্যাগ স্বীকাৰ কৰিলে | শৰীৰ সম্বন্ধ বিছৰা প্রেম সচাঁ নহয়,সচাঁ আপোনালোকৰ দৰে ৰাজ-নন্দিনীৰ প্রেম,,,,
নন্দিনীয়ে আকাশৰ হাতখনত খামোছি ধৰিছিল আৰু কৈছিল,,,,
– স্বামী হ’লে তোমাৰ দৰে হব লাগে,সকলো কথা সুস্থ মগজুৰে জুখি চোৱা,,,
তুমি মহান আকাশ ,ৰাজ-নন্দিনীৰ প্রেম জীয়াই থাকিব,কিন্তু আকাশ আৰু নন্দিনীৰ পতি-পত্নীৰ সম্পৰ্ক সদায় মধুৰ হৈ জিলিকি থাকিব ||