এবটল তেজৰ বাবে দেৱেন দত্তৰ মৃত্যু হোৱাৰ কথা পুনৰ ক’লে পৰিয়ালে

1 min read

অসমীয়া ভাষা–সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তৰ মৃত্যু অসমৰ বাবে, অসমৰ সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই। দেৱেন দত্তৰ বিয়োগৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নগ্ন স্বৰূপ উদঙাই এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু হোৱা বুলি প্ৰথমে অভিযোগ কৰিছিল তেওঁৰ কেয়াৰ টেকাৰে। দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এবটল তেজৰ অভাৱতে মৃত্যু হৈছিল দেৱেন দত্তৰ। নিশা ব্লাড বেংকত তেজ বিচাৰি হাহাকাৰ কৰিছিল কেয়াৰ টেকাৰজনে। এটা ইউনিট জমা দিয়াৰ পিছতো পোৱা নাছিল প্ৰয়োজনীয় তেজ। বৃহস্পতিবাৰে দিনতো তেজ বিচাৰিছিল চিকিৎসকে। কিন্তু নিশা ৯ বজাতহে দেৱেন দত্তক দিবলৈ পালে তেজ। ১২ ঘণ্টাৰ পিছত তেজ পালে যদিও কামত নাহিল

কেয়াৰ টেকাৰজনৰ এই অভিযোগৰ পিছতে দেৱেন দত্তৰ মৃত্যুক লৈ এইবাৰ পৰিয়াল লোকৰ গুৰুতৰ অভিযোগ। পৰিয়ালৰ অভিযোগ অনুসৰি, সঠিক সময়ত দেৱেন দত্তক তেজ যোগান ধৰা নাছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালে। হস্পিতালে ৬ ঘণ্টা পলমকৈহে তেজৰ যোগান ধৰিছিল। ICU ত থকা দেৱেন দত্তক পুৱা ১০ বজাত বিচৰা তেজ গধূলি ৫ বজাতহে দিয়া হৈছিল। GMCH ত মজুত নাছিল A+ তেজ। পৰিয়ালৰ লোকে অন্য ঠাইৰ পৰা তেজ সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰিছিল যদিও সেই তেজ লোৱাৰ কথা অস্বীকাৰ কৰিছিল GMCH কৰ্তৃপক্ষই ।

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ চিকিৎসাত ব্যাপক গাফিলতিৰ বাবেই দেৱেন দত্তৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ পৰিয়ালৰ।এই অভিযোগ আনিছে দেৱেন দত্তৰ পুত্ৰ সমুদ্ৰ গুপ্ত দত্ত আৰু কন্যা সংযুক্তা দত্তই। ইয়াৰ বিপৰীতে, কেয়াৰ টেকাৰৰ অভিযোগৰ পিছতেই কালি গুৱাহাটী মেডিকেল কলেজ হস্পিতাল কৰ্তৃপক্ষই তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যুৰ অভিযোগ নস্যাৎ কৰিছিল। GMCH কৰ্তৃপক্ষৰ মতে, হিম’গ্লবিন কম হোৱাৰ বাবে মৃত্যু হোৱা নাই দত্তৰ। অৱশ্যে এই ঘটনাৰ তদন্ত দিয়া হৈছে বুলি কালি জানিবলৈ দিছিল জিএমচিএইচ কৰ্তৃপক্ষই। আজি পৰিয়ালৰ এই গুৰুতৰ অভিযোগৰ পিছত GMCH য়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।

You May Also Like

More From Author