কনজাংটিভাইটিছৰ লক্ষণ দেখিলেই সাৱধান হওক! নকৰিব এই ভুল

1 min read

চৌদিশে এতিয়া জনজাংটিভাইটিছৰ আতংক (conjunctivitis)। বহু লোক আক্ৰান্ত হৈছে এই চকুৰ ফ্লুত। ই হৈছে এক সংক্ৰাক ৰোগ যিয়ে ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা চকুত প্ৰভাৱ পেলায়। বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। এই ৰোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰাও জাৰি কেতবোৰ সতৰ্কবাণী।

কনজাংটিভাইটিছৰ লক্ষণসমূহ
১. চকু ৰঙা পৰা, চকুৰ পতা ফুলি উঠা আৰু খজুৱতি হোৱা
২. চকুৰ পৰা হালধীয়া বা পানীযুক্ত স্ৰাৱ ওলাই থকা
৩. আঠাসদৃশ স্ৰাৱ ওলোৱাৰ ফলত টকুৰ পতা বন্ধ হৈ থকা
৪. শিশুৰ ক্ষেত্ৰত আন লক্ষণৰ লগতে জ্বৰ থাকিব পাৰে

কনজাংটিভাইটিছৰ চিকিৎসা
১. চকুযুৰি পৰিষ্কাৰ কৰিবলৈ আই ৱাইপহে ব্যৱহাৰ কৰিব
২. চকুযুৰি হাতেৰে মোহাৰি নাথাকিব
৩. সুৰক্ষামূলক, ডাঠ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰক
৪. কণ্টেক লেন্সৰ ব্যৱহাৰ পৰিহাৰ কৰক
৫. নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ঘৰুৱা চিকিৎসা পদ্ধতি অৱলম্বন কৰা পৰিহাৰ কৰক
৬. চিকিৎসকৰ পৰামৰ্শ লৈহে চকুযুৰিত ঔষধ ব্যৱহাৰ কৰক
৭. যদি আপোনাৰ শেহতীয়াকৈ চকুৰ অস্ত্ৰোপচাৰৰ পিছত অস্পষ্ট দৃষ্টিশক্তি, চকু জ্বলা–পোৰা কৰা বা আই ফ্লুৰ কোনো লক্ষণে দেখা দিয়ে তেন্তে শীঘ্ৰে চকু বিশেষজ্ঞৰ পৰামৰ্স লওক

কনজাংটিভাইচিছৰ প্ৰতিৰোধ
১. আপোনাৰ হাত দুখন চাবোন আৰু চেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰকৈ ধুব
২. সুৰক্ষামূলক চশমা পিন্ধিব
৩. চকুযুৰি হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাটো পৰিহাৰ কৰক
৪. পৰিষ্কাৰ পানীৰে চকুযুৰি ধুই পৰিষ্কাৰ কৰি ৰাখক
৫. আক্ৰান্ত ব্যক্তিৰ টাৱেল, ৰুমাল, বেডশ্বিট আদি ব্যৱহাৰ নকৰিব
৬. এই ৰোগৰ লক্ষণ দেখিলে কোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব
৭. পৰিৱেশ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰাখক
৮. যদি সম্ভৱ, এই ৰোগৰ পৰা আৰোগ্য নোহোৱা পৰ্যন্ত জনসমাগম হোৱা ঠাই পৰিহাৰ কৰক
৯. কেতিয়াও নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ফাৰ্মাচীৰ গৰাকীয়ে দিয়া ঔষধৰ ওপৰত নিৰ্ভৰ নকৰিব
১০. ভাইৰেল কনজাংটিভাইটিছত আক্ৰান্ত হ’লে ষ্টেৰইডযুক্ত চকুত দিয়া ঔষধ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব।

You May Also Like

More From Author