মানুহে আন্ধাৰতো সুখ বিচাৰিব পাৰে যদিহে তেওঁ নিজেই বিচাৰে ৷ যদি আপোনাৰ সংগীয়েও পোহৰত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিবিচাৰে বা পোহৰত তেওঁ নিজৰ শৰীৰটো দেখুৱাবলৈ নিবিচাৰে, তেনে ক্ষেত্ৰতো বহু কাৰণ থাকিব পাৰে । শৰীৰক লৈ অসুৰক্ষিত অনুভৱ, যৌন সম্পৰ্কীয় ভিন্ন অলাগতীয়াল কথা, শোৱনি কোঠাৰ পৰিৱেশ আৰু যৌন উত্তেজনাকে আদি হৈছে এনে কিছুমান কথা যি ইয়াৰ কাৰণ হ’ব পাৰে ।
বহু মহিলাই তেওঁৰ নিজৰ শৰীৰটো যিধৰণৰ হয় তেনেদৰেই গ্ৰহণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয় । নিজৰ শৰীৰটোৰ বিষয়ে এই অসুৰক্ষিত মনোভাৱ হৈছে সংবাদ মাধ্যমৰ উপহাৰ, যিয়ে আদৰ্শ শৰীৰ সম্পৰ্কত এখন ভুল আৰু অবাস্তৱ ছবি তৈয়াৰ কৰে ।
আপোনাৰ পত্নীয়ে পোহৰত সহবাস কৰিবলৈ অস্বীকাৰ কৰাৰ এটা কাৰণ হ’ব পাৰে যে তেওঁ নিজৰ পেট আৰু ওলমি পৰা স্তন আৰু নিজৰ শৰীৰৰ একে ধৰণৰ অন্যান্য অভাৱৰ সৈতে সহজ অনুভৱ নকৰে । অন্যথা পোহৰত তেওঁ নিজকে কম চেক্সী অনুভৱ কৰি আছে । কিন্তু অতি দুখৰ বিষয় যে অধিকাংশ মহিলাই নাজানে যে পুৰুষে এই সৰু সৰু কথাবোৰৰ নজৰ নকৰে ।
তেনেস্থলত আপুনি আপোনাৰ সংগীৰ শৰীৰৰ গঠনৰ প্ৰশংসা কৰি তেওঁক সহায় পাৰে আৰু তেওঁক ক’ব পাৰে যে কেনেদৰে তেওঁৰ শৰীৰলৈ চাই আপুনি উত্তেজিত হৈ পৰে আৰু যদি আপুনি অধিক স্পষ্টকৈ চাবলৈ পাব তেন্তে ইয়ে আপোনাক আৰু অধিক উত্তেজিত কৰি তুলিব ।
এনে কথাই আপোনাৰ সংগীৰ আত্মবিশ্বাস বৃদ্ধি কৰিব ৷ আপোনাৰ প্ৰেম আৰু তেওঁৰ মনটো বুজি পোৱা এনে শব্দবোৰে তেওঁক আকৰ্ষিত কৰিব পাৰে । লগতে যৌন মিলনৰ সময়ত আপুনি তেওঁৰ চকুৰ সৈতে চকু থবলৈ চেষ্টা কৰিব যাতে তেওঁৰ চিন্তাবোৰ দূৰ হয় । চকুত চকু থলে তেওঁৰ বহুতো অসুবিধাই সহজ হৈ পৰিব ।
ইয়াৰ আন এটা কাৰণ হ’ব পাৰে আপোনাৰ শোৱনি কোঠাৰ এলইডি বাল্ব ৷ যিয়ে সম্ভৱতঃ ইমানেই পোহৰ দিয়ে যে ইয়ে কাকো একো অনুভৱ কৰিবলৈয়ে অনুমতি নিদিয়ে ৷ সেয়েহে বজাৰলৈ গৈ নিজৰ বাবে মমবাতি অথবা হিমালয়ান চল্ট লেম্প কিনি আনক । আপুনি আপোনাৰ কোঠাত কিছুমান ৰঙা বাল্ব লগাইয়ো পোহৰ বৃদ্ধি কৰিব পাৰে । ছালৰ ওপৰত ইয়াৰ পোহৰে ইয়াক অধিক চেক্সী কৰি তোলে । এই পৰিস্থিতিতো সংশোধন কৰাৰ এই সকলোবোৰেই হৈছে সহজ উপায়।
আনফালে এইবোৰৰ বিপৰীতে এয়াও হ’ব পাৰে যে আপোনাৰ পত্নীয়ে আন্ধাৰত অধিক যৌন সম্ভোগ ভালকৈ উপভোগ কৰিব পাৰে । বহু লোকৰ বাবে পোহৰ এক বাধা হৈ পৰে, তেওঁলোকে এনে বস্তুবোৰ এৰাই চলিব লাগিব যাতে তেওঁলোক বিচলিত হৈ নপৰে ।
লগতে ক’ব পাৰি যে যেতিয়া আমাৰ এটা ইন্দ্ৰিয়ৰ পথ অৱৰুদ্ধ হয়, তেতিয়া আন ইন্দ্ৰিয়বোৰ সক্ৰিয় হৈ পৰে। সেয়েহে, যেতিয়া তেওঁ দেখিবলৈ অক্ষম হয়, সেইসময়ত স্পৰ্শ কৰিবলৈ অধিক সংবেদনশীল হৈ পৰে। যদি এনে হয়, তেন্তে আপুনি তেওঁৰ চকু বন্ধ কৰা খেলবোৰ কৰিব পাৰে । কেইটামান মমবাতি জ্বলাই লওক যাতে আপুনি তেওঁৰ শৰীৰ চাব পাৰে আৰু তেওঁৰ চকু ঢাকি দিয়ক যাতে তেওঁলোকে একো দেখা নাপায় । ইয়াৰ দ্বাৰা দুয়ো লাভান্বিত হ’ব ।
এই তথ্যবোৰৰ আধাৰত, আপুনি আপোনাৰ সংগীৰ পৰা জানিবলৈ চেষ্টা কৰক যে তেওঁৰ ক্ষেত্ৰত এই বিষয়বোৰৰ কোনটো কাৰ্যকৰী হ’ব আৰু সেই অনুসৰিয়েই আপুনি ইয়াক সমাধানৰ চেষ্টা কৰক .