আকাশ ট্ৰেইনৰ ছিটত নিৰ্জীৱ মূৰ্তিৰ দৰে বহি আছে। তাৰ এই ২০ ঘণ্টাৰ যাত্ৰাত সি কাৰো লগত কথা পতা নাছিল( Storyboard )। আকাশে যেতিয়া ষ্টেচনত নামিলে তাৰ চকু প্ৰথমে ৱালত লাগি থকা দিছপ্লে বৰ্ডত পৰিল, যত সৰু সৰু ৰঙা লাইটেৰে লিখা আছিল –
…..দিল্লীলৈ আপোনাৰ স্বাগতম….
দীঘল উষাহ এটা টানি লৈ আকাশে তাৰ বেগটু হাতত লৈ ষ্টেচনৰ পৰা বাহিৰলৈ ওলালে। নতুন ঠাইলৈ অহা আৰু নতুন ঠাইত এডমিছন লোৱাৰ বাবে তাৰ মুখত কোনো ফুৰ্তি নাছিল।হয়তো আকাশৰ এই উদাসতাৰ কাৰণ নন্দিনী।
সেইজনী ছোৱালী যিয়ে আকাশৰ লগত গুৱাহাটীৰ স্কুল চেণ্ট মেৰিজত পঢ়িছিল। সেইজনী ছোৱালী যাক আকাশে বহুত ভাল পাইছিল।
আকাশে তাৰ বেগৰ বুজা লব পৰা নাই। তাৰ বেগত তাৰ সকলো দৰকাৰী বস্তুৰে ভৰি আছিল। বিজ্ঞানী হৈ অস্থমা ৰোগৰ ঔষধ বনাই ৰোগীক চিকিৎসা কৰাৰ সপোন লৈ আকাশে ঘৰৰ পৰা ইমান দূৰত , দেশৰ আটাইতকৈ ভাল ফাৰ্মাচীওটিকল ৰিচাৰ্ছ চেণ্টাৰ এম. ডি. কলেজত পঢ়িবলৈ আহিছে।
আকাশৰ দুটা বেগত তাৰ সকলো কাপোৰ, কিতাপ , থাকি লবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন সেই সকলোবোৰ আৰু লগতে মাকে দি পঠিওৱা লাড়ু, পিঠা আছিল। এই দুটা বেগ সি যেনে তেনে দাঙিব পাৰিছিল যদিও ৩ নম্বৰ বেগটো বহুত গধুৰ আছিল , আৰু নহবনো কিয় তাত নন্দিনীৰ স্মৃতি জড়িত আছিল।আকাশৰ সেই মধুৰ, অবুজন প্ৰেমৰ স্মৃতিবোৰ আছিল। আকাশে বেগটো গুৱাহাটীতে থৈ আহিব খুজিছিল কিন্তু বেগটো যেন আকাশৰ লগত জোৰকৈ আহিল।
যেনে তেনে ষ্টেচনৰ পৰা বাহিৰলৈ ওলোৱাৰ পাছত কাকো একো সুধিব লগা নহল। এডমিচনৰ সময় আছিল বাবে বাহিৰত ৰিক্সাৱালা এজনে জোৰেৰে চিঞৰি আছিল…
‘ এম. ডি. কলেজ ২০ টকা , এম. ডি. কলেজ ২০ টকা ‘
‘ ইয়াত পঢ়িবলৈ আহিছা?’ ৰিক্সাৱালা জনৰ কথাষাৰ শুনিও আকাশে নুশুনাৰ ভাও জুৰিলে কাৰণ সি তাৰ অসফল প্ৰেমত দুখী হৈ আছিল।
‘ আজি বহুত জোৰেৰে বৰষুণ দিব যেন পাওঁ, চিন্তা নকৰিবা মাত্ৰ ১০ মিনিটত গৈ পাম।’
আকাশে প্ৰথমবাৰ তেতিয়া নন্দিনীৰ চকুলৈ চাইছিল। কাজলসনা দুচকুএদি চকুলো নিগৰি আহিছিল। এনেকুৱা লাগিছিল যেন ডাঠ পাহাৰৰ মাজেৰে এখন নৈ বৈ আহিছে।
‘কোৱা না’ আকাশে আকৌ সুধিলে।
“আকাশ মোৰ এনেকুৱা লাগে যে বিজ্ঞান বিভাগটো লব নালাগিছিল।মই ফেইল হৈ যাম , মই একোৱেই নাজানো।” নন্দিনীয়ে চকুলো মোহাৰি কলে।
” চোৱা ,আমিতো ইজনে আনজনক ভালকৈ চিনি নাপাওঁ কিন্তু যদি তুমি বিচৰা মই তোমাক সহায় কৰিব পাৰিম। স্কুল শেষ হোৱাৰ পাছত মই তোমাক সদায় পঢ়াই দিম। মায়ে কয় কাৰোবাক সহায় কৰিলে মনত বহুত শান্তি পোৱা যায়।” আকাশে গম পোৱা নাছিল সি যি সহায়ৰ বাবে হাত আগবঢ়াইছে সেইটোৱে তাৰ সকলো সুখ, শান্তি কাঢ়ি নিব।
গুৱাহাটীৰ চেণ্ট মেৰিজ স্কুলখন লিচুৰে ভৰি আছিল। তাত অনবৰতে লিচুৰ গোন্ধ আহিছিল। স্কুলৰ চাদৰ ওপৰৰ পৰা পাহাৰ দেখিব পোৱা গৈছিল।
ৰাস্তাত আহি থাকোঁতে আকাশে দিল্লী চহৰৰ কোনো গলি, দোকান বজাৰত চকু নিদিলে। সি এইটোও মন নকৰিলে তাৰ নতুন কলেজ , হোষ্টেল সেউজীয়া ৰঙৰ যিটো ৰঙ সি বহুত বেয়া পাইছিল। তাৰ পাচত সি তাৰ বেগবোৰ লৈ বাকী থকা কাগজৰ কামবোৰ কৰি তাৰ ৰুমলৈ গুচি গল। যদি সি দুখে ভাগৰে আহি অলপ জিৰাই লৈ গা ধুব গল হয় তেতিয়া তাৰ কাৰণে ভাল আছিল কিন্তু সি সেইটো নকৰি প্ৰথমে স্মৃতিৰে ভৰি থকা বেগতো খুলি বহি ললে।
নন্দিনী আৰু আকাশ ক্লাছ১১ত একেলগতেই পঢ়িছিল। লাজকুৰীয়া আকাশে প্ৰথমে কাৰো লগতেই কথা নাপাতে কিন্তু যিদিনা সিহঁত দুয়োটা একেলগে বহি আছিল , সেইদিনা সি নন্দিনীৰ লগত কথা পাতিবলগীয়া হল। সেইদিনা সি নন্দিনীক মনে মনে কান্দি থকা দেখিছিল। কিয় কান্দিছা বুলি সি সুধিলে। নন্দিনীয়ে তাৰ কথাত গুৰুত্ব নিদিলে। ১৫ বচৰ বয়সতো তাইৰ মনটো ডাঙৰ হোৱা নাছিল। তাইৰ এতিয়া প্ৰেম ভালপোৱাত একো মন নাছিল। তাই মাক দেউতাকৰ লগত বাহিৰত ফুৰিবলৈ গৈ, লগৰৰ লগত খেলি , নতুন নতুন বস্তু খাবলৈ ভাল পাইছিল। কান্দি থকা দেখি আকাশে মানৱতাৰ খাতিৰত তাইক সুধিছিল। “নাই একো হোৱা নাই” নন্দিনীয়ে উত্তৰ দিলে।
সেই ১৫ বছৰীয়া কুমলীয়া বয়স , মৰমলগা সপোন দেখা আজলী ছোৱালী জনীক আকাশে যেতিয়া পঢ়োৱাইছিল সি অনুভৱ কৰিছিল এই সকলোবোৰ লগ হৈ তাৰ এই অকণমানি মনটোক লাহে লাহে ডাঙৰ কৰিছে । সেই মধুৰ সময়, যি সময় আমাৰ সকলোৰে জীৱনত আহে সেই সময় তাৰ জীৱনলৈও আহিছিল।
আকাশৰ প্ৰথমবাৰৰ বাবে প্ৰেম হৈছিল। সি নিজেই পঢ়ি পঢ়ি আৰু নন্দিনীক পঢ়োৱাই থাকোতে কেতিয়ানো তাইৰ প্ৰেমত পৰিলে সি গমেই নাপালে। যেনেদৰে প্ৰথম ভালপোৱাত সকলোৰে লগত হয় ঠিক তেনেকৈ আকাশৰ লগতো হল। সি লুকাই লুকাই নন্দিনীক ক্লাছত চাই থাকিব ললে। এদিন যেতিয়া তাৰ ক্লাছৰ সহপাঠী সৌৰভে তাক সুধিলে..’ তই নন্দিনীক পছন্দ কৰ ন? সকলো সময়তে তাইক চাই থাক। তই যদি কৱ মই কথা পাতি দিওঁ নিকি তাইৰ লগত?’
‘ তেনেকুৱা একো নাই অ’ আকাশে মিছা মাতিলে।
এদিন আকাশে নন্দিনীক অপূৰ্বৰ লগত খুব হাঁহি কথা পাতি থকা দেখিলে । সি সিহঁতক দেখি ইমানেই জ্বলিছিল , যদি সেই সময়ত ৰুটি বেলি তাৰ ওপৰত দি থোৱা হলে একদম ধুনীয়াকৈ সেকিব পৰা গল হয়।
সি হিংসাত নজ্বলিনো কি কৰিব। আজি ২ বছৰ দিনে নন্দিনীৰ পৰা এনেকুৱা কোনো সংকেত পোৱা নাই যে সি নন্দিনীক তাৰ মনৰ কথা খুলি কবলৈ সাহস পাব।
আকাশ দোমোজাত পৰিল। তাৰ হায়াৰ চেকেণ্ডাৰীৰ(১২) শিক্ষা শেষ হৈছিল আৰু সি এম. ডি. কলেজত এডমিছন পাইছিল। সি জোৰ কৰাৰ কাৰণে নন্দিনীয়েও এম. ডি. কলেজৰ ফৰ্ম পুৰাইছিল। কিন্তু তাই কম নম্বৰ পোৱা কাৰণে এডমিছন লব নোৱাৰিলে। সেইদিনা ঘৰত সকলো বহুত ফুৰ্তিত আছিল। দেউতাকে সকলোৰে কাৰণে গোলাব জামুন আনিছিল । পৰিয়ালৰ সকলোৱে, বন্ধু বৰ্গই আকাশক ফোন কৰি শুভেচ্ছা দিছিল। দেউতাকে অহা সপ্তাহৰ ট্ৰেইনৰ টিকেতো কৰি দিলে কিন্তু আকাশৰ যাবলৈ অলপো মন নাছিল। সি নন্দিনীৰ লগত থাকিব বিচাৰিছিল।সি এতিয়া দিল্লী যাব খোজা নাছিল। সি বহুত ভয় কৰি আৰু সোনকালে নন্দিনীক তাৰ মনৰ কথা কোৱাৰ সিদ্ধান্ত ললে।
গুৱাহাটীত এটা দুপৰীয়াত সিহঁত লগ হল। আকাশে কিবা কবলৈ লোৱাৰ আগতেই নন্দিনীয়ে কলে ,’ মই বহুত সুখী যে তুমি নিজৰ পছন্দৰ কলেজত পঢ়িবলৈ সুবিধা পাইছা। কিন্তু মই তাতকৈ বেছি সুখী কিয় জানা , দেউতাই মোৰ এডমিছন আমেৰিকাত কৰাই দিছে। মই তালৈ যামগৈ । তাতে পঢ়িম আৰু একেবাৰে তাতেই থাকিম। মই বহুত সুখী আকাশ।’
আকাশক এৰি যোৱাৰ বাবে তাইৰ মনত অকণমানো দুখ নাছিল। আকাশৰ চকুত নন্দিনীৰ মনটো আজিও সেই ২ বছৰ আগৰ দৰেই হৈ আছে। তাইৰ মনত প্ৰেমৰ দৰে অনুভূতিয়ে ঠাই পুৱাই নাছিল।
আকাশে গম পাইছিল যে সি এতিয়া প্ৰেমৰ প্ৰস্তাৱ ৰাখি একো লাভ নাই। কাকো একো নোকোৱাকৈ সি তাৰ ভগা হৃদয়েৰে দিল্লীলৈ বুলি ট্ৰেইনত উঠি গল। কলেজ আৰম্ভ হবলৈ আৰু ৩ দিন বাকী আছিল। হোষ্টেলৰ কোঠাত অকলে বহি আকাশে তাৰ সেই ভালপোৱাক দোষী আছিল । সি বুজিবলৈ চেষ্টা কৰিছিল তাৰ সেই মনৰ ভাৱবোৰৰ নাম কি ? সেইয়া ভালপোৱা আছিল নে লৰালি নে আকৰ্ষণ? কি আছিল সেই অনুভূতিবোৰ যিয়ে তাক ইমান দুখ কষ্ট দিছে। তাৰ ভালপোৱাৰ প্ৰতি খঙটো উঠি আছিল আৰু ৰূমটোৰ দেৱালত অঁকা সেউজীয়া ৰংটোৱে জ্বলা জুইত ঘিউ ঢলাৰ কাম কৰিলে। সি খঙত বিশেষ একো কৰিব নোৱাৰিলে, তাৰ মাজত ইমান সাহস নাছিল। দুৰ্বল মানুহৰ দৰে সি তাৰ খং দেখুৱাবলৈ ৩ দিনৰ কাৰণে মেছলৈ খাবলৈ নগল আৰু কাৰো লগত কথা নাপাতিলে।
দিল্লীত দ্বিতীয় দিনাৰ ৰাতিপুৱা আছিল। পিছনিশা হোষ্টেলত আকাশৰ টোপনি অহা নাছিল। গৰম বহুত আছিল কিন্তু সি গমেই নাপালে যে ফেনখন লাহে লাহে ঘূৰিছিল। দ্বিতীয়দিনা সি জোখতকৈ সোনকালেই কলেজলৈ আহিল।
২ ঘণ্টাৰ পাছত আকাশে কলেজৰ দ্বিতীয় মহলাত অকলে থিয় হৈ খেলপথাৰৰ মানুহৰ জুমটো চাই আছিল। স্কুলৰ স্মৃতিবোৰ এৰি কলেজৰ স্বাধীনতাবোৰ পাবলৈ সকলোৰে মুখত হাঁহি দেখিবলৈ পোৱা গৈছিল। প্ৰথমে চিনাকী পৰ্ব হল আৰু তাৰ পাছত ক্লাছ আৰম্ভ হল।
কলেজৰ প্ৰথম সপ্তাহতেই আকাশে নিজক পঢ়াত নিয়োজিত কৰিলে। সি মন ডাঠ কৰি ভাবি ললে যে সি ঔষধ বনাব আৰু প্ৰেম ভালপোৱাৰ নাম শুনিলেই খং উঠিব ধৰিলে । দুসপ্তাহ পাৰ হৈ গল কিন্তু সি এতিয়ালৈকে কাৰো লগত কথা পতা নাই আৰু কোনো বন্ধু বনোৱা নাই। কিন্তু অলপ সম্পৰ্ক সেই ছোৱালীজনীৰ লগত হৈছিল যিয়ে আহি সদায় ক্লাছত তাৰ লগতেই বহিছিল ।
তাই পৰিচয় পত্ৰ খনত নামটো ৰেখা দেখা পাইছিল সম্ভৱ আকাশে।
ৰেখা বহুত দুষ্ট আছিল। কলেজ আৰম্ভ হোৱাৰ ৩ দিন পাছত আকাশে যেতিয়া গীতা বাইদেউৱে বৰ্ডত লিখা প্ৰশ্ন এটা পঢ়ি আছিল হঠাৎ তাৰ হাতত এক কোমল পৰশ অনুভৱ হল। ডিঙি বেঁকা কৰি চাই দেখিলে ৰেখাই কিবা এটা ইংগিত দিব বিচাৰিছে সম্ভৱ তাইৰ বহিখনৰ শেষৰ পৃষ্ঠাত যি লিখা আছিল সেয়া দেখুৱাব খুজিছে। ( Storyboard )
” তুমি মুখেৰে কথা পাতিব নাজানা নিকি? তিনিদিনৰ পৰা আমি একেলগে বহি আছোঁ কিন্তু আজিলৈকে কথা পতা নাই।”
আকাশে লিখাখিনি পঢ়ি ৰেখাক চকু ডাঙৰ কৰি দেখুৱালে। সি যেন কব খুজিছে মোক দিগদাৰ নিদিবা । সি আকৌ ব্লেকবৰ্ডৰফালে মুখ ঘূৰালে।
আচলতে সি ৰেখাৰ লগত বন্ধুত্ব কৰিব খোজা নাছিল। তাৰ অন্তৰত নতুন বন্ধুৰ কাৰণে ঠাই খালি নাই। হাজাৰ চেষ্টাৰ পাছতো সি নন্দিনীক পাহৰিব পৰা নাছিল। নন্দিনীয়ে কোনো ভাড়া নিদিয়াকৈ তাৰ অন্তৰত জোৰকৈ সোমাই আছিল। ক্লাছত যেতিয়াই সি অকলে বহি থাকে নন্দিনীৰ নামটো বহিত কেতিয়াবা সৰু, ডাঙৰ আৰু কেতিয়াবা ফুল আঁকি সজাই দিছিল। আবেলি কলেজৰ পৰা হোষ্টেললৈ অহাৰ পাছত যেতিয়ালৈকে টোপনি নাহে সি দুখ লগা গান শুনি সময় পাৰ কৰিছিল। সেইটো গান যিটো গান সকলোৱে অন্তৰ ভাগিলে শুনে “তৰপ তৰপ কে ইচ্ দিল চে, জীনদেগী মে কভি কুই আয়েনা ৰববা।” প্ৰেমিকৰ কাৰণে গানৰ কিবা অভাৱ আছে জানো।
এদিন যেতিয়া শৰ্মা চাৰে পঢ়াই আছিল ‘ হাইড্ৰক্লৰিক এচিডৰ পৰা ইমান গোন্ধ আহে এইটো কম কৰিব নোৱাৰিনে?’ আকাশে ছাৰৰ কথাষাৰ নিজৰ সুৰত লিখিলে ,’ কিয় মোৰ তোমালৈ ইমান মনত পৰে নন্দিনী? এইবোৰ কম কৰিব নোৱাৰিনে? ‘
ৰেখাৰ পৰিয়াল চেন্নাইত থাকে। তাইও ইয়াত আকাশৰ দৰে অকলে থাকে । পাৰ্থক্য মাথোঁ এটাই তাই নতুন বন্ধু বনাব খুজিছিল আৰু এটা নতুন সংগ বিচাৰিছিল। কাহিনীৰ ভাষাৰে কবলৈ গলে ৰেখাৰ মনটো ডাঙৰ হৈছিল আৰু কাৰোবাক ভালপোৱাৰ মনত হেপাহ জাগি উঠিছিল। এইটো ঠিক যে তাইৰ এতিয়ালৈকে কাৰো লগত প্ৰেম হোৱা নাছিল।
এদিন যেতিয়া কস্তুৰী বাইদেউৰ ক্লাছ চলি আছিল পঢ়াৰ প্ৰতি ধাউতি থকা আকাশে অভ্যাসগত তেওঁৰ কথাবোৰ মন দি শুনি আছিল।
কিন্তু ৰেখাৰ বাহিৰত হৈ থকা বৰষুণলৈ মন গৈছিল ।
‘আকাশ বলা না ‘ ৰেখাই আকৌ শেষৰ পৃষ্ঠাত লিখি আকাশক দেখুৱালে।
‘ এই ভাষণবোৰ ইমান আমনিদায়ক , বলা বাহিৰলৈ যাওঁ। চোৱাচোন বাহিৰত কিমান বৰষুণ দিছে। কেণ্টিনলৈ গৈ পকৰি খাম বলা।”
আকাশে মূৰটো লৰাই নাযাওঁ বুলি কলে । এইটো প্ৰথমবাৰ নহয় যে ৰেখাই আকাশক দিগদাৰ দিছে।যোৱা এমাহত তাই বহুতবাৰ এনেকুৱা কৰিছে। তাই কেতিয়াবা কলম , কিতাপ বিচাৰিছিল। কেতিয়াবাটো আকাশে বনোৱা নোটছবোৰ তাই বিচাৰিছিল। তাই বন্ধুত্ব গঢ়িবলৈ লাহে লাহে সফল হৈছিল। আকাশ এতিয়া অলপ কোমল মনৰ হৈছে আৰু সিও ধীৰে ধীৰে বন্ধুত্ব আৰম্ভ কৰিলে।
ৰেখা বহুত উৎপতিয়া আছিল ,তাই সকলো সময়তে ফুৰ্তিত আছিল। তাই এই নিৰ্জীৱ লৰাটোৰ( আকাশৰ) মাজত এনেকুৱা কি দেখিলে যে বন্ধুত্ব গঢ়িবলৈ ইমান চেষ্টা কৰিলে। সকলো সময়তে আকাশৰ লগত কথা পাতিবলৈ কাৰণ বিচাৰিছিল তাই। আকাশৰ অন্তৰৰ ঘাঁবোৰ এতিয়া শুকুৱা নাছিল কিন্তু ৰেখাৰ সংগই কোনো দৰবতকৈ কম কাম কৰা নাছিল। ইতিহাসৰ পুনৰাবৃত্তি ঘটিল।
ৰেখাৰ ৰসায়ন বিজ্ঞান বিষয়টোত বহুত কম নম্বৰ পালে আৰু আকাশে বেছি পালে। এদিন দুয়োতা কলেজৰ পাৰ্কত বহি আছিল।
” শুনা, আজিৰ পৰা মোক তোমাৰ হোষ্টেলৰ ৰুমত সন্ধিয়া ১ ঘণ্টাকৈ পঢ়াই দিবা নহলে মই ফেইল হৈ যাম।” ৰখাই কলে।
আকাশে দ্বিতীয়বাৰ আৰু প্ৰেমত পৰিব খোজা নাছিল কিন্তু মাকৰ সেই সকলোকে সহায় কৰিব লাগে বুলি কোৱা কথাষাৰলৈ তাৰ মনত পৰিল আৰু সি ৰেখাক পঢ়োৱাবলৈ মান্তি হল।
এদিন আকাশে পঢ়াই থাকোতে ৰেখাক কলে,’ তুমি পঢ়াত মনোযোগ দিয়া, ১ ঘণ্টাৰ পৰা চুলি কেইদাল বান্ধিএই আছাঁ যে।’
‘ চোৱাচোন মই বান্ধিবই পৰা নাই। তুমি বান্ধি ডিয়ানা প্লিজ।’ তাই খিললখিলাই হাঁহি দিলে।
এইবোৰ চলি থকা ১মাহেই হল। আকাশেও সম্পূৰ্ন চেষ্টা কৰিছিল যাতে এইবাৰ সকলো পঢ়াতেই সীমিত থাকে। কিন্তু সি ভবাৰ দৰে একো নহল। সেইটোৱেই হল যাৰ ভয় আছিল । প্ৰেমে আকৌ তাৰ মনৰ দুৱাৰত খতখটালে। আকৌ সেই প্ৰেম তাৰ জীৱনলৈ উভতি আহিছিল।
আকাশে ভাবিব ধৰিলে ‘দ্বিতীয়বাৰ প্ৰেম হোৱাটোএ কি প্ৰমাণ কৰে ? তাৰ প্ৰথম প্ৰেম সচা নাছিল নে তাৰ দ্বিতীয় প্ৰেম সঁচা নহয়? দুয়োটাই মিছা নহয়্তু? নে মই প্ৰেম কৰিব নাজানো? ‘ আকাশে গুগলত চাৰ্চ কৰি চালে ‘দ্বিতীবাৰৰ বাবে কৰোবাৰ লগত সচাঁ প্ৰেম হয় জানো?’
আকাশে হোষ্টেলত আহাৰ খাই আমনি পাইছিল।আজি হোষ্টেলৰ ৰুমত ৰেখাই ডালি ভাত ৰান্ধিছিল। আকাশে এতিয়া ৰেখাক ভাল পাব ধৰিছে। ৰেখাই দুখন প্লেট সজাই আনিলে , আকাশে ভাবিলে আজি সকলো কথা তাইক খুলি কৈ দিম।
‘ মই স্কুলত থাকোঁতে কাৰোবাক ভাল পাইছিলোঁ।’ আকাশে হঠাতে কৈ পেলালে। আকাশে কথাবোৰ কবলৈ আৰম্ভ কৰোঁতেই ৰেখাই মাজত মাত দিলে ,’ আজি ইমান মাহৰ পিছত কৈছা মোক , ইমান সময় লাগিল নে মাক বিশ্বাস কৰিবলৈ?’ কিন্তু মই এইবোৰ আগৰ পৰাই গম পাওঁ। মই তোমাক নন্দিনীৰ নামৰ মালা গাঁঠি থকা প্ৰথমেই দেখিছিলোঁ। যেতিয়া তুমি তাইৰ নাম তোমাৰ বহিত লিখিছিলা মই তেতিয়াই গম পাইছিলোঁ। মইতো এইটোও জানো যে তুমি তোমাৰ মাৰ লগত সদায় ১ ঘণ্টা কথা পতা। যিজনী ছোৱালী তোমাৰ পৰা ইমান দিন আগতেই আঁতৰি গুচি গল আজিও তাইক ইমান ভাল পোৱা নে? তেতিয়াই মই ভাবি ললোঁ যে তোমাৰ লগত বন্ধুত্ব গঢ়িম।
” সেইকাৰণে তোমাৰ দৰে ব’ৰিং লৰা এজনৰ লগত সদায় বহিছিলোঁ । মই জানিছিলোঁ তোমাৰ লগত বন্ধুত্ব কৰা পাছত তুমি কেতিয়াও এৰি নোযোৱা যেনেদৰে মোৰ দেউতাই মাক এৰি থৈ গৈছিল।”
আজি প্ৰথমবাৰ আকাশে তাইক ইমান গভীৰভাবে কথা পতা শুনিছিল। এইবোৰ শুনাৰ পাছত আকাশৰ প্লেটৰ পৰা ভাত আৰু ডালিৰ সোৱাদ নোহোৱা হৈ গল। যিজনি ছোৱালী তাৰ লগত বান্ধৱী হিচাবে এইটো কাৰণে আছে কিয়নো তাই ভাবে যে সি আজিও নন্দিনীক ভাল পাই। যদি সি ৰেখাক কয় যে নন্দিনীৰ প্ৰতি থকা তাৰ ভালপোৱা শেষ হৈছে আৰু সি এতিয়া ৰেখাক ভাল পাব ধৰিছে , তেন্তে তাইতো জীৱনত দ্বিতীয়বাৰ আৰু তাৰ মুখেই নাচাব।
কমলা ৰঙৰ টপ আৰু ক’লা জিন্স পিন্ধা ৰেখাই কলে,’ ঠিক আছে মই এতিয়া হোষ্টেল যাওঁ , কাইলৈ ক্লাছত লগ পাম। বাহিৰত বতৰ বেয়া হৈ আহিছে।’
দিনৰ ৩ বাজিছিল , কিন্তু ক’লা মেঘে দিল্লী চহৰখন ঢাকি পেলাইছিল আৰু ৰেখা যোৱাৰ পিছতেই বৰষুণ দিলে।
আকাশে বৰষুণত তিতি হোষ্টেলৰ বাহিৰত জামুক গছৰ তলত বহি আছিল। সি ভাবিলে তাৰ দ্বিতীয় প্ৰেমও আধৰুৱা হৈ ৰল। সেইদিনাৰ পাছত সি ৰেখাৰ লগত কথা পতা বন্ধ কৰি দিলে।
ৰেখাৰ কাৰণে তাৰ ভালপোৱা ইমান বাঢ়ি গৈছিল যে যদি সি তাইৰ লগত কথা পাতে সি লুকুৱাব নোৱাৰিব। এনেকৈ ১৫ দিন মান চলিল।
এদিন অঞ্জলি বাইদেউৰ ক্লাছ চলি আছিল । আনদিনৰ দৰে সি আজিও মনোযোগ দি শুনি আছিল । হঠাৎ , তাৰ চকু ৰেখাৰ বহিত পৰিল।
” বহুত দিনৰ পৰা মন মাৰি আছা, কি হল নো?” আকাশে উত্তৰত কলে,’একো নাই এনেই’।
‘ এটা কথা শুধু , মই কেতিয়াও নন্দিনীৰ ঠাই লব নোৱাৰিম নেকি?’ তাই মোতকৈ বেছি ভাল আছিল নেকি? মই তোমাক বহুত ভাল পাওঁ আকাশ।’ কথাবোৰ পঢ়ি সি মনত যি শান্তি পাইছিল শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। ৰেখাৰ কথাবোৰ পঢ়ি তাৰ সকলো সমস্যা দূৰ হৈছিল। সি আজি বহুত সুখী আছিল । আকাশে কবিতাৰ চকুলৈ চালে , তাইৰ চকুত বহুত লাজ, অকণমান আশা , অলপ শংকা আৰু জোখতকৈ বেছি আপোনতা আছিল। আকাশ ফুৰ্তিত আছিল তেনেকুৱাতে ৰেখাই বেলেগ এখন বহিত আকাশৰ নামটো ধুনীয়াকৈ সজাই লিখি দেখুৱালে যেনেদৰে সি নন্দিনীৰ নাম লিখিছিল। আকাশেও তাৰ উত্তৰ সজাই লিখি দিলে, ” ৰেখা”।
আকাশে তাইৰ ফালে চাই আছিল আৰু বহুত কিবা কব খুজিছিল। ইফালে অঞ্জলি বাইদেউ আহিল আৰু তিনিউখন বহিত লিখাবোৰ পঢ়ি পেলালে।
” আকাশ, ৰেখা গেট আউৎ ।” আকাশে চ’ৰি কব লওঁতেই সি ৰেখাক বাহীৰলৈ ওলাই যোৱা দেখিলে আৰু সিও ওলাই গল।
” ১৫ দিন ধৰি মোৰ লগত কিয় কথা পতা নাছিলা? চিন্তা নকৰিবা মই তোমাক ইমান মৰম দিম যে তুমি নন্দিনীক পাহৰি যাবা।ব’লা আইচ ক্ৰীম খাব যাওঁ , আৰু এই লেক্সাৰতুজে শুনিলা সন্ধিয়া তোমাৰ হোষ্টেলত আহিম মোক পঢ়াই দিবা।”