চয়াবিনে কলেষ্টেৰলৰ স্তৰ শীঘ্ৰেই হ্ৰাস কৰে, শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য …

1 min read

কলেষ্টেৰল হৈছে কোষআৱৰণত পোৱা এক প্ৰকাৰৰ চৰ্বিযুক্ত, তেলেতীয়া ষ্টেৰইড যি তেজত পৰিবহন হয়। ই স্তন্যপায়ী প্ৰাণীৰ কোষ আৱৰণৰ এক অত্যাৱশ্যকীয় উপাদান। কিন্তু যদি কলেষ্টেৰলৰ স্তৰ উচ্চ হয়, ই ধ্বংসাত্মক হ’ব! হৃদৰোগ আৰু সংবহন ৰোগৰ বিপদাশংকা বৃদ্ধি কৰে! হৃদআক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকাও বহুগুণে বৃদ্ধি হয়। গতিকে সাৱধান হওক! চিকিৎসকৰ মতে, কলেষ্টেৰল হ্ৰাস কৰিবলৈ চয়াবিন আহাৰত ৰাখিব।

চয়াবিনত আইচফ্লেভিন আৰু লেচিথিন নামৰ দুটা অতি পুষ্টিকৰ উপাদান থাকে, যি হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখে। ১০০ গ্ৰাম চয়াবিনত প্ৰায় ৩০ মিগ্ৰা ফ্লেভোনইড থাকে যাক আইচফ্লেভিন বুলি কোৱা হয়। আইচফ্লেভিন আৰু লেচিথিনে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা আৰু সহনশীলতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও, আইচফ্লেভিন হৈছে এক অত্যাধিক শক্তিশালী ফাইটো-এষ্ট্ৰোজেন।

চয়াবিনত যথেষ্ট পৰিমাণে আঁহ থাকে। অধ্যয়নে দেখুৱাইছে যে চয়াবিনে এলডিএল আৰু ট্ৰাইগ্লিচাৰাইড ৩ শতাংশ হ্ৰাস কৰিব পাৰে।

গৱেষণাই কৈছে যে চয়াবিনে এইচডিএল আৰু এলডিএলৰ ভাৰসাম্য বজাই ৰাখিব পাৰে।

যিসকলৰ উচ্চ ৰক্ত চাপৰ সমস্যা আছে, যদি তেওঁলোকৰ কলেষ্টেৰল থাকে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি হয়। উচ্চ চাপৰ ৰোগীৰ ধমনীত এথেৰোস্ক্লেৰোচিছৰ বিৰুদ্ধে যুঁজ দিয়াত চয়াবিনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

You May Also Like

More From Author