চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব

1 min read

অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা, চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব

বাহনৰ গৰাকী বা চালকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। পুৰণি মেনুৱেল কাগজ–আধাৰিত লাইচেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ (RC) ডিজিটাইজড কৰিব লাগিব। আৰু ইয়াৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ ৩ মাহৰ সময়। ১ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে এই ব্যৱস্থা। আপোনাৰ সকলো মেনুৱেল পেপাৰ আধাৰিত চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ৩ মাহৰ ভিতৰত ডিজিটাইজড নকৰিলে অবৈধ বুলি গণ্য কৰা হ’ব। অসম চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা।

কেনেকৈ কৰিব আবেদন-

১. বেকলগ ডাটা অনলাইনযোগে জমা দিবলৈ www.parivahan.gov.inত অথবা আপোনাৰ নিকটৱৰ্তী SCS (কমন ছাৰ্ভিচ চেণ্টাৰ)ত আবেদন কৰক আৰু আপোনাৰ মেনুৱেল অনুজ্ঞা–পত্ৰ বা পঞ্জীয়ন প্ৰমাণপত্ৰৰ প্ৰতিলিপি আপলোড কৰক।

২. অসমৰ সংশ্লিষ্ট অনুজ্ঞা–পত্ৰ আৰু পঞ্জীয়ন কৰ্তৃপক্ষ বাছনি কৰক, যিয়ে অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰি কৰিছিল।

৩. অনুমোদনৰ পিছত ডিজিটাইজড ডাটা সাৰথি বা বাহন পৰ্টেলত উপলব্ধ কৰা হ’ব।

৪. ডাটা ডিজিটাইজেচনৰ পিছত প্ৰয়োজন অনুসৰি অনুজ্ঞা–পত্ৰ বা পঞ্জীয়ন প্ৰমাণপত্ৰ নবীকৰণ কৰক আৰু বাকী থকা কৰ, মাচুল আদি অনলাইনযোগে পৰিশোধ কৰক।

উল্লেখযোগ্য যে নিৰ্ধাৰিত তিনি মাহৰ ভিতৰত ডিজিটাইজড নকৰা মেনুৱেল কাগজ আধাৰিত অনুজ্ঞা–পত্ৰ বা পঞ্জীয়ন প্ৰমাণপত্ৰ লৈ গাড়ী চলালে মটৰ পৰিবহণ আইন আৰু নিয়মৰ বিধান অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

You May Also Like

More From Author