টেট শিক্ষক আৰু হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

1 min read

স্বাধীনতা দিৱসৰ (77th Independence Day) দিনাই টেট শিক্ষক (TET teachers) আৰু ঠিকাভিত্তিক শিক্ষকৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। সৰ্বশিক্ষা মিছনৰ অধীনত কৰ্মৰত আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব আৰু হাইস্কুলত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি স্থায়ী হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, “টেট শিক্ষকৰ নিযুক্তি অসমৰ শিক্ষা জগতত এক ৰূপান্তৰৰ ঘটনা। ২০১১ চনত মই অসমৰ শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত কেইবা হাজাৰ টেট শিক্ষকৰ নিযুক্তি দিছিলো। তাৰপিছতেই টেট শিক্ষকৰ নিযুক্তি ব্যৱস্থাই অসমৰ শিক্ষাজগতলৈ এক ৰূপান্তৰৰ স্বাক্ষৰ বহন কৰিছিল।”

মু্খ্যমন্ত্ৰীয়ে লগতে কয় যে, “আজিৰ এই ত্ৰিৰংগা পতাকাৰ তলত থিয় হৈ অসমৰ সৰ্বশিক্ষা অভিযানৰ অধীনত আৰু ষ্টেট পুলৰ অধীনত কাম কৰা সমষ্ট টেট শিক্ষকৰ চাকৰি অতি কম দিনৰ ভিতৰতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি, চৰকাৰী খণ্ডত নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি মই অসমৰ ৰাইজলৈ আগবঢ়াইছো। এইক্ষেত্ৰত অতি সোনকালে এখন কমিটি গঠন কৰি কেনেকৈ সুগম আৰু দুৰ্গম স্থান দুয়োটাতে শিক্ষকৰ উপললব্ধতা, ৰষ্টাৰ আদি দিশ সামৰি এই শিক্ষকসকলক চৰকাৰী খণ্ডত আমি যাতে নিয়মীয়া কৰিব পাৰো তাৰ বাবে আমি দৃঢ় ব্যৱস্থা হাতত ল’ম।”

You May Also Like

More From Author