- মই দিল্লীত গৈ মোৰ কব লগা খিনি কৈছিলো।
- ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাক সাক্ষাৎ কৰি তেওঁকো মই মনৰ কথা খিনি কৈছো।
- আমাৰ যি আদৰ্শ আছে/ যি আদৰ্শলৈ আমি দলত অন্তৰ্ভুক্ত হৈছিলো আৰু যি আদৰ্শক আমি শিৰোগত কৰি লৈছিলো সেই আদর্শ আমি জীয়াই থকাটো বিচাৰো।
- দলৰ নেতৃত্বই ভাল সিদ্ধান্ত লব/ দলৰ নেতৃত্বই বুজিব বুলি মোৰ বিশ্বাস আছে।
- মোৰ কোৱা খিনি কৈ থৈ আহিলো এতিয়া দলে বুজে নুবুজে তেওঁ লোকৰ কথা।
- দলত বহুত গুণী জ্ঞানী লোক আছে।
- দলটো ক্ষতি হোৱা মই নিবিচাৰো।
- সেই বাবেই মই কৈছো দলটো ক্ষতি হবলৈ গৈ আছে/ দলটো সুৰক্ষিত ৰাখক।
- দলটো সুৰক্ষিত কৰি ৰাখিলে অসমীয়া জাতিটো সুৰক্ষিত হৈ থাকিব।
- দলটো উদ্ধাৰ হব যেন মোৰ নালাগে/এই দুখটো মই অন্তৰত লৈ যাবগৈ লাগিব।
- নগাঁও বাসী আৰু নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত হিন্দু সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় হৈছে।
- মোৰ বহুত দুখ আছে আৰু সেই দুখ থাকি যাব।
- ইয়াৰ অন্তৰালত কোন আছে সেয়াও মই জানো।
- এগৰাকী বিধায়কে কেতিয়াও নিবিচাৰে যে তেওঁলোকৰ ওপৰত এজন সাংসদ থকাটো।
- কাৰণ সাংসদ গৰাকীয়ে বিধায়ক জনৰ টিকট লাভ কৰাৰ সময়ত হস্তক্ষেপ কৰিব পাৰে।
- সেই উদ্দেশ্যে তেওঁলোকে সাংসদ গৰাকীকেই নাইকিয়া কৰি দিলে।
- সাংসদ গৰাকীৰ প্ৰয়োজন আছে।
- ৰাজেন গোহাঁই সদায় সাংসদ হৈ নাথাকে।
- মোৰ চিন্তা ধাৰাৰ কোনো দাম নাই।
- দাম আছে বুলিয়েই দলটো কৰিছিলো কিন্তু একো দাম নাই।
- মই দলৰ পৰা একো বিচৰা নাই আৰু নিবিচাৰো।
- মই এতিয়া দলক সময় দিম।
- দলটোক আগুৱাই নিয়াত মই কষ্ট কৰিম।
- মই মোৰ সন্তানৰ বাবে কাৰো ভৰিত ধৰিব যোৱা নাই।
- দলৰ নেতৃত্ব আৰু অসমৰ ৰাইজে সিদ্ধান্ত লব।
- নগাঁৱৰ নিজা বাসভৱনত এইদৰে মনৰ ক্ষোভ প্ৰকাশ কৰিলে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে।