ইণ্টাৰনেট, ম’বাইলৰ শিশুৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ হ্ৰাসৰ ব্যৱস্থা হাতত লৈছে চীনে। শিশুৰ স্মাৰ্টফোনৰ ব্যৱহাৰৰ সময় হ্ৰাস কৰি মানসিক উৎকৰ্ষ সাধনৰ ব্যৱস্থা লৈছে দেশখনে। চীনৰ ইণ্টাৰনেটৰ ওপৰত চকু ৰখা সংস্থাটোৱে দৈনিক দুঘণ্টাহে শিশুৱে স্মার্টফোন ব্যৱহাৰ কৰিব পৰাৰ নিয়ম প্রণয়ন কৰিছে। বিভিন্ন ছ’চিয়েল মিডিয়া, অনলাইন গেমছত শিশু-কিশোৰে অধিক সময় ব্যস্ত থকাটো হ্ৰাস কৰাৰ বাবে এলানি নীতি-নির্দেশনা প্রকাশ কৰিছে চাইবাৰ প্ৰেছ এডমিনিষ্ট্রেচন অব চাইনাই। এই নির্দেশনামতে কোনো কিশোৰ-শিশুকেই নিশা দহ বজাৰ পৰা পুৱা ছবজালৈ ম’বাইল ব্যৱহাৰ কৰিব দিয়া নহ’ব। তাৰ লগতে ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰ-কিশোৰীয়ে দৈনিক দুঘণ্টাহে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব। ৮ ৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু-কিশোৰৰ ক্ষেত্ৰত এই সময় হ’ব দৈনিক এঘণ্টা। আঠ বছৰৰ তলৰ শিশুৰ বাবে দৈনিক ইণ্টাৰনেট-ম’বাইল ব্যৱহাৰৰ সময় নিৰ্ধাৰণ কৰা হৈছে মাথোঁ চল্লিশ মিনিট।
দৈনিক দুঘণ্টাহে স্মাৰ্টফোন ব্যৱহাৰ কৰিব পাৰিব এইখন দেশত…
Posted on by GTM Desk
1 min read