ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ। গৌৰীপুৰ এপিডিচিএল উপ–সংমণ্ডলৰ এছ ডি ই মঞ্জুৰুল হকৰ লগতে দুজন কৰ্মচাৰী দৃৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ এছ ডি ই মঞ্জুৰুল হকৰ লগতে কৰ্মচাৰী মফিদুল হক, ৰফিকুল হক সন্ধিয়া দুমৰদহ গাঁৱলৈ গৈছিল।
অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে এছ ডি ই গৰাকীয়ে অঞ্চলটোত অভিযান চলাই পাঁচটাকৈ বৈদ্যুতিক মটৰ জব্দ কৰে। অভিযান অব্যাহত ৰখাৰ সময়তে উক্ত অঞ্চলৰে আশ্ৰাফ আলী, মজিদুৰ শ্বেখ, আফিজুৰ ৰহমান, হাফিজুৰ, নুলু আদিকে ধৰি একাংশ লোকে এছ ডি ই আৰু কৰ্মচাৰীসকলক লাঠিৰে আক্ৰমণ কৰে।
ফলত তিনিওজন লোক গুৰুতৰভাৱে আহত হয়। তিনিওকে ততালিকে গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত স্থানীয় গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীৰ দল এটা ঘটনা স্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইপিনে অসম ষ্টেট পাৱাৰ ৰ্ৱাকাৰ ইউনিয়নে নিশাই প্ৰতিবাদ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়।