ফেচবুকত সুন্দৰী যুৱতী দেখি ভুল নাযাব! আপুনিও পৰিব পাৰে যুৱতীৰ প্রৱঞ্চনাৰ জালত

1 min read

সহজ ধন ঘটাৰ হাবিয়াসত একাংশ লোকে প্ৰৱঞ্চনাৰ জাল পেলাই লুটি আহিছে বহু যুৱক-পুৰষক। তেনে এক কাহিনীৰে পুনৰাবৃত্তি হ’ল মহানগৰীত। প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা এই প্রৱঞ্চনাৰ জালত এইবাৰ ভৰি দিলে এজন যুৱকে। তাৰপাছত কাষ চাপিল আৰক্ষীৰ।

ছচিয়েল মিডিয়াত এই ভুক্তভোগী যুৱকজনে এই সমগ্ৰ বিষয়টোৰ ওপৰত লিখিলে এইদৰে-

“মই কিছুদিন পূৰ্বে ফেচবুকত সুন্দৰী যুৱতী নিউজ এটা শুনিছিলো ৷ সেইদিনা ভুক্তভোগী যুৱকজন নগাঁও আছিল ৷ আজি সেই same কাহিনি মোৰ লগত ও হল। মোৰ একাউণ্ট হেক কৰিছে আৰু ব্লেকমেইল কৰিছে ৷ সেই যুৱতী গেংগটো কলকতা , জয়পুৰ , মুম্বাই, হায়দৰাবাদৰ বহিঃৰাজ্যৰ এই যুৱতীৰ গেংগটোত আছে যুৱকো ৷ সিহঁতে এনেকোৱা এটা ছফটৱেৰ ব্যৱহাৰ কৰে আপোনাৰ একাউণ্টৰ মেছেঞ্জাৰত মেছেজ দিব তাৰ পাছত আপুনি ৰিপ্লাই দি যদি কথা পাতে তেনে সিহঁতৰ পৰা হঠাৎ ভিদিউ কল আহিব আৰু বিপৰীত দিশত এগৰাকী যুৱতী উলংগ হৈ দিব এনেকৈ সিহঁতে ব্লেকমেইলে টকা হৰলুকি কৰি আছে ৷ সেয়ে সকলোৱে সাৱধান থাকক ৷ ইতিমধ্যে মই দিছপুৰ আৰক্ষীৰ লগত কথা পাতিছো ৷ সিহঁতে যি ছফটৱেৰ ব্যৱহাৰ কৰে আপুনি আপোনাৰ হোৱাটছ আপ নম্বৰ নিদিয়াকৈ সিহঁতে পাই যায় ৷ সিহঁতে কেৱল যুৱককে নহয় বিবাহিত মহিলা লগতে যুৱতী সকলকো টাৰ্গেট কৰে ৷ সেই সকলো সাৱধান হওঁক।”

You May Also Like

More From Author