দিল্লীযাত্ৰাৰ পূৰ্বে নগাঁৱত বিয়লি বহু বিস্ফোৰক মন্তব্য আগবঢ়াই থৈ গ’ল ৰাজেন গোহাঁইয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজেন গোঁহাইলৈ সাতবাৰকৈ ফোন কৰি অমিত কুমাৰ শ্বাহক সাক্ষাৎ কৰিবলৈ কোৱাৰ পিছত দেওবাৰে বিয়লি তেওঁ দিল্লী অভিমুখে ৰাওনা হৈছে নগাঁৱৰ বাসগৃহৰ পৰা ।
দিল্লী যাত্ৰাৰ প্ৰাকক্ষণত প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উজাৰিলে বহু ক্ষোভ । সাংসদ গোঁহাইৰ হুংকাৰ – মই যদি মুখ খোলো তেন্তে জুই লাগিব । ৰাজেন গোঁহাইয়ে কাৰো ধমকিলৈ ভয় নকৰে।
জয়ন্ত মল্লৰ দৰে ফুলকুমলীয়া ল’ৰাই মোক অপমানিত কৰাৰ সাহস কাৰ পৰা পাইছে ?মুখ্যমন্ত্ৰীৰ সোঁফালে আৰু বাওঁফালে কোন থাকে ? লগতে বিজেপি নেতা গোহাঁইয়ে উল্লেখ কৰে যে বিজেপি কাৰ্যালয়ৰ পৰা তেওঁক ডিঙিত ধৰি গতিয়াই দিবলৈ দিয়া নিৰ্দেশ কথা ৷ এনেদৰেই দিল্লী যাত্ৰাৰ সময়ত নগাঁৱত ক্ষোভ উজাৰিলে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইয়ে ।