বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ পাছতে জ্বলি উঠিছে হাৰিয়ানা…

1 min read

সোমবাৰে বিজেপি শাসিত হাৰিয়ানাৰ নোহ জিলাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এই পৰ্যন্ত ৪ জনকৈ লোকৰ মৃত্যু হৈছে। এই চাৰিজন লোকৰ ভিতৰত আছে দুজন হোমগাৰ্ড, এজন ইমাম আৰু এজন সাধাৰণ নাগৰিক।

ইয়াৰে ইমামগৰাকীৰ মৃত্যু হৈছে গুৰগ্ৰামত। নিহত ইমামগৰাকীৰ সৈতে আন এগৰাকী ব্যক্তিক সোমবাৰে নিশা নিৰ্মীয়মান এটা মছজিদৰ বাহিৰত এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল। ৩/৪ জনীয়া দুৰ্বৃত্তৰ দলটোৱে ইমাম মহম্মদ শ্বাদ আৰু খুৰশ্বিদ নামৰ লোকজনক লাঠিৰে আক্ৰমণ কৰি প্ৰহাৰ কৰিছিল।

খুৰশ্বিদ নামৰ লোকজনৰ বৰ্তমানৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে ইমাম মহম্মদ শ্বাদৰ আক্ৰমণৰ সময়তে মৃত্যু হৈছে। উল্লেখ্য যে, সোমবাৰে হাৰিয়ানাৰ নোহত বিশ্ব হিন্দু পৰিষদে এক ৰেলী বাহিৰ কৰিছিল। ৰেলীৰ সময়তে আন এটা গোটে এই ৰেলী বাহিৰ কৰা লোকসকলক বাধা দিবলৈ চেষ্টা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা।

দুই পক্ষৰ মাজত শিল দলিয়া-দলি হোৱাৰ উপৰিও অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হয়। তাৰ মাজতে একাংশ দুৰ্বৃত্তই নোহৰ গোৰখনাথ মন্দিৰত আক্ৰমণ কৰি মন্দিৰটোৰ পূজাৰীগৰাকীক প্ৰহাৰ কৰাৰ লগতে এখন মটৰ চাইকেলত অগ্নিসংযোগ কৰে।

পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু প্ৰায় ৩৫ খনকৈ বাহনত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হয়। নোহত সংঘটিত হোৱা এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হয়।

সোমবাৰৰ এই হিংসাত্মক ঘটনাৰ পাছতে আৰক্ষীয়ে শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ এক্সন আৰম্ভ হৈছে। নোহত কাৰ্ফিউ জাৰি কৰাৰ লগতে সমগ্ৰ জিলাখনৰ প্ৰৱেশ পথসমূহ চীল কৰি দিয়া হৈছে।

বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। জিলাখনত আৰক্ষী আৰু পেৰামেলিটেৰীৰ ১৫ টা কোম্পানীয়ে তহল দি থকাৰ উপৰিও আন আন জিলাৰ পৰাও আৰক্ষী বাহিনীক নোহলৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে কোনোধৰণৰ যাতে অপপ্ৰচাৰ নহয় তাৰ বাবে ২ আগষ্টলৈকে ইণ্টাৰনেট কৰ্তন কৰা হৈছে। সমান্তৰালকৈ গুৰগ্ৰাম আৰু ফৰিদাবাদত স্কুল, কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে।

সোমবাৰৰ ঘটনাত প্ৰায় ১৫ জন আৰক্ষীৰ লোক আহত হৈছে। এই হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পাছতে কেইবাঘণ্টা ধৰি ৰাজপথত বাহনসমূহ আৱদ্ধ হৈ পৰে। প্ৰাণ ৰক্ষা কৰিবলৈ বহু লোকে ৰাজপথতে বাহন এৰি পলায়ন কৰে।

এনে বহু বাহনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। ইফালে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে উল্লেখ কৰা অনুসৰি হিংসাত্মক ঘটনাৰ সময়ত প্ৰাণ ৰক্ষা কৰিবলৈ এটা মন্দিৰত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় ২৫০০ লোকক আৰক্ষী, সুৰক্ষা বাহিনীৰ সহয়াত বাহিৰলৈ উলিয়াই অনা হৈছে।

তেওঁলোকৰ ভিতৰত আছে পুৰুষ, মহিলাকে ধৰি বহু শিশুও। হিংসাত্মক ঘটনাৰ সময়ত এই লোকসকলে প্ৰাণ ৰক্ষা কৰিবলৈ এইদৰে মন্দিৰটোত আশ্ৰয় গ্ৰহণ কৰিছিল। ইফালে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে।

You May Also Like

More From Author