আজি বিহালীত বিশ্বনাথ জিলা আপকুৰ বিহালী বিধানসভা সমষ্টিৰ বিষয়ববীয়া সকলৰ উদ্যোগত আসাম প্ৰেছ কৰেছপণ্ডেন্টট ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিষ্ঠাপক সভাপতি, সমাজহিতৈষী, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত,
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত ৰাজ্যৰ অন্যতম জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া পৰলোকগামী হোৱা তৃতীয় দিনা তেখেতক স্মৰণ কৰি এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ন কৰা হয় । অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৰগাংস্থিত বাছ আস্থান প্ৰাংগনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা সমিতিৰ সহকাৰী সম্পাদক অম্লান কাশ্যপ চাহাই আঁত ধৰা কাৰ্যসূচীৰ আৰম্ভণিতে
বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰণিতা ৰায় ভূঞাই । অনুষ্ঠানত, বিহালী আঞ্চলিক সাংস্কৃতিক মহাসভাৰ সভাপতি ডিম্বেশ্বৰ গোস্বামী, সম্পাদক মঃ খাদেম আলী, বৰগাং শাখা সাহিত্য সভাৰ সম্পাদক তৰুণ দাস, বিহালী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ভুৱন লুইটেল, উপ-সভাপতি খগেন মটক, সদস্য ত্ৰিদিপ দাস,
অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক সিংহজিৎ হাজৰিকা,
আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ বিষয়ববীয়া অজিৎ কুৰ্মী, বিহালী আঞ্চলিকৰ সভাপতি পবন বাউৰী, সহ সম্পাদক বুলেন গোৱালা, সদস্য উইলিয়াম প্ৰজা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল বনিয়া, আঞ্চলিকৰ বিষয়ববীয়া চন্দন দাস, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলাৰ সহ সম্পাদক মিন্টু বৰা, এন.এচ.ইউ আইৰ সুশান্ত সিং ৰাজপুত, স্থানীয় যুৱক বিপুল তামুলী, চহিদুৰ ৰহমান, নৃপেন ওৰাং আপকুৰ বিশ্বনাথ জিলাৰ মুখ্য উপদেষ্টা অমিতাভ বৰুৱা সদস্য মৃণাল অধিকাৰী, কৰণ শইকীয়া উপস্থিত থাকে । উক্ত অনুষ্ঠানত মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰাৰ পিছতে তেখেতৰ স্মৃতিচাৰণ কৰি কেইবাগৰাকীও বক্তাই বক্তব্য প্ৰদান কৰে ।
ইফালে, সমান্তৰালকৈ বিশ্বনাথ চাৰিআলিতো জ্যেষ্ঠ সাংবাদিক আপকুৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীক স্মৃতিচাৰণ কৰি বিশ্বনাথৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ৰূপজ্যোতি শইকীয়াৰ পৰিচালনাত স্থানীয় লোক, বিভিন্ন সংগঠন আৰু আপকুৰ বিশ্বনাথৰ সাংবাদিক সকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট, guwahati times