শিৱ আৰু শ্মশান..
সৃষ্টিৰ প্ৰতিটো অংশত বিৰাজমান মহাদেৱে শ্মশানত কিয় সাধনা কৰে এবাৰ পাৰ্বতীয়ে প্ৰশ্ন কৰিছিল।( Religious Studies )
শিৱ কোনো ভৌতিক অৱস্থান নহয়।
Everything comes from nothing and goes back to nothing. The basis of existence and the fundamental quality of the cosmos is vast nothingness.এই খালি ঠাইখিনিয়ে শিৱ।শিৱৰ ত্ৰিশূলে তিনিটা গুণৰ ভাৰসাম্য বজাই ৰাখে, সত্ব ৰজ আৰু তমো।লগতে সৃষ্টি, পৰিচালনা আৰু বিনাশ।
ডিঙিৰ সাপ ত্যাগৰ প্ৰতীক।পাৰ্থিৱ সুখৰ পৰা তেওঁ বহু আঁতৰত আৰু বৈ যোৱা গংগা জ্ঞান।শিৱ জ্ঞান আৰু সাধনাৰ প্ৰতীক।গড অফ মেডিটেছন।( Religious Studies )
তেওঁ কৈছিল যি স্থানত শৰীৰৰ অৱসান ঘটে,মায়া অথবা পাৰ্থিৱ সুখৰ অৱসান ঘটে সেই স্থান অপবিত্ৰ কেনেকৈ হ’ব।যি স্থানত আত্মাই অনুভৱ কৰে শৰীৰ মাত্ৰ কেইটামান মুহূৰ্তৰ লগৰী আত্মাৰ যাত্ৰা চিৰস্থায়ী,যি স্থানৰ পৰাই মুক্তিৰ যাত্ৰা আৰম্ভ হয়,মানৱীয় দুখ-যন্ত্ৰণা,পাপ,পুণ্যৰ দৌৰৰ শেষত আত্মাই আন এটি যাত্ৰাৰ বাবে সাজু হয় নিজৰ কৰ্মৰ লিষ্টখন হাতত লৈ সেই স্থান পবিত্ৰ।
শৰীৰ জ্বলি শেষ হোৱাৰ আগতেই পৰিয়ালৰ লোকে ঘৰলৈ যাবলৈ ওলাই…কিছু দিনৰ পিছতেই সম্পত্তিৰ ভাগ বতৰা আৰম্ভ হয়,আত্মাই কান্দে… তেওঁলোক অকলশৰীয়া নহয় কাৰণ লগত মহাদেৱ থাকে।
সৃষ্টিৰ একমাত্ৰ পৰম সত্য এটাই “মৃত্যু”…
যেতিয়া লগত কোনো নাথাকে ,মহাদেৱ থাকে কাষত।
যি স্থানত মৰা শ,কুকুৰ,শগুন,তেজ,লাওখোলা,শৰীৰৰ শেষ অংশৰ টুকুৰা থাকে সেই স্থানত সাধনা কৰে মহাদেৱে… শৰীৰত বাঘৰ ছাল,গাত চিতাভষ্ম যেন কোনো পাৰ্থিৱ বস্তুৰে একো অস্তিত্ব নাই।তেওঁৰ লগত সাধু সন্যাসী থাকে,থাকে ভূত প্ৰেত…..সকলোৰে বাবে তেওঁ,সকলোৰে মাজত তেওঁ।
সেইবাবেই তেওঁ বিশেষ…
সেইবাবেই তেওঁ শিৱ।