লিভাৰ দুৰ্বল হোৱাৰ আগতে এই লক্ষণবোৰে দেখা দিয়ে !..

1 min read

লিভাৰে আমাৰ শৰীৰৰ বাবে ৫০০ তকৈও অধিক কাম সম্পন্ন কৰে। সেইকাৰণে ইয়াক শৰীৰৰ কেন্দ্ৰীয় নিয়ন্ত্রক বুলিও জনা যায় আৰু ইয়াত হোৱা সৰু-সুৰা অসুবিধাৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাই দেখা দিয়ে । লিভাৰ হৈছে আমাৰ শৰীৰৰ দ্বিতীয় সর্ববৃহৎ অঙ্গ। এজন সাধাৰণ স্বাস্থ্যৱান ব্যক্তিৰ শৰীৰত লিভাৰৰ ওজন 1.5কেজিৰ পৰা 2 কেজিৰ ভিতৰত হয়।

লিভাৰে শৰীৰৰ পৰা অপ্রয়োজনীয় বা বিষাক্ত পদার্থ আঁতৰ কৰাৰ কামও সম্পাদন কৰে। সেয়হে লিভাৰৰ যিকোনো সৰু সমস্যাও উপেক্ষা কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কিয়নো, এইটো দেখা গৈছে, বহুলোকে ব্যস্ত সময়সূচী বা অৱহেলাৰ বাবে সৰু-সুৰা সমস্যাবোৰ উপেক্ষা কৰে। কিন্তু, আপুনি জানেনে যে যিকোনো সমস্যা হোৱাৰ আগতে লিভাৰে আমাক সংকেত দিবলৈ আৰম্ভ কৰে । আজি আমি সেই সংকেতসমূহৰ বিষয়েই জনাম যাতে পাছলৈ যিকোনো ডাঙৰ ক্ষতিৰ পৰা নিজকে পৰিহাৰ কৰিব পাৰি

Liver damage symptoms

লিভাৰ বেয়া হোৱাৰ কেইটামান সংকেট হৈছে –

সঘনাই পেটৰ বিষ:

যদিও পেটৰ বিষ বিভিন্ন কাৰণত হব পাৰে, যদি আপোনাৰ পেটৰ ওপৰৰ সোঁ অংশ বা কমিহাড়ৰ তলৰ সোঁ অংশত নিৰন্তৰ বিষ হয়, ইয়াৰ অৰ্থ হৈছে আপোনাৰ লিভাৰত কিবা সমস্যা আছে। এনে পৰিস্থিতিত, লগে লগে চিকিৎসকৰ ওচৰলৈ যাওঁক আৰু আপোনাৰ অৱস্থা অধিক অৱনতি ঘটাব পৰা খাদ্য জাংক ফুড, ফাষ্ট ফুড আদিৰ গ্ৰহণ হ্ৰাস কৰক।

জণ্ডিচ:

যদি কেইবাদিন ধৰি আপোনাৰ চকু হালধীয়া আৰু ছালৰ ৰং বগা হৈ পৰিছে তেন্তে আপোনাৰ তেজত বিলিৰুবিনৰ স্তৰ বৃদ্ধি হোৱাৰ আশাংকা থাকে । এই পৰিস্থিতিত, আপোনাৰ শৰীৰৰ পৰা অপ্রয়োজনীয় পদার্থ বোৰ উলিয়াই অনা সম্ভৱ নহয়। সেয়হে ততাতৈয়াকৈ ডাক্তৰৰ লগত যোগাযোগ কৰক ।

ওজন হ্রাস:

যদি আপুনি কোনো কাৰণ নোহোৱাকৈ ওজন হ্রাস হয় তেনেহ’লে ই আপোনাৰ স্বাস্থ্যৰ বাবে ভাল লক্ষণ নহব পাৰে । লিভাৰৰ যিকোনো সমস্যা থাকিলে ভোক হ্রাস হয়, যাৰ ফলত ওজন হ্রাস হয়। এই ক্ষেত্ৰত আপুনি চিকিৎসকৰ সহায় লোৱা উচিত ।

ভাগৰ অনুভৱ কৰা:

দীঘলীয়া সময় কাম কৰাৰ পিছত ভাগৰ লগাটো স্বাভাৱিক। কিন্তু যদি আপুনি গোটেই দিনটো একো কাম নকৰি আপুনি ভাগৰ অনুভৱ কৰিছে, মূৰ ঘূৰোৱা অনুভৱ কৰিছে আৰু আপোনাৰ পেশীত দুৰ্বল অনুভৱ কৰিছে, তেন্তে ই আপোনাৰ লিভাৰৰ দুৰ্বল হোৱাৰ লক্ষণ।

জিভাৰ সোৱাদ নোপোৱা:
জ্বৰ নাথাকিলেও খাদ্যৰ জুতি নোপোৱা আৰু নিৰন্তৰ তিক্ততা অনুভৱ কৰা লিভাৰ বিকল হোৱাৰ লক্ষণ হ’ব পাৰে। কেৱল এয়াই নহয়, যেতিয়া লিভাৰ ক্ষতিগ্রস্ত হয়, এমোনিয়াৰ অত্যাধিক পৰিমাণৰ বাবে মুখখন দুৰ্গন্ধযুক্ত হ’বলৈ আৰম্ভ কৰে।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক

You May Also Like

More From Author