অপৰাধৰ নগৰীত পৰিণত হৈছে গুৱাহাটী মহানগৰী। দিনক দিনে ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। চেইন চুৰি, ম’বাইল চুৰি, হত্যাকাণ্ডৰ দৰে ঘটনা প্ৰতিদিনেই সংঘটিত হৈছে স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত। এইবাৰ এজন দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই।
বেলতলাৰ নীতেশ কুমাৰ নামৰ এজন ছাত্ৰক মঙলবাৰে অপহৰণ কৰিছিল দুৰ্বৃত্তই। অপহৰণৰ পিছত নিতেশৰ পৰিয়ালক ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল অপহৰণকাৰীয়ে। অপহৃত ছাত্ৰজনৰ ঘৰ বেলতলাৰ বনগাঁৱত।
বৰসজাইৰ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ আছিল নিতেশ। নিজৰ বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰজনক অপহৰণ কৰা হয় ছাত্ৰজনক। অপহৰণৰ পিছত অপহৰণকাৰীয়ে পৰিয়ালক দাবী কৰে মুক্তিপণ। ঘটনাক লৈ বশিষ্ঠ আৰক্ষী থানাত পৰিয়ালে ৰুজু কৰিছিল গোচৰ।
কিন্তু বিয়লিলৈ বোন্দাৰ আমছিঙত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হয় ছাত্ৰজনক। হত্যা কৰি দুৰ্বৃত্তই জংঘলত পেলাই থৈ যায় ছাত্ৰজনৰ মৃতদেহ। মৃতদেহৰ ওপৰত জাপি দিয়া হয় গছৰ শুকান পাত। অভিষেক বৰুৱা নামৰ এজন লোকে ছাত্ৰজনক অপহৰণ কৰিছিল বুলি জানিব পৰা গৈছে।ইতিমধ্যে অভিযুক্ত অভিষেক বৰুৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।