এই ৪টা বস্তু শিৱ লিংগত কেতিয়াও ভুলটো নিদিব। যদি এই কেইটা বস্তু শিৱ লিংগত দিয়ে, তেন্তে ই এটা অত্যন্ত ভুল হয়। আৰু ইয়াৰ ফলত আপুনি হয়টো ভগৱান শিৱৰ কৃপা লাভ কৰাৰ পৰা বিৰত হব লগাত পৰিব পাৰে।
সৰ্বপ্ৰথমে,
শিৱ পূজাত কোনোদিনে তুলসী ব্যৱহাৰ নহয়। এইকথা একমাত্র ভগৱান শিৱৰ ক্ষেত্রতে নহয়। সমস্ত মহাদেৱৰ পৰিয়ালৰ ক্ষেত্রত। মহাদেৱ, মাতা, পাৰ্ৱতী, গণেশ, কাৰ্তিক’ৰ পূজাত কোনোদিনে তুলসী ব্যৱহাৰ কৰা নহয়। ইয়াৰ কাৰণ এয়া যে, তুলসীৰ স্বামীক মহাদেৱে বধ কৰিছিল। সেয়ে শিৱ পূজাত বা শিৱ লিংগত তুলসী পাত ভুলটো কোনোদিনে নিদিব। এই ভুল বহু ক্ষেত্রত বহু লোকে কৰে। শিৱ লিংগত তুলসী পাত দিলে,গাখীৰৰ লগত মিহলি কৰি তুলসী পাত দিলে, অঘটন হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত আপুনি যি কৃপা মহাদেৱৰ লাভ কৰিব লগা আছিল, যি আৰ্শীবাদ প্ৰাপ্ত কৰিব লগা আছিল, তাত তেতিয়া বাধা সৃষ্টি হয়। মহাদেৱৰ পূজাত বা মহাদেৱৰ পৰিয়ালৰ পূজাত তুলসী বিশেষ ভাৱে বৰ্জন কৰা হয় বা ব্যৱহাৰ কৰা নহয়।
দ্বিতীয়তে,
নাৰিকল, শিৱ পূজাত শিৱ লিংগত বিশেষ কৰি নাৰিকলৰ পানী নিদিব বা নাধালিব। শাস্ত্ৰ মতে ই এটা ভুল। নাৰিকলে ভগৱান বিষ্ণুক প্ৰতিনিধিত্ব কৰে। আৰু বিশেষ কৰি দেৱী লক্ষ্মীয়ে পূজা ক্ষেত্রত ভগৱান বিষ্ণুক আগবঢ়াই। নাৰিকলৰ দ্বাৰা শিৱ লিংগত পূজা কৰা নহয়। মহাদেৱক নাৰিকলৰ পানীয়ে স্নান কৰোৱা নহয়। নাৰিকল বা নাৰিকলৰ পানীয়ে হওক, আপুনি কোনোদিনে কেতিয়াও শিৱ লিংগত নিদিব। ( Religious Studies )
তৃতীয়তে,
মহাদেৱক বা শিৱ লিংগত কেতিয়াও, সেন্দুৰ, কুমকুম বা ৰঙা ৰংৰ চন্দন, এই কেইটা বস্তু ব্যৱহাৰ নকৰিব। ইয়াৰ কাৰণ এটাই যে, এই কেইপদ বস্তু, বিশেষ কৰি দেৱী পূজাত ব্যৱহাৰ কৰা হয়। সেইবাবে এই কেইপদ বস্তু, শিৱ পূজাত বা, শিৱ লিংগত ব্যৱহাৰ কৰা নহয় বুলি মনা যায়।
চতুৰ্থতে,
আমি জানো যে শিৱ লিংগত পানী ধলা হয়। আৰু বিশেষ কৰি সোমবাৰৰ দিনত শিৱ লিংগত গাখীৰ ধালো। গাখীৰ ধলা ক্ষেত্রত এটা কথা মনত ৰাখিব, যে, তামৰ পাত্ৰত গাখীৰ লৈ শিৱ লিংগত কেতিয়াও নাধালিব। পানী ধালিব পাৰে, কিন্তু পাত্রত গাখীৰ লৈ ধালিলে ই সম্পূর্ণ বিষৰূপ ধাৰণ কৰে। আপুনি সেই পাত্ৰ মাটিৰ লব, নহলে পিটলৰ বা, কাঁহৰ লব। কিন্তু তামৰ পাত্ৰত গাখীৰ লৈ কেতিয়াও শিৱ লিংগত নাধালিব।।
Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।
(কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।