সুন্দৰী দেখিলেই ভুল নাযাবঃ একাংশ মডেলে মেলিলৈছে ব্লেক মেইলিঙৰ বজাৰ…

0 min read

সুন্দৰী দেখিলেই সৌন্দৰ্যত মুগ্ধ হৈ ভুল নাযাব। বিপদত পৰিব পাৰে আপুনি। বিশেষকৈ সামাজিক মাধ্যমত কোনো সুন্দৰীৰ সৈতে কথা পাতি অনাকাংক্ষিত বিপদত পৰাৰ পূৰ্বেই সাৱধান হওক আপুনি।

মায়ানগৰীৰ এগৰাকী সুন্দৰীৰ কাণ্ডই এতিয়া জোকাৰিছে কেইবাখনো ৰাজ্য। এইগৰাকী সুন্দৰীৰ জালত ভৰি দি ৫০ জনকৈ লোকে হেৰুৱাইছে দিকবিদিক। এগৰাকী মডেলৰ কাহিনী এতিয়া চৰ্চাৰ শীৰ্ষত।

এই মডেলগৰাকীয়ে ৫০ তকৈ অধিক পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ সেই মুহূৰ্তৰ ভিডিঅ’ প্ৰস্তুত কৰিলে। আৰু এই আটাইকেইজন লোকৰেই সেই ভিডিঅ’ ভাইৰেল কৰি সামাজিত ভাৱে ধ্বংস কৰাৰ ভাবুকিৰে আৰম্ভ কৰে ধন সংগ্ৰহৰ অভিযান।

এনেদৰে ধন সংগ্ৰহৰ অভিযান চলাই তেওঁ সংগ্ৰহ কৰে বহু লাখ টকা। প্ৰকাশিত খবৰ মতে এই মডেলগৰাকীয়ে প্ৰথমে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিষ্ঠিত কিছু ব্যক্তিৰ সৈতে চিনাকী হয় আৰু তাৰ পাছত কথা পাতিবলৈ আৰম্ভ কৰে।

আৰু শেষত সেই ব্যক্তিৰ সৈতে স্থাপন কৰে শাৰীৰিক সম্পৰ্ক। পৰৱৰ্তী সময়ত সেই শাৰীৰিক সম্পৰ্কৰ ভিডিঅ’ ভাইৰেল কৰাৰ নামত তেওঁৰ এটা গেঙে আৰম্ভ কৰে ব্লেক মেইলিং। এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে কৰ্ণাটকত ৰুজু হোৱা এটা গোচৰৰ পাছত।

এই সুন্দৰী মডেলগৰাকীক সৌন্দৰ্যত মুগ্ধ হৈ ব্লেক মেইলিঙৰ স্বীকাৰ হোৱা এগৰাকী ভুক্তভোগীয়ে আৰক্ষীক গোচৰ দাখিল কৰৰা পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। অভিযোগ দাখিল কৰা লোকজনে আৰক্ষীক অৱগত কৰি কয় যে, এই মডেলগৰাকীৰ নাম নেহা ওৰফে মেহৰ।

তেওঁ প্ৰথমে টেলিগ্ৰাম আৰু তাৰ পাছত হোৱাটছএপৰ জৰিয়তে কথা পাতিবলৈ আৰম্ভ কৰিছিল। মডেল মেহৰে তেওঁৰ স্বামী ডুবাইত কৰ্মৰত বুলিও জনাইছিল। ইয়াৰ পাছতেই মেহৰে নিজেই এই ভুক্তভোগীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছিল।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে এইগৰাকী মডেলে ভুক্তভোগীগৰাকীলৈ প্ৰেৰণ কৰিছিল তেওঁৰ বিভিন্ন ফটো। ভুক্তভোগীগৰাকীয়ে উল্লেখ কৰা মতে ৩ মাৰ্চৰ বিয়লি ৩ বজাত তেওঁ গৈ মডেল মেহৰৰ ঘৰত উপস্থিত হৈছিলগৈ।

তেওঁলোকৰ মাজত তাৰ পাছতে স্থাপন হৈছিল শাৰীৰিক সম্পৰ্ক। ইয়াৰ পাছতে কোঠাটোলৈ সোমাই আহিছিল ৩ জন লোক। সেই ৩ জন লোকে তেওঁক প্ৰহাৰ কৰিছিল আৰু সেই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ৩ লাখ টকা দাবী কৰে।
ইয়াৰ পাছতে ভুক্তভোগীয়ে ২১,৫০০ টকা অনলাইন ট্ৰান্সফাৰ কৰে। বাকীখিনি ধন ঘৰলৈ গৈ দিব বুলি কৈ তেওঁলোকৰ লগত ওলাই গৈ সেই স্থানৰ পৰা পলায়ন কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ দাখিল হোৱাৰ পাছতে এতিয়া পোহৰলৈ আহিছে এইগৰাকী মডেলৰ সমগ্ৰ কাণ্ড।

এই পৰ্যন্ত ৫০ গৰাকীতকৈ অধিক লোক তেওঁৰ জালত পৰিছে। তাৰ পাছত তেওঁলোকক ব্লেকমেইলিং কৰি ৩৫ লাখৰো অধিক ধন সংগ্ৰহ কৰিছে। আৰক্ষীয়ে এই পৰ্যন্ত এই মডেলগৰাকীৰ সৈতে থকা গেংটোৰ ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই মডেল মেহৰক।

You May Also Like

More From Author