হোষ্টেল আৰু পেয়িং গেষ্টত শিক্ষাৰ্থীয়ে দিব লাগিব ১২ শতাংশ GST!

1 min read

এইবাৰ খৰচ বাঢ়িব শিক্ষাৰ্থীসকলৰ। হোষ্টেল অথবা পেয়িং গেষ্টত থাকিবলৈ হ’লে দিব লাগিব ১২ শতাংশ পণ্য আৰু সেৱা কৰ (GST)।

কালি কৰ্ণাটকৰ এডভান্স ৰুলিং বেঞ্চে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশ অনুসৰি হোষ্টেলত থকাৰ ভাড়া আৰু পেয়িং গেষ্টৰ ক্ষেত্ৰত এতিয়া ১২ শতাংশ জি এছ টি অথবা পণ্য আৰু সেৱা কৰ প্ৰয়োগ কৰা হ’ব আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে থকাৰ খৰচ বৃদ্ধি পাব বুলি জনাইছে।

দুটা সুকীয়া ৰায়দানত উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক অথৰিটি অৱ এডভান্স ৰুলিংছ’ (Authority of Advance Rulings’)-এ এই বাসস্থানসমূহক  ‘অ-আৱাসিক’ হিচাপে শ্ৰেণীভুক্ত কৰিছে, যাৰ ফলত ইয়াক সৰু হোটেলৰ দৰেই ১২ শতাংশ জি এছ টি আৰোপ কৰা হৈছে।

অথৰিটি অৱ এডভান্স ৰুলিংছ’ৰ বেংগালুৰু বিচাৰপীঠে স্পষ্ট কৰি দিছে যে হোষ্টেলসমূহক আৱাসিক বাসস্থান হিচাপে গণ্য কৰা নহয় আৰু ফলস্বৰূপে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ পৰা ৰেহাই পোৱা নাযায়।

শ্ৰীছাই লাক্সাৰিয়াছ ষ্টে এল এল পিৰ তদন্তৰ প্ৰতিক্ৰিয়া স্বৰূপে এ এ আৰৰ এই ৰায়দান। ইয়াৰ উপৰিও এ এ আৰত উল্লেখ কৰা হৈছে যে হোটেল, ক্লাব, কেম্পছাইট আদিয়ে প্ৰতিদিনে ১০০০/- টকা পৰ্যন্ত চাৰ্জ লৈ আগবঢ়াই থকাৰ সেৱা ২০২২ চনৰ ১৭ জুলাইলৈকে জি এছ টি ৰেহাইৰ যোগ্য।

বেংগালুৰু বিচাৰপীঠে কয় যে, ‘আৱেদনে প্ৰদান কৰা পিজি/হোষ্টেলৰ ভাড়া জিএছটি ৰেহাইৰ বাবে যোগ্য নহয় কাৰণ আবেদনকাৰীয়ে প্ৰদান কৰা সেৱাসমূহ বাসস্থান হিচাপে ব্যৱহাৰৰ বাবে আৱাসিক বাসগৃহ ভাড়া দিয়াৰ সৈতে মিল নাই। জি এছ টিৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰা ব্যক্তিয়ে আৱাসিক উদ্দেশ্যত এটা ঘৰ ভাড়াত দিয়ে।

You May Also Like

More From Author