ৰাম মন্দিৰৰ বাবে ভক্তই হাতেৰে নিৰ্মাণ কৰিলে ৪০০ কিঃগ্ৰাঃ ওজনৰ তলা

1 min read

উত্তৰ প্ৰদেশৰ অযোধ্যাত দ্ৰুতগতিত চলি আছে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ কাম। প্ৰথম মহলাৰ মন্দিৰ কমপ্লেক্সৰ অধিকাংশই সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৪০০ কেজিৰ তলা প্ৰস্তুত কৰিছে আলিগড়ৰ এগৰাকী বৃদ্ধ শিল্পীয়ে। ২০২৪ চনৰ জানুৱাৰী মাহত ভক্তৰ বাবে মুকলি হোৱাৰ সম্ভাৱনা আছে মন্দিৰটো।

হস্তনিৰ্মিত তলাৰ বাবে ভগৱান ৰামৰ ভক্ত সত্য প্ৰকাশ শৰ্মাই কেইবামাহো ধৰি কঠোৰ পৰিশ্ৰম কৰি ‘বিশ্বৰ সৰ্ববৃহৎ হস্তনিৰ্মিত তলা’ নিৰ্মাণ কৰিছে। এই বিশাল তলাটো ১০ ফুট ওখ, ৪.৫ ফুট বহল আৰু ৯.৫ ইঞ্চি ডাঠ আৰু ৪ ফুট দীঘল চাবিৰে খোল খায়। সত্য প্ৰকাশ শৰ্মাই জীৱনৰ সঞ্চয়ৰ ধন ব্যৱহাৰ কৰি এই তলাটো নিৰ্মাণ কৰিছে, কিয়নো ইয়াক নিৰ্মাণ কৰিবলৈ প্ৰায় ২ লাখ টকা খৰচ হৈছে।

স্বামী-স্ত্ৰীয়ে একেলগে তলাটো সাজু কৰিছে: তেওঁ কয়, “যিহেতু মই দশক দশক ধৰি তলা নিৰ্মাণৰ ব্যৱসায়ত আছো, গতিকে ৰাম মন্দিৰৰ বাবে এটা বিশাল তলা বনোৱাৰ কথা ভাবিলো। কাৰণ আমাৰ চহৰখন তলাৰ বাবে পৰিচিত আৰু আগতে কোনেও এনেকুৱা কাম কৰা নাই।” তেওঁ লগতে কয় যে, “ই মোৰ বাবে ‘প্ৰেমৰ শ্ৰম’, আনহাতে মোৰ পত্নী ৰুক্মিণীয়েও এই কামত মোক সহায় কৰিছিল।” চলিত বৰ্ষৰ শেষৰ ফালে এই অনন্য তলাটো ৰাম মন্দিৰৰ বিষয়াসকলক উপ
এই বিশাল তলাটো আলিগড় প্ৰদৰ্শনীতো ৰখা হৈছিল: চলিত বৰ্ষৰ আৰম্ভণিতে বাৰ্ষিক আলিগড় প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল এই তলা। এই তলাটোত সৰু সৰু সলনি তথা বিকাশ কৰি ইয়াক সম্পূৰ্ণ চূড়ান্ত ৰূপ দিয়াৰ কামত নিয়োজিত হৈ আছে শৰ্মা। তেওঁ কয় যে তেওঁ ইয়াক নিখুঁত হোৱাটো বিচাৰে। এই তলা নিৰ্মাণ সন্দৰ্ভত ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়াসকলে কয় যে তলাটো ক’ত ব্যৱহাৰ কৰিব পাৰি সেয়া তেওঁলোকে চাব লাগ
অযোধ্যা ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে: শিল্পী শৰ্মাই লগতে কয় যে তেওঁৰ পৰিয়ালে এশ বছৰতকৈও অধিক সময় ধৰি হস্তনিৰ্মিত তলা নিৰ্মাণত নিয়োজিত হৈ আছে। আনহাতে তেওঁ ৪৫ বছৰতকৈও অধিক সময় এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। শুকুৰবাৰে ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে অহা বছৰৰ ২১, ২২ আৰু ২৩ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰত অভিষেক

You May Also Like

More From Author