পুনৰ আন এক কুলাংগাৰ পুত্ৰৰ কাণ্ড পোহৰলৈ আহিছে

1 min read

পুনৰ আন এক কুলাংগাৰ পুত্ৰৰ কাণ্ড পোহৰলৈ আহিছে । ঘটনাৰ স্থান তীৰ্থনগৰী হাজোৰ বামুন্দীৰ শিলিগুৰিৰ । ৮০বছৰীয়া বৃদ্ধ পিতৃক নিৰ্যাতনৰ অভিযোগ উঠিছে সুৰেশ দাস নামৰ লোকজনৰ বিৰুদ্ধে ।

অসম আৰক্ষীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সুৰেশ দাস আৰু পত্নীয়ে বৃদ্ধ লোকজনৰ ওপৰত চলাই গৈছে নিৰ্যাতন । এই অভিযোগ স্থানীয় ৰাইজৰ লগতে বৃদ্ধগৰাকীৰ জীয়ৰীৰ । কুলংগাৰ পুত্ৰ সুৰেশ দাসৰ কৰ্মকাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে গাঁওবাসী । লোকজনক এটা গোহালি সদৃশ এটা কোঠাত বন্দী কৰিছে পুত্ৰ-বোৱাৰীয়ে । আনকি এটুপি খোৱাপানী পৰাও বঞ্চিত হৈ লোকজন।লোকজনৰ দেহত দেখিবলৈ পোৱা গৈছে আঘাতৰ চিন। আনকি ওচৰ-চুবুৰীয়া কোনোৱে বৃদ্ধগৰাকীৰ ওচৰলৈ অহাৰ চেষ্টা কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে আৰক্ষী বিভাগত কৰ্মৰত সুৰেশ দাসে । ইতিমধ্যে সুৰেশৰ অত্যাচাৰত এগৰাকী ভগ্নীয়ে নিজৰ পিতৃগৃহ এৰি সম্পৰ্কীয়ৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে । ইয়াৰ উপৰিও পিতৃৰ খবৰ লবলৈ অহা বিবাহিতা আন তিনি গৰাকী ভগ্নীকো বহুবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে সুৰেশে । তেনে সময়তে আজি কুলাংগাৰ পুত্ৰৰ অত্যাচাৰৰ বলি হোৱা ৮০ বছৰীয়া বৃদ্ধগৰাকীৰ অৱস্থাৰ বুজ লবলৈ  দলে বলে ওলাই আহিল গাঁওবাসী । ইতিমধ্যে স্থানীয়  ৰাইজৰ তৎপৰতাত কামৰূপ আৰক্ষীয়ে বৃদ্ধলোকজনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰিছে ।

You May Also Like

More From Author