চাহ উদ্যোগলৈ আহিছে ভাবুকি!

1 min read

বিশেষজ্ঞৰ পৰামৰ্শ – চাহৰ মানদণ্ডৰ পৰীক্ষণ চেন্সৰ ভিত্তিক কৰাৰ সময় আহি পৰিছে।

‘অৰ্গেনলেপ্টিক প্ৰথাৰ জৰিয়তে চাহৰ গুণাগুণৰ পৰীক্ষণ ব্যৱহাৰিকভাৱে মূল্যহীন হৈ পৰিছে। চাহৰ
প্ৰকৃত মানদণ্ড নিৰ্ণয় কৰিবলৈ হ’লে অতি সোনকালে এই পৰীক্ষণ চেন্সৰ-ভিত্তিক কৰি তোলাতো অতি প্ৰয়োজন।’- এই মন্তব্য প্ৰায় পাঁচ দশক চাহ উদ্যোগৰ অভিজ্ঞতাপূৰ্ণ প্ৰবীণ চাহ বিশেষজ্ঞ প্ৰণৱ কুমাৰ শৰ্মাৰ।

শৰ্মাই কয় যে যদিও ভাৰতীয় চাহ
উদ্যোগে দুটা শতিকা সম্পূৰ্ণ কৰিছে
তথাপি এতিয়াও ঘৰুৱা বজাৰৰ লগতে বহিঃৰাজ্যৰ বজাৰত ইয়াৰ আধিপত্য বিস্তাৰ হ’বলৈ সঠিক মূল্যায়ন আৰু বিপণন ব্যৱস্থাৰ অভাৱ। ভাৰতীয় চাহৰ বিক্ৰী বৃহৎ পৰিমাণে হয়। সংগঠিত নিলাম ব্যৱস্থা, পোনপটীয়াকৈ, দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে,ডিলাৰ আৰু খুচুৰা বিক্ৰেতাৰ জৰিয়তে আৰু পেকেজিং ব্যৱস্থাৰ জৰিয়তেও অত্যাধিক মাত্ৰাত ক্ৰেতাসকলে চাহ ক্ৰয় কৰে।

ঘৰুৱা বজাৰ খনতে চাহৰ মূল্যৰ তাৰতম্য যথেষ্ট ৰূপত দেখা পোৱা যায় । কিছুমান চাহ বিক্ৰী হয়
প্ৰতি কিলোগ্ৰামত প্ৰায় ৫০০ টকা, আন কিছুমান চাহ
প্ৰতি কিলোগ্ৰামত ১০০ টকা বা তাতোকৈ কম মূল্যতো বিক্ৰী কৰা হয়। ইয়াৰ মূল কাৰণ হ’ল উৎপাদিত চাহৰ গুণাগুণৰ পাৰ্থক্য। চাহ কাৰখানাৰ উৎপাদনৰ মানদণ্ড আৰু চাহপাতৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰিও উৎপাদনৰ ব্যয় ভিন ভিন হয়।

পৰম্পৰাগতভাৱে ভাৰতীয় চাহ উদ্যোগ নিয়মীয়া গুণগত মান মূল্যায়ন পদ্ধতি অৰ্গেনলেপ্টিক পৰীক্ষণ পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল। গতিকে এই পদ্ধতিৰ জৰিয়তে স্বাভাৱিকতে প্ৰতিযোগিতামূলক বজাৰখনত স্থান দখল কৰাতো সম্ভৱ নহয়। কিয়নো, একে সময়তে বিভিন্ন দেশত উন্নত প্ৰযুক্তিৰ সহায়ত নিৰ্মিত চাহৰ গুণ যঠেষ্ট উন্নত।

ভাৰতত ২০২২ চনত ১৩৬৫ মিলিয়ন কেজি চাহ উৎপাদন হৈছিল। নিলাম কৰ্তৃপক্ষৰ পৰামৰ্শৰ মতে
প্ৰতিখন চালানত, গড়ে ১০০০ কেজি চাহ বিক্ৰীৰ কৰিব পাৰি। সেয়েহে, ১৩৬৫ মিলিয়ন কেজি চাহৰ বাবে প্ৰয়োজন ১৩,৬৫,০০০ চালানৰ , ইফালে এই প্ৰক্ৰিয়া অৰ্গেনলেপ্টিক পদ্ধতিৰ ওপৰতে নিৰ্ভৰ।
গতিকে ই এক দীৰ্ঘসময়ৰ প্ৰক্ৰিয়া। লগতে এই প্ৰক্ৰিয়াত একে সময়তে ভিন্ন গুণসম্পন্ন চাহপাত সামৰি ল’বলগীয়া হোৱাৰ ইয়াত ভুল হোৱাৰ সম্ভাৱনাও অধিক। মূল্যায়নো টেষ্টাৰৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয়।

বৰ্তমান কাপৰ বৈশিষ্ট্য যেনে ক্ষীপ্ৰতা, শক্তি, বাঞ্ছনীয় আৰু অবাঞ্চিত সোৱাদৰ ব্যৱহাৰ জিভা আৰু নাকৰ জৰিয়তে কৰা হয়। চাহৰ ৰং, উজ্জ্বলতা, শুকান পাতৰ ৰং আৰু ইয়াৰ মাত্ৰা, কুহিঁপাতৰ আকাৰ, উৎপাদিত চাহৰ পৰিষ্কাৰ- পৰিচ্চনতা আদি সাধাৰণভাৱে চাই চিনাক্তকৰণ কৰা হয়। ৰাসায়নিক দাগ আৰু ৰাসায়নিক অৱশিষ্টৰ মাত্ৰা জিভাৰ জৰিয়তে চিনাক্ত কৰা হয় আৰু নাকৰ জৰিয়তে কৰা হয়। পৰীক্ষক অনুসৰি এই মূল্যায়নসমূহৰ ভিন্নতা হোৱাৰ সম্ভাৱনাই অধিক।

ওপৰৰ প্ৰতিটো মাত্ৰা চিনাক্ত কৰিবলৈ চেন্সৰৰ ব্যৱহাৰ বিজ্ঞানসন্মত হ’ব। ইয়াৰ উপৰিও ই পৰীক্ষাসমূহ সৰল কৰি সকলো চালানৰ পুষ্টিকৰ মূল্য বহু পৰিমাণে বৃদ্ধি কৰিব। যি চাহক স্বাস্থ্যকৰ পানীয় হিচাপে জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

আই আই টি গুৱাহাটীৰ বৈদ্যুতিক, ইলেক্ট্ৰনিকছ অভিযান্ত্ৰিক আৰু ৰাসায়নিক বিভাগত প্ৰয়োজনীয় প্ৰযুক্তিসমূহ উপলব্ধ যদিও চাহ ব’ৰ্ডে এতিয়াও তেওঁলোকৰ পৰীক্ষণৰ বিকাশৰ বাবে যোগাযোগ কৰা নাই বুলি চাহ বিশেষজ্ঞজনে কয়।

You May Also Like

More From Author