১৫টা হটস্পট! তিনিচুকীয়াৰ গাঁৱে-চহৰে এইচআইভি পজিটিভৰ প্ৰাদুৰ্ভাৱ

1 min read

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্‌ছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে ড্ৰাগ আসক্তৰ এখন ভয়ংকৰ ছবি উন্মোচন হৈছে৷ নিচাৰ বাবে ড্ৰাগ আসক্তই একেটা ছিৰিঞ্জ ব্যৱহাৰ কৰাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰিণতিতো অসমত অস্বাভাৱিক হাৰত বৃদ্ধি পাব ধৰিছে এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা৷ স্বাস্থ্য বিভাগৰ শেহতীয়া এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি অসমত দৈনিক গড়ে ১৯ জনকৈ লোকৰ দেহত এইচআইভি পজিটিভ ধৰা পৰিছে৷ অতি চিন্তাজনক বিষয়টো হৈছে দৈনিক গড়ে আক্ৰান্ত হোৱা ১৯জন লোকৰ ভিতৰত ১১জনেই হৈছে ড্ৰাগ আসক্ত৷ উদ্বেগজনক হাৰত কমবয়সীয়া যুৱক-যুৱতী এইচআইভিত আক্ৰান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগকো চিন্তিত কৰি তুলিছে৷ স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা মতে চলিত ২০২৩-২৪ বৰ্ষৰ প্ৰথম ৪টা মাহতে ৰাজ্যত নতুনকৈ ২,৩২১জন লোকৰ দেহত এইচআইভি পজিটিভ ধৰা পৰিছে৷ স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে সদৰী কৰা মতে আক্ৰান্তসকলৰ ৫০ শতাংশই হৈছে ড্ৰাগ আসক্ত৷ স্বাস্থ্য বিভাগৰ ভাষাত এইসকল ৰোগীৰ এইচআইভি পজিটিভৰ কাৰণ হৈছে ইনজেক্টিং ড্ৰাগ ইউজ অৰ্থাৎ একেটা ছিৰিঞ্জ ব্যৱহাৰ৷ ইনজেক্টিং ড্ৰাগ ইউজৰ ফলত চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই পৰ্যন্ত সৰ্বমুঠ ১,৩৪৩জনৰ দেহত এইচআইভি ধৰা পৰিছে৷ সেই অনুসৰি একেটা ছিৰিঞ্জ ব্যৱহাৰৰ ফলত দৈনিক গড়ে ১১জনকৈ লোক এইচআইভিত আক্ৰান্ত হৈছে৷ লক্ষণীয়ভাৱে ২০২২-২৩ বৰ্ষতো একেটা ছিৰিঞ্জ ব্যৱহাৰ কৰা ১,৭৫৬জন লোকৰ দেহত এইচআইভি ধৰা পৰিছিল৷ চৰকাৰী তথ্যত এইচআইভিত আক্ৰান্তসকলৰ ভিতৰত শীৰ্ষত আছে কামৰূপ মহানগৰ জিলা৷ গুৱাহাটী মহানগৰীত বৰ্তমান ৮৪১৪জন এইচআইভি ৰোগী আছে৷ সত্ৰনগৰী মাজুলীতো এতিয়া এইচআইভিৰ আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে৷ উজনি অসমৰ তিনিচুকীয়া জিলাত ড্ৰাগ আসক্ত যুৱক-যুৱতীৰ মাজত উদ্বেগজনক হাৰত এইচআইভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ তিনিচুকীয়াৰ গাঁৱে-চহৰে ছানি ধৰিছে এইচআইভি পজিটিভ ৰোগীয়ে৷ পজিটিভ অধিকাংশই কম বয়সীয়া যুৱক-যুৱতী৷ যাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে জিলাখনৰ ১৫টা স্থানক এইচআইভিৰ হটস্পট হিচাপে চিনাক্ত কৰিবলগীয়া হৈছে৷ স্বাস্থ্য বিভাগে এইচআইভি পজিটিভৰ হটস্পট হিচাপে চিনাক্ত কৰা এলেকাকেইটা হৈছে ক্ৰমে– পানীতোলা, সিজুগুৰি, শ্ৰীপুৰীয়া, বাৰেকুৰি, বালুগড়া, বৰগুৰি, মাকুম, ডুমডুমা, ৰূপাই, কাকপথাৰ, চেপাখোৱা, ডিগবৈ, মাৰ্ঘেৰিটা, জাগুণ আৰু বৰডুমচা৷ লক্ষণীয়ভাৱে একাংশ অসাধু সংখ্যালঘু লোকে গাঁৱে-ভূঞে ড্ৰাগ সৰবৰাহৰ বেপাৰত নামি পৰিলেও ধৰ্মীয় সংখ্যালঘু অধ্যুষিত জিলা হিচাপে পৰিচিত দক্ষিণ শালমাৰাত এজনো এইচআইভি পজিটিভ ৰোগী নাই বুলিও স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ ইফালে, ৰাজ্যৰ কাৰাগাৰসমূহতো এইচআইভি আক্ৰান্তই ভৰি পৰিছে৷ অৱশ্যে কাৰাগাৰত মানৱ অধিকাৰৰ দিশৰ পৰা স্বাস্থ্য বিভাগে ৰোগীসকলক সুকীয়াকৈ ৰখাৰ ব্যৱস্থা নকৰে যদিও এনে ৰোগীৰ ৰক্তৰ পৰা আন সুস্থ কাৰাবন্দী সংক্ৰমণৰ আশংকা নুই কৰিব নোৱাৰে বুলিও বিশেষজ্ঞসকলে বিভিন্ন সময়ত মত ব্যক্ত কৰি অহা দেখা যায়৷

You May Also Like

More From Author