‘চন্দ্ৰযান-৩’ ৰ সৈতে জড়িত জামুগুৰিহাটৰ জীয়ৰী উদ্দীপনাক লৈ গৌৰৱাম্বিত পিতৃ…

1 min read

দেউতা মোৰ কাম শেষ। তোমাক কথা দিছিলো আৰু মোৰ কথা ৰাখিলো।’ যিসময়ত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ৰোভাৰ বিক্ৰমৰ সফল অৱতৰণক লৈ সমগ্ৰ দেশবাসীৰ লগতে অসমতো আনন্দৰ এক পৰিৱেশেে বিৰাজ কৰিছিল, দেশবাসী ইছৰোৰ বিজ্ঞানীসকলৰ সফলতাত গৌৰৱাম্বিত হৈ পৰিছিল সেই সময়তে ইছৰোৰ পৰা এগৰাকী বিজ্ঞানীয়ে ফোন কৰি জামুগুৰিহাটৰ পিতৃক এইদৰে কৈছিলি।

অথচ সেই সময়লৈকে জামুগুৰিহাটৰ এইগৰাকী যুৱতী বিজ্ঞানীৰ বিষয়ে অসমৰ ক’তো আনকি সংবাদ মাধ্যমতো চৰ্চা হোৱা নাছিল। অৱশ্যে চন্দ্ৰযান-৩ৰ অভিযানত মুখ্য ভূমিকা গ্ৰহণ কৰা চয়ন দত্তৰ বিষয়ে সকলোৱে চৰ্চা কৰিছিল।

কিন্তু বিক্ৰমে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াৰ লগে লগে পোহৰলৈ আহে ইছৰোত কৰ্মৰত হৈ থকা আন এগৰাকী অসমীয়া মহাকাশ বিজ্ঞানীৰ বিষয়ে। জামুগুৰিহাটৰ জীয়ৰী উদ্দীপনা কলিতাও আছিল চন্দ্ৰযান-৩ৰ অন্যতম অংশীদাৰ।

এই খবৰে অসমীয়াক যেন অধিক গৌৰৱাম্বিত কৰি তুলিলে। চন্দ্ৰযান-৩ৰ মূল বিজ্ঞানী কেইজনৰ ভিতৰত যিদৰে অসমৰ চয়ন দত্ত আছিল অন্যতম কাণ্ডাৰী ঠিক তেনেদৰেই উদ্দীপনা কলিতাও আছিল গুৰুত্বপূৰ্ণ দায়িত্বত।

কেৱল চন্দ্ৰযান-৩ ৰ সদস্যই নহয়, ইছৰোৰ প্ৰথমগৰাকী অসমীয়া মহিলা বিজ্ঞানী হিচাপেও উদ্দীপনা কলিতাক লৈ গৌৰৱ কৰিব পৰাকৈ এক খবৰ বুধবাৰেই লাভ কৰিলে অসমে।

ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে চন্দ্ৰ অভিযানৰ বাবে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ ৰ ৰোভাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰাৰ পাছত এতিয়া বিশ্বজুৰি প্ৰশংসিত হৈছে ভাৰতীয় মহাকাশ বিজ্ঞানীসকল। ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ এই বিজ্ঞানীসকলক লৈ এতিয়া গৌৰৱাম্বিত হৈ পৰিছে দেশবাসী, চৰ্চা হৈছে বিশ্বজুৰি।

উল্লেখ্য যে, ইছৰোৰ এই চন্দ্ৰ অভিযানত যিসকল বিজ্ঞানীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেইসকলৰ ভিতৰত জামুগুৰিহাটৰ উদ্দীপনা কলিতাৰ আছিল বিশেষ ভূমিকা। জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থগৰাকীক সুৰেন কলিতাৰ সৰু জীয়ৰী উদ্দীপনা কলিতা।

উদ্দীপনা কলিতা চন্দ্ৰযান-৩ ৰ সৈতে জড়িত হৈ থকাৰ খবৰ বিয়পি পৰাৰ পাছতে বৃহস্পতিবাৰে উদ্দীপনাৰ কলিতাৰ বাসগৃহত উপস্থিত হৈ বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে জামুগুৰি পৌৰ সভাৰ বিষয়ববীয়া। তেওঁলোকে উদ্দীপনাৰ অনুপস্থিতিত তেওঁৰ পিতৃকে অভিনন্দন জনাই ফুলাম গামোচাৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।

You May Also Like

More From Author