মৰণফান্দলৈ পৰিণত নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ,মহিলাই অৱৰোধ কৰিলে পথ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৬ আগষ্ট :– নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ ‘ছাইড বাম’ আৰু বিধ্বস্ত ৰূপৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে । সম্প্ৰতি অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ । অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও সেই সময়ত পথটোৰ “ছাইড বাম”ৰ উন্নীতকৰণ হোৱা নাছিল । কেৱল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে। যাৰ পৰিণতিত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বেবেজীয়াকে ধৰি সমীপৱৰ্তী মাহৰিআটি,ঘাঁহী, জাগীয়াল,দক্ষিণপাট,বৰজহা, ম’হমৰীয়া,কৃষ্ণাইখাট,হাতীগড়,বিহুচোৱাবৰ,ৰঙাচিলা,ডাকৰঘাট,বালিগাঁও,তুলসীমুখ,বৰক’লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে । আজি বেবেজীয়া পূজা মন্দিৰৰ মহিলাসকলৰ লগতে স্থানীয় মহিলাসকল ওলাই আহি পথটোত বাঁহ বান্ধি অৱৰোধ কৰে। অৱৰোধকাৰী মহিলাসকলে “পথ মেৰামতি কৰক”,”ৰাইজক দুৰ্ঘটনাৰ পৰা বচাওক” আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

মহিলাসকলে স্থানীয় বিধায়ক ৰূপক শৰ্মাক পথটো মেৰামতি কৰি দিবলৈ দাবী জনায় । পথটোৰ “ছাইড বাম” উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ । ইয়াৰোপৰি পথৰ মাজ অংশটো সৃষ্টি হৈছে পুখুৰীসদৃশ গাঁতৰ । সম্প্ৰতি এই গাঁতসমূহ পৰ্যবসিত হৈছে মৰণফান্দলৈ । যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হয় পথচাৰী । কাৰণ বিপৰীত দিশৰ পৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও । বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া চাৰিআলিৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ ছাইড বাম আৰু মাজ অংশ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে । এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা । ২০১৯-২০ বৰ্ষত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত ২০২০ বৰ্ষৰ অক্টোবৰ মাহত পথটোৰ কিছু মেৰামতি কৰা হৈছিল যদিও নিম্নমানৰ কামৰ বাবে এবছৰতে পূৰ্বৰ ৰূপ ধাৰণ কৰিলে পথটোৱে । এই পথটোৰ কাষতে বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়,বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়,মাহৰিআটি প্ৰাথমিক বিদ্যালয়,ঘাঁহী মজলীয়া বিদ্যালয় আৰু ঘাঁহী-ম’হমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান,ঐতিহাসিক কীৰ্তিচিহ্ন,বেবেজীয়া ৰে’ল ষ্টেচন,ৰাষ্ট্ৰীয় ঘাইপথ,উৰিয়াগাঁও- নগাঁও-ডিমৌ সংযোগী বাইপাছ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক। কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই লোক নিৰ্মাণ বিভাগৰ । এতিয়া ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ উন্নীতকৰণৰ বাবে স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপ দাবী কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author