সামাজিক মাধ্যমত ফটো বিকৃতকৰণ, ক্ষোভ উজাৰিলে কণ্ঠশিল্পী দীপলিনাই, কাৰ বিৰুদ্ধে ল’লে ব্যৱস্থা?

1 min read

সামাজিক মাধ্যমক ফটো বিকৃতকৰণক লৈ ক্ষোভ উজাৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই (Deeplina Deka)। কিছুদিন পূৰ্বে দীপলিনাৰ ফটো সামাজিক মাধ্যমত বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। আজি এক ফেচবুক লাইভযোগে দীপলিনাই সমগ্ৰ ঘটনা অৱগত কৰাৰ লগতে এয়া তেনে মানসিকতাৰ লোকসকলৰ বাবে এক সকীয়নিহে বুলিও মন্তব্য কৰে।

ফেচবুক লাইভত দীপলিনাই কয়, ‘‘আপোনালোকে নিশ্চয় গমেই পাইছে যে এটা অসামাজিক কামত লিপ্ত হৈ এজন যুৱক বৰ্তমান আটক হৈছে। আচলতে ধেমালি কৰাৰ এটা সীমা থাকে। সেই সীমা অতিক্ৰম কৰাৰ বাবেই এনেকুৱা পদক্ষেপ ল’বলৈ বাধ্য হৈছো। অসমীয়া সংস্কৃতি, অসমীয়া ৰুচিবোধ এনেকুৱা কাহানিও নাছিল, হ’বও নালাগে। তাৰ মাজতে কিছু কিছু লোকৰ বাবে কিছুমান ঘটনা ঘটি আছে। সেইটো কিহৰ বাবে হৈছে নাজানো। শিক্ষাৰ অভাৱতে হওক বা সজাগতাৰ অভাৱতে হওক। বহু সৰু সৰু ল’ৰা–ছোৱালী অসামাজিক কামত লিপ্ত হৈছে।’’

দীপলিনাই কয়, আজিকালি মীমৰ যোগ, মীম বনাই। ভাল লাগে, আমিও উপভোগ কৰো, শ্বেয়াৰ কৰো। কিন্তু যেতিয়া মহিলা এগৰাকীৰ প্ৰাইভেচী, ব্যক্তিগতভাৱে আক্ৰমণ কৰিব, সেয়া কোনো কাৰণতে সহ্য নকৰো, কৰিবও নালাগে।

লাইভত কণ্ঠশিল্পীগৰাকীয়ে কয়, ২২ তাৰিখে এখন ফটো সামাজিক মাধ্যমত এজন যুৱকে AI ব্যৱহাৰ কৰি মোৰ ফটোখন ছেমি নিউড কৰি এটা মীম তৈয়াৰ কৰিছে। তাৰ আগতেও মোৰ ফটোত অনেক কাপোৰ পিন্ধাইছে। কিন্তু যেতিয়া ব্যক্তিগতভাৱে আক্ৰমণ কৰিব, সেইটো তেওঁ সীমা অতিক্ৰম কৰিলে। তেওঁ নগাঁৱৰ অনুপল দত্ত। তেওঁক ইতিমধ্যে আটক কৰিছে।

You May Also Like

More From Author