ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে অহা 26 আগষ্ট, শনিবাৰে বেংগালুৰুত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কেন্দ্ৰীয় মন্ত্ৰী শোভাকাৰান্দলাজে জানিবলৈ দিয়ে এই কথা ৷ অৱশ্যে এতিয়ালৈ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ উপলক্ষে কোনো ৰোড শ্ব’ অথবা অন্য অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই ৷
মোদীৰ কৰ্ণাটক ভ্ৰমণৰ বিষয়ে অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰান্দলাজে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ পিচত কাইলৈ পোনে পোনে বেংগালুৰুত উপস্থিত হ’ব ৷ প্ৰধানমন্ত্ৰীয়ে ইছৰ’ৰ সকলো বিজ্ঞানীক লগ কৰি অভিনন্দন জনাব ৷ এই সাক্ষাতৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে সূৰ্যযান (সূৰ্যৰ বিষয়ে) প্ৰকল্পৰ বিষয়ে আলোচনা কৰিব ৷ ইয়াৰ বাহিৰে, এতিয়ালৈকে ৰোড শ্ব’ৰ কোনো পৰিকল্পনা নাই ৷ বেংগালুৰুৰ বিজেপি কৰ্মীসকলে বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনাব ৷ তাৰ পিচতেই তেওঁ কেৱল ইছৰ’ৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিব ৷”