তামিলনাডুৰ মাদুৰাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা! ৰেলত জুই লাগি ৯ জন নিহত, ২০ জনতকৈ অধিক আহত
মাদুৰাইৰ সমীপত উত্তৰ প্ৰদেশৰ লক্ষীপুৰৰ পৰা অহা এখন পৰ্যটন ৰেলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰেল বিভাগৰ বিষয়াসকলে জনাইছে যে এই দুৰ্ঘটনাত ৰেলত যাত্ৰা কৰি থকা নজন লোকৰ মৃত্যু হৈছে । এই অগ্নিকাণ্ডত 20 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।উত্তৰ প্ৰদেশৰ পৰা অহা ৰেলখনৰ 2 টা ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, মাদুৰাই ষ্টেচনত ৰে’লখন ৰখাই থোৱাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়। ৰেল আৰক্ষীয়ে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ঘটনাস্থলীত উপস্থিত হৈ মাদুৰাই ৰেল বিভাগৰ কালেক্টৰ সংগীতাই ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে ৰেলত আৱদ্ধ হৈ থকা পৰ্যটকক উদ্ধাৰৰ চেষ্টাত নিয়োজিত হোৱাৰ লগতে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সংকটজনক অৱস্থাত থকা যাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষী আৰু ৰেলৱেৰ বিষয়াসকলে আশংকা প্ৰকাশ কৰিছে।
লক্ষ্ণৌৰ পৰা উত্তৰ প্ৰদেশৰ ৰামেশ্বৰমলৈ ধৰ্মীয় পৰ্যটক কঢ়িয়াই অনা ৰেলত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, ৰে’লত চাহ যোগান ধৰি থকা অৱস্থাত গেছ চিলিণ্ডাৰ বিস্ফোৰণত 9 জন লোকৰ মৃত্যু হয় । দুজন বৃদ্ধ ভুক্তভোগীৰ ফটো প্ৰকাশ কৰা হৈছে।
উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে হতাহতিৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি ৰে’ল বিভাগৰ বিষয়াসকলে জনাইছে । ইফালে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে দক্ষিণ ৰেলৱেই । ৰেল কৰ্তৃপক্ষই এই ঘটনা আৰু ইয়াৰ হতাহতৰ তথ্য বিচৰা ব্যক্তিসকলৰ বাবে নিৰ্দিষ্ট হেল্পলাইন নম্বৰ (৯৩৬০৫৫২৬০৮ আৰু ৮০১৫৬৮১৯১৫) মুকলি কৰিছে ।