ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই মহাকাশ যানখনৰ উৎক্ষেপণৰ সময় নিশ্চিত কৰি সংবাদ মাধ্যমক ইতিমধ্যে জানিবলৈ দিছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা PSLV-C57 ৰকেটে মহাকাশলৈ পঠিয়াব ADITYA L1। ADITYA L1য়ে সূৰ্য অভিমুখে গতি কৰিব ১২৭টা দিন ধৰি। সূৰ্যৰ বিভিন্ন দিশ, চৰিত্ৰ, বতৰ সন্দৰ্ভত নিৰীক্ষণ কৰিব এই মহাকাশযানে। পৃথিৱীৰ পৰা ১৫ লাখ কিঃমিঃ দূৰত LAGRANGE পইণ্টত অৱস্থান কৰিব এই মহাকাশযানে। পৃথিৱী আৰু সূৰ্যৰ মধ্যাকৰ্ষণ শক্তিৰ মাজত এই স্থানত আকৰ্ষণ প্ৰায় শূন্য। এই স্থানত অৱস্থান কৰি ADITYA L1এ অব্যাহত ৰাখিব বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা। সূৰ্যৰ সৌৰ কৰোনা, সৌৰ ৰশ্মিৰ বিকিৰণ, সৌৰ ধুমুহা আদিৰ সন্দৰ্ভতো এই মহাকাশযানে পৰীক্ষা–নিৰীক্ষা চলাব। সূৰ্য অভিমুখে এইটোৱে প্ৰথম ভাৰতৰ মহাকাশ অভিযান। এই অভিযানৰ পৰা সংগৃহীত তথ্যই সূৰ্য সন্দৰ্ভত গৱেষণা চলোৱাৰ সহায়ক হ’ব বুলি আশা কৰা হৈছে।
২ ছেপ্তেম্বৰৰ দুপৰীয়া ১১. ৫০ বজাত সূৰ্য অভিমুখে ৰাওনা হ’ব ADITYA L1 মহাকাশযান
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025