মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ চৰকাৰী কৰ্মচাৰীলৈ, ৰাইজৰ কাম সময়ত নহ’লে কৰ্তন হ’ব দৰমহাৰ ধন!
এতিয়াৰে পৰা নিৰ্ধাৰিত সময়মতেই কাম সম্পূৰ্ণ কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। অন্যথা কৰ্তন হ’ব কৰ্মচাৰীৰ দৰমহা। গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত অংশগ্ৰহণ কৰি এই সকীয়নি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত ৭৫গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীলৈ লোককল্যাণ বঁটা প্ৰদান কৰাৰ লগতে ৬গৰাকী বিষয়ালৈ লোকসেৱা বঁটা।