ঘৰত বনকৰা হিচাপে নাবালক-নাবালিকা নিয়োজিত কৰা লোকসকলৰ বিৰুদ্ধে গুৱাহাটী জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে ৷ বচপন বচাও আন্দোলন’ নামৰ সামাজিক সন্থাটোৰ অভিযোগৰ ভিত্তিত সংগঠনটোৰ সহযোগত মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বশিষ্টপুৰত অৰ্তকিতে এক অভিযান চলাই ৷
বশিষ্ঠপুৰৰ চাৰি নং বাইলেনৰ ঘৰ নং ৬০ (এ)ৰ অনুপম ৰোহিত নামৰ ব্যক্তিজনৰ ঘৰত অভিযান চলাই এগৰাকী নাবালিকাক উদ্ধাৰ কৰে ৷
মহানগৰ প্ৰশাসনৰ কার্যবাহী দণ্ডাধীশ ভাস্কৰ মজুমদাৰ, শ্ৰম পৰিদৰ্শকৰ উপস্থিতিত চলিছিল অভিযান ৷
উল্লেখ্য যে, মহানগৰীৰ বহু লোকে নিজ গৃহত বনকৰা হিচাপে নিয়োজিত কৰি ৰাখিছে নাবালক- নাবালিকা ৷ কিন্ত শেহতীয়াকৈ’ বচপন বচাও আন্দোলন’ নামৰ সন্থাটো তৎপৰ হৈ পৰিছে ৷