ৰক্তহীনতা! ঔষধ খোৱাৰ আগতে জানি লওক ঘৰুৱা সমাধান

0 min read

বহুতে ৰক্তহীনতাক সাধাৰণ সমস্যা বুলি ধৰি লয়৷ কিন্তু ৰক্তহীনতাৰ সমস্যাই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে৷ ৰক্তহীনতাৰ সমস্যা যেতিয়ালৈকে গুৰুতৰ পৰ্যায়ত উপনীত নহয়, তেতিয়ালৈকে কোনো বিশেষ ক্ষতিকাৰক কোনো সমস্যাই দেখা নিদিয়ে৷ কিন্তু ইয়াৰ অৱহেলাৰ পৰিণতি হ’ব পাৰে হিতে বিপৰীত৷ সেয়ে প্ৰথমৰ পৰাই ৰক্তহীনতাৰ সমস্যাত ভুগিলে চিকিৎসকৰ কাষ চাপক৷

এগৰাকী পূৰ্ণবয়স্ক মহিলাৰ তেজত সাধাৰণতে হিম’গ্লবিন থাকে ১২.১ গ্ৰামৰ পৰা ১৫.১ গ্ৰাম৷ পুৰুষৰ তেজত থাকে ১৩.৮১ পৰা ১৭.২ গ্ৰাম আৰু শিশুৰ তেজত ১১ৰ পৰা ১৬ গ্ৰাম হিম’গ্লবিন থকাটো স্বাভাৱিক৷ কাৰোবাৰ তেজত হিম’গ্লবিনৰ মাত্ৰা কমিলে তেওঁ ৰক্তহীনতাত আক্ৰান্ত হোৱা বুলি মানি লোৱা হয়৷

মূলতঃ দেহত আইৰণৰ অভাৱ হ’লে এই সমস্যা বৃদ্ধি পায়৷ সেয়ে, ৰক্তহীনতাৰ সমস্যা দূৰ কৰিবলৈ দেহত আইৰণৰ মাত্ৰা বা ভাৰসাম্য সঠিককৈ ৰখা প্ৰয়োজন৷ ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে আইৰণসমৃদ্ধ খাদ্য খোৱা উচিত৷ কিছুমান সহজলভ্য খাদ্যই ৰক্তহীনতাৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে৷ উল্লেখ কৰা হ’ল এনে কেইটামান খাদ্য –

⬛চীনা বাদামঃ ৰক্তহীনতাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে দৈনিক চীনা বাদাম খোৱাটো জৰুৰী৷ চীনা বাদামত থকা আইৰণে ৰক্তহীনতাৰ সমস্যা দূৰ কৰে৷

⬛কণীঃ প্ৰতিদিনে এটাকৈ কণী খোৱাৰ অভ্যাস কৰিলে শৰীৰত আইৰণৰ অভাৱ দূৰ হয় বা ৰক্তহীনতাৰ সমস্যাৰ পৰা দূৰৈত থাকিব পাৰি৷ কণীৰ দৰে সহজলভ্য, পুষ্টিকৰ খাদ্য প্ৰতিদিনে খাদ্য তালিকাত ৰখাটো জৰুৰী৷

⬛খেজুৰঃ খেজুৰত প্ৰচুৰ পৰিমাণে থাকে আইৰণ, সেয়ে নিয়মিত খাদ্য তালিকাত খেজুৰ ৰাখিলে ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত সহজ হয়৷

⬛বিলাহীঃ বিলাহীয়ে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে৷ বিলাহীত থকা আইৰণ, ভিটামিন ‘চি’ আৰু লাইক’পেন নামৰ উপাদানসমূহে ৰক্তহীনতাৰ সমস্যাৰ লগতে অন্যান্য ৰোগৰ পৰাও সুৰক্ষিত কৰি ৰাখে৷

⬛মৌঃ মৌ এবিধ উচ্ছ ঔষধিসম্পন্ন ভেষজ৷ মৌ ৰক্তহীনতা দূৰ কৰাত অত্যন্ত কাৰ্যকৰী৷ চেনিৰ পৰিৱৰ্তে খাদ্যৰ সৈতে মৌ খোৱাৰ অভ্যাস কৰিলে চেনিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা বাচিব পাৰি৷

You May Also Like

More From Author