এইবোৰ স্বভাৱে ধনী হোৱাত বাধা দিয়ে

1 min read

পৰিশ্ৰম আৰু অধ্যাৱসায় থাকিলে কোনো কামেই অসম্ভৱ হ’ব নোৱাৰে৷ পৰিশ্ৰমৰ জৰিয়তে সকলোৱে টকা-পইচা উপাৰ্জন কৰিব পাৰে৷ কিন্তু ধনী হোৱাটো সহজ নহয়৷ ধনী হ’বলৈ হ’লে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷ বহুতে পৰিশ্ৰমৰ জৰিয়তে ভাল উপাৰ্জন কৰে৷ কিন্তু মাহৰ শেষত হাতত তেওঁলোকৰ এপইচাও জমা নাথাকে৷ প্ৰশ্ন হয়, কিয় এনেকুৱা হয়? কিয় বহু চেষ্টাৰ মূৰতো ধন জমা কৰিব পৰাটো সম্ভৱ হোৱা নাই৷ এইক্ষেত্ৰত নিজৰ কিছুমান স্বভাৱৰ বিষয়ে ভাবক৷ যিবোৰ স্বভাৱৰ বাবে হাতত ধন জমা কৰাটো সম্ভৱ নহয়৷ উল্লেখ কৰা হ’ল ধনী হোৱা ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা কেইটামান স্বভাৱ–
– বহুতে কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জন ঠিকেই কৰে৷ কিন্তু ধোৱাখুলীয়া স্বভাৱৰ বাবে বিনিয়োগত মুঠেই গুৰুত্ব নিদিয়ে৷ ফলত মাহৰ শেষত এনেকুৱা লোকৰ হাত শূন্য হৈ পৰে৷
– কিছুমানে নিজৰ উপাৰ্জনৰ বাবে নিৰ্দিষ্ট কামখিনি কৰিয়েই থমকি ৰয়৷ এনে লোকে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক উপাৰ্জনৰ আশা নকৰাই ভাল৷ কিয়নো অতিৰিক্ত শ্ৰমেহে এজন লোকক অতিৰিক্ত উপাৰ্জন আনি দিয়ে৷ গতিকে ধনী হ’বলৈ হ’লে নিৰ্ধাৰিত শ্ৰমতকৈ অধিক পৰিশ্ৰম কৰিব লাগিব৷
– কিছুমান লোক আছে যিসকলে সঞ্চয় কেনেদৰে কৰিব তাক লৈ চিন্তা কৰে৷ কিন্তু উপাৰ্জন কেনেদৰে বঢ়াব সেই বিষয়ে মুঠেই নাভাবে৷ ধনী হ’বলৈ হ’লে সঞ্চয়ৰ লগতে উপাৰ্জন বঢ়োৱাৰ বিষয়ে চিন্তা কৰক৷
– একাংশ লোক আছে, যিসকলে সদায় নামী-দামী সামগ্ৰী ক্ৰয়ত গুৰুত্ব দিয়ে৷ পিছে এনে সামগ্ৰীসমূহ ৰক্ষণাবেক্ষণৰ বিষয়ে এবাৰো নাভাবে৷ একেবোৰ সামগ্ৰী যদি বাৰে বাৰে কিনিবলগীয়া হয় তেন্তে হাতত ধন কেনেকৈ থাকিব৷
– কিছুমানে আকৌ হাতত ধন আহি পৰিলেই আগপিছ নভবাকৈ খৰচ কৰিবলৈ ধৰে৷ এনে লোকে সঞ্চয় কেতিয়াও কৰিব নোৱাৰে৷ হকে-বিহকে খৰচ কৰাৰ পূৰ্বে এশবাৰ ভাবক৷
– যিসকলৰ দিনত কিমান উপাৰ্জন কৰিব পাৰে, সেই বিষয়ে ধাৰণা নাই তেওঁলোক ধনী কেতিয়াও হ’ব নোৱাৰে৷
– আমাৰ মাজত এনেকুৱা কিছুমান লোকো আছে, যিসকলে উপাৰ্জন আৰু সঞ্চয়ৰ ক্ষেত্ৰত সদায় নেতিবাচক চিন্তা কৰে৷ এনে লোকে কেতিয়াও হাতত ধন জমা ৰাখিব নোৱাৰে বা অধিক উপাৰ্জন কৰিব নোৱাৰে৷

You May Also Like

More From Author