‘আই ড্ৰপ’ ব্যৱহাৰত সাৱধান হওক

1 min read

যিকোনো ধৰণৰ চকুৰ অসুখত আক্ৰান্ত হ’লেই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দোকানৰ পৰা ঔষধ ক্ৰয় কৰি প্ৰয়োগ কৰাৰ প্ৰৱণতা বেছিভাগৰেই আছে৷ সাধাৰণতে হোৱা ধূলি-বালিৰ বাবে হোৱা কংজাংটিভাইটিছত আক্ৰান্ত হ’লে ফাৰ্মাচীৰ পৰা চকুৰ দৰৱ আনি বহুতেই ব্যৱহাৰ কৰে৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে এইদৰে ষ্টেৰয়েডযুক্ত ঔষধ চকুৰ দিয়াৰ ফলত চকুৰ অসুখ ভাল হোৱাৰ বিপৰীতে চকুৰ গুৰুতৰ ক্ষতি হোৱাৰহে আশংকা থাকে৷ চিকিৎসা বিশেষজ্ঞৰ মতে কংজাংটিভাইটিছ বিভিন্ন কাৰণত হয়৷ সাধাৰণতে বহুতেই কংজাংটিভাইটিছ বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে হয় বুলিয়েই ভাৱে৷ এনেধৰণৰ সংক্ৰমণ হ’লে চকুত ঔষধ দিয়াৰ কোনো প্ৰয়োজন নাথাকে৷ আনহাতে বসন্ত কালত হয় আন এবিধ কংজাংটিভাইটিছ৷ বসন্ত কালত ফুলৰ পৰাগৰেণুৰ পৰা হোৱা এলাৰ্জিয়ে এই সমস্যাৰ সৃষ্টি কৰে৷ এইদৰে চকুৰ অসুখত আক্ৰান্ত হ’লে ষ্টেৰয়েডযুক্ত ‘আই ড্ৰপ’ দিলে চকুৰ কৰ্ণিয়াৰ ক্ষতি হোৱাৰ আশংকা থাকে৷ কেতিয়াবা চকুত সঘনাই দৰব দিয়াৰ ফলত দৃষ্টিশক্তি ক্ৰমাৎ হ্ৰাস হৈ আহে৷ বিশেষকৈ¸ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ সকলৰ বাবে চকুৰ দৰৱে গুৰুতৰ ক্ষতি কৰাৰ আশংকা থাকে৷ সেয়েহে চকুৰ ৰঙা পৰিলেই যিকোনো ধৰণৰ ঔষধ প্ৰয়োগ কৰিব নালাগে৷

কংজাংটিভাইটিছ পৰা হাত সাৰিবলৈ এইখিনি কৰক

⬛ সাধাৰণতে ধূলি-বালিৰ পৰাই এই ভাইৰাছ বিয়পি পৰে৷ সেইবাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে গুৰুত্ব দিব লাগে৷ ঘৰ পৰিষ্কাৰ কৰি ৰখাৰ উপৰি পিন্ধা কাপোৰ সদায় চাফ-চিকুন কৰি ৰাখিব লাগে৷

⬛ চকু ৰঙা পৰিলে হাতৰে স্পৰ্শ কৰিব নালাগে৷ ইয়াৰ ফলত সংক্ৰমণ বৃদ্ধি পায়৷

⬛ চকুৰ অসুখত আক্ৰান্ত হ’লে নিজৰ খাদ্য আনৰ সৈতে ভগাই খাব নালাগে৷

⬛ চকুৰ ৰঙা পৰা অসুখত আক্ৰান্ত হ’লে সঘনাই হাত ধুব লাগে৷

⬛ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ খাব বা চকুত প্ৰয়োগ কৰিব নালাগে৷

You May Also Like

More From Author