কেঁচা জলকীয়াই বহু জটিল ৰোগত ঔষধৰ কাম কৰে

1 min read

কেঁচা জলকীয়াই খাদ্যৰ সোৱাদৰ লগতে সুগন্ধি বঢ়ায়৷ চিকিৎসকসকলৰ মতে অকল সোৱাদ বৃদ্ধিয়েই নহয়, কেঁচা জলকীয়াত থাকে বহু উপকাৰী গুণ৷ পিছে অত্যধিক জ্বলায়ো খাদ্যনলীৰ ক্ষতি কৰে৷ কেঁচা জলকীয়াত ভিটামিন-চি থাকে৷ তদুপৰি থাকে ভিটামিন বি-৬, ভিটামিন-এ, আইৰণ, কপাৰ, পটাছিয়াম আৰু সামান্য পৰিমাণৰ প্ৰ’টিন তথা কাৰ্বোহাইড্ৰেটৰ লগতে কেৰ’টিন-বি, কেৰ’টিন-এ আৰু লিউটেইন আদিৰ দৰে উপাদান৷ চিকিৎসকসকলৰ মতে পাকস্থলীৰ কৰ্কট ৰোগত কেঁচা জলকীয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ তদুপৰি আন বিভিন্ন জটিল ৰোগতো কেঁচা জলকীয়াই ঔষধৰ কাম কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ সমস্যা বা ৰোগত কেঁচা জলকীয়াই ঔষধ হিচাপে কাম কৰে–

⬛ পাকস্থলীৰ কৰ্কট ৰোগঃ কেঁচা জলকীয়াই পাকস্থলীৰ কৰ্কট ৰোগৰ লগতে পাকস্থলীৰ যিকোনো ৰোগ নিৰাময় কৰে৷ খাদ্য হজম কৰাতো সহায় কৰে কেঁচা জলকীয়াই৷

⬛ ডায়েবেটিছঃ জলকীয়াত থকা ৰাসায়নিক উপাদানসমূহে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰখাতো সহায় কৰে৷ তদুপৰি কটা-ছিঙাৰ ফলত হোৱা ৰক্তপাত বন্ধ কৰে জলকীয়াই৷

⬛ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ জলকীয়াত থকা এণ্টিবেক্টেৰিয়েল গুণে শৰীৰত জীৱাণুৰ সংক্ৰমণ প্ৰতিৰোধ কৰে৷

⬛ হাওঁফাওঁৰ সমস্যাঃ দৈনিক কেঁচা জলকীয়া খোৱাৰ অভ্যাসে পানীলগা সমস্যা, কাঁহ-চৰ্দি আৰু আনকি হাওঁফাওঁৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ লগতে কেঁচা জলকীয়াই টিছুসমূহৰ পুনৰগঠন কৰে, নতুন ৰক্তকোষৰ সৃষ্টি কৰে, হাড় সু্‌স্থ আৰু শক্তিশালী কৰি ৰাখে৷

⬛ তাৰুণ্য ধৰি ৰাখেঃ যিসকলে দৈনিক কেঁচা জলকীয়া খায়, তেওঁলোকৰ ছালত বয়সৰেখা নাথাকে৷ বয়স ধৰি ৰখাৰ ক্ষেত্ৰত কেঁচা জলকীয়াই যাদুৰ দৰে কাম কৰে৷ তদুপৰি মন-মগজু সতেজ কৰি ৰাখে কেঁচা জলকীয়াই৷

You May Also Like

More From Author