কাৰ্বি আংলঙৰ হাওৰাঘাটৰ যুৱক ৰূপাল নমঃশূদ্ৰ সন্ধানহীন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২০আগষ্ট:–কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অধীনত থকা উত্তৰ বৰবিল উপ আৰক্ষী থানৰ অন্তৰ্গত ৪ নং ৰংকুট গাঁৱৰ এজন যুৱক নিৰুদ্দেশ হৈ আছে। বলৰাম নম:শূদ্ৰৰ পুত্ৰ ৰূপাল নম:শূদ্ৰ নামৰ যুৱকজন গেঞ্জী আৰু হাফ পেন্ট পিন্ধা অৱস্থাত ৰবিবাৰে দিনৰ ১১ বজাত নিজ ঘৰৰ পৰাই এখন নতুন চাইকেল লৈ কৰবালৈ ওলাই গুচি যায় । সন্ধানহীন হোৱাৰ পূৰ্বে পৰিয়ালৰ সদস্যক ৰূপালে দোকানলৈ যাও বুলি ওলাই যায় যদিও সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত ঘৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । ৰূপালৰ বৰদেউতা ৰাজেন্দ্ৰ নম:শূদ্ৰই জানিবলৈ দিয়া অনুসৰি নিৰুদ্দিষ্ট হোৱা যুৱকজন বিগত তিনি মাহ মানৰ আগৰ পৰা মানসিক বেমাৰত ভুগি আছিল । এই সন্দৰ্ভত ২০ বছৰীয়া যুৱকজনক নগাঁও আৰু গুৱাহাটীলৈ নি চিকিৎসাধীন কৰোৱা হয় যদিও মানসিক ৰোগত ভুগি থকা বুলি জানিব দিয়ে । কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দিষ্ট যুৱকজনৰ বিষয়ে কোনো খবৰ পালে যিকোনো আৰক্ষী থানা / আৰক্ষী চকীত নাইবা ৮৭৬১০৩৫৪২০ আৰু ৮৮১২৪১৮৫২ নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author