গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ তেজপুৰ মণ্ডলৰ নাট প্ৰতিযোগিতাৰ সামৰণি

1 min read

নিউজ ব্যুৰ’,নগাঁও,২২আগষ্ট:–গুৱাহাটীৰ শিশু নাট্য বিদ্যালয়ে বিদ্যালয়খনৰ ৰূপালী জয়ন্তী উপলক্ষে যোৱা ১৯ আৰু ২০আগষ্টত অসমৰ তিনিটা মণ্ডলত আয়োজন কৰা তেজপুৰ মণ্ডলৰ সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে । অসমৰ বিভিন্ন জিলাৰ মুঠ ২০টা শিশু নাট্য দলৰ যোগদান কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ ৰঙ্গমঞ্চত ১৯ আগষ্টত প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকে । গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মানিক ৰয়ে সংবাদ মাধ্যমক জনোৱা শিশু প্ৰতিযোগিতাখনিৰ ঘোষিত ফলাফল অনুসৰি বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ “বাট থিয়েটাৰ”ৰ দলে (নাটক-“নিগনিৰ দৌৰ”)প্ৰথম শ্ৰেষ্ঠ নাট্যদল,লখিমপুৰ জিলাৰ “পূবেৰুণ মইনা পাৰিজাত”ৰ দলে (নাটক-“কুৰুক্ষেত্ৰত খেলিমেলি”) দ্বিতীয় শ্ৰেষ্ঠ আৰু বিশ্বনাথ জিলাৰ “নাট্য প্ৰশিক্ষণ কেন্দ্ৰ”ৰ দলে (নাটক -“মেইন ভাওঁ কোনে ল’ব”) তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান অৰ্জন কৰে । সেইদৰে শ্ৰেষ্ঠ অভিনেতা শিতানত আয়ুষ্মান নেওগে (নাটক-”ঔগুৰিৰ খেল”) প্ৰথম,উদ্দীপন দাসে (নাটক- “গোবৰ্দ্ধনৰ গোপাল) দ্বিতীয় আৰু অবিনাশ ভৰদ্বাজে (নাটক-“ত্যাগ”) তৃতীয় পুৰস্কাৰ লাভ কৰে । ইপিনে শ্ৰেষ্ঠ অভিনেত্ৰী ৰূপে নৱনিশা বৰাই (নাটক-”ভেকোলা মহাজনৰ বিলৈ”)প্ৰথম,গৰিমা হাজৰিকাই (নাটক- ”কুৰুক্ষেত্ৰত খেলিমেলি”) দ্বিতীয় আৰু গ্ৰীতৃষ্ণা মহন্তই (নাটক-”মেইন ভাওঁ কোনে ল’ব” ) তৃতীয় পুৰস্কাৰ লাভ কৰে । আনহাতে প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল হিচাপে কাৰ্বি আংলঙৰ অসম নাট্য সন্মিলনৰ লাংহিন শাখা (নাটক-”আমি মানুহ হ’ম মানুহৰ পূজাৰী”) বিবেচিত হয় । শ্ৰেষ্ঠ পৰিচালক ৰূপে পূবেৰুণ মইনা পাৰিজাতৰ নিতুল ডেকাই (নাটক-“কুৰুক্ষেত্ৰত খেলিমেলি”), দ্বিতীয় শ্ৰেষ্ঠ পৰিচালক ৰূপে পংকজ ৰাজখোৱা (নাটক- “ভেকোলা মহাজনৰ বিলৈ”) আৰু তৃতীয় শ্ৰেষ্ঠ পৰিচালক ৰূপে সন্তৰাম দাসে (নাটক-”বনভোজৰ বৰভুল”) খিতাপ অৰ্জন কৰে । শ্ৰেষ্ঠ নাট্যকাৰ ৰূপে নগাঁৱৰ ৰাইদঙ্গীয়াৰ অঞ্জন ভূঞাই (নাটক- ”গোহালি ঘৰৰ দূৰদৰ্শন”)প্ৰথম, বাবুল বৰঠাকুৰে (নাটক- “যোগ-বিয়োগ”) দ্বিতীয়,ৰিপন শইকীয়াই (নাটক-”জোনাকীৰ পৃথিৱী”) তৃতীয় স্থান অধিকাৰ কৰে । শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে দাধৰা ৰূপজ্যোতি মইনা পাৰিজাতৰ শুভ্ৰজ্যোতি বৰাই (নাটক-“ভেকোলা মহাজনৰ বিলৈ”),শ্ৰেষ্ঠ আলোকসজ্জাত বিশ্বনাথ চাৰিআলিৰ পঞ্চতাৰকাৰ মাইনু শইকীয়া (নাটক-”কৰিশ্মা আহি আছে”),শ্ৰেষ্ঠ দৃশ্যসজ্জাত তেজপুৰ কেতেকীবাৰীৰ ৰূপসজ্জা ডলফিন কলা নিকেতনৰ ৰঞ্জিত ভৰালী (নাটক-“ত্যাগ”),শ্ৰেষ্ঠ ৰূপসজ্জাত জ্যোতিনগৰৰ জে বি ফাউণ্ডেচনৰ দিব্যজ্যোতি নাথ বিবেচিত হয় । উল্লেখযোগ্য যে শিশু নাট প্ৰতিযোগিতাখনিত অনুৰূপা ডেকাৰজা,লুইত বৰুৱা আৰু সঞ্জীৱ বুঢ়াগোঁহাই বিচাৰক হিচাপে উপস্থিত থকা দুদিনীয়াকৈ আয়োজিত নাট প্ৰতিযোগিতাখনি তেজপুৰৰ বহু নাট্যপ্ৰেমী দৰ্শক ৰাইজে নাট উপভোগ কৰে । অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ সভাপতি তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী,বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী, পৰিচালক-অভিনেতা ভূপেন শৰ্মাৰ লগতে উপস্থিত আছিল নাট্যকাৰ জিতেন শৰ্মা, নাট্যকাৰ শোভেশ্বৰ দাস, সাংস্কৃতিক কৰ্মী ৰাজকুমাৰ দাস আদি প্ৰমূখ্যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ একাংশ সদস্য আৰু বিষয়বীয়া উপস্থিত থাকে । আনহাতে অহা ২৬-২৭আগষ্টত নলবাৰী আৰু ৯-১০ছেপ্তেম্বৰত শিৱসাগৰত আন দুটা মণ্ডলত সদৌ অসম ভিত্তিত শিশু নাট প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author