পশ্চিম কাৰ্বি আংলঙত তিৱা ভাষাৰ অভিধান উন্মোচন

1 min read

নিউজ ব্যুৰ’,নগাঁও,২২আগষ্ট:–পশ্চিম কাৰ্বি আংলং জিলাত সোমবাৰে উন্মোচন কৰা হয় এখনি তিৱা ভাষাৰ ব্যাকৰণ । ৱেষ্টাৰ্ণ ৱাশ্বিংটন ইউনিভাৰচটি এচছিয়েট প্ৰফেছৰ ড° ভাৰ্জিনিয়া দাউচনৰ দ্বাৰা ৰচনা কৰি উলিওৱা “Introduction to Tiwa Grammar” শীৰ্ষক ব্যাকৰণখনি উন্মোচন কৰে তিৱা মাথনলাই তখ্ৰাৰ সভাপতি দ্বিপেন্দ্ৰ নাথ বৰদলৈয়ে । ব্যাকৰণখনিৰ ৰচক অষ্ট্ৰেলিয়াৰ নিবাসী ড° ভাৰ্জিনিয়া দাওচে সকলো তিৱা ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ব্যাকৰণখনি প্ৰকাশ কৰি দিয়াৰ বাবে তিৱা মাথনলাই তখ্ৰাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । ব্যাকৰণখনি প্ৰস্তুতৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলঙৰ অন্য তিনিগৰাকী লেখকেও ড° দাওচেক সহায় কৰে । উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি পৰিষদৰ কাৰ্য্যবাহী সদস্য উফিঙ মচলাইয়ে উক্ত ব্যাকৰণখনি তিৱা ভাষা সাহিত্য বিকাশৰ বাবে ডাঙৰ অৱদান বুলি উল্লেখ কৰে । তিৱা মথনলাই তখ্ৰাৰ কেন্দ্ৰীয় সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্য্যবাহী সদস্য ডি উফিং মচলাইৰ উপৰি তিৱা মাথনলাই তখ্ৰাৰ উপ সভাপতিদ্বয় শৰৎ চন্দ্ৰ পাতৰ আৰু যোগেশ্বৰ বৰদলৈ,প্ৰাক্তন সভাপতিদ্বয় মহেশ্বৰ পাতৰ,লালচিং মাদাৰ, সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক নিবন আমচি,সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰৰ লগতে জিলা সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে । তিৱা মথনলাই তখ্ৰাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি অনুষ্ঠানৰ শলাগ লয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author