নিমপাত স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। নিম পাতৰ বহুতো ঔষধি গুণ আছে৷ আয়ুৰ্বেদত বহুতো ৰোগ নিৰাময়ৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। ডায়েবেটিচ আৰু ছালৰ ৰোগৰ পৰা পোৱা লাভালাভৰ বাবে নিম উপযুক্ত বুলি গণ্য কৰিব পাৰি। উত্তৰ প্ৰদেশৰ আলিগড় আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ এজন অধ্যাপকে কৈছে যে নিমৰ পাতবোৰ অতি উপকাৰী। ডায়েবেটিচ থকা
Month: August 2023
টাটা গ্ৰুপৰ (TATA GROUP) মালিকানাধীন এয়াৰলাইন (Airline) এয়াৰ ইণ্ডিয়াই (Air India) ইয়াৰ নতুন Logo আৰু ডিজাইন উন্মোচন কৰিছে। Airক এতিয়া এটা নতুন Logo, ব্ৰেণ্ড আৰু পৰিচয়ৰ সৈতে দেখা পোৱা যাব। জানিব পৰা মতে, Air Indiaই বিগত ১৫ মাহ ধৰি নতুন Logoৰ ওপৰত কাম কৰি আছিল। Air Indiaই এয়াৰলাইনৰ (Airline) logoৰ
বৰ্তমান সময়ত চৰ্চাত আছে আহিবলগীয়া অসমীয়া বোলছবি ৰাঘৱ । তাৰ মাজতেই নেটিজেনে যতীন বৰাক লৈ সামাজিক মাধ্যমত বিভিন্ন মন্তব্য কৰা পৰিলক্ষিত হৈছে । যতীন বৰাই “কা” আন্দোলনৰ সময়ত গ্ৰহণ কৰা স্থিতিক লৈ অসন্তুষ্ট বিভিন্নজন । আজি নলবাৰীৰ খুখুন্দিত লীগ নক আউট প্ৰতিযোগিতাৰ ফাইনেল খেল চাবলৈ আহিল ৰাঘৱৰ অভিনেতা যতীন বৰা
বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ বাছ দুৰ্ঘটনা। দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাত আহত কেইবাজনো যাত্ৰী । মুষলধাৰ বৰষুণৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দিভাইডাৰত উঠিল বাছ। আহত সকলক পাঠশালাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল যাত্ৰী ভৰ্তি বাছখন।
লংকাৰ বামুণগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। শনিবাৰে নিশা চোৰৰ সন্দেহত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশই। নিহত লোকজনৰ নাম হিপজুৰ ৰহমান বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৬জন লোকক আটক কৰিছে আৰক্ষীয়ে। আটক হোৱা কেইজন- সঞ্জয় দাস, নিখিল দাস, তুলেন্দ্র দাস, উত্তম চক্রৱৰ্তী, জয়ন্ত চক্রৱৰ্তী, সন্ধু মজুমদাৰ।