সপ্তাহত বাৰৰ অনুসাৰে তিলক লগালে গ্ৰহৰ পৰা শ্ৰেষ্ঠ তথা শুভ ফল প্ৰাপ্ত কৰিব পাৰি

1 min read

জ্যোতিষ শাস্ত্ৰ অনুসাৰে-সপ্তাহত বাৰৰ অনুসাৰে-তিলক লগালে গ্ৰহক অনুকূল ৰূপে গঢ়িব পাৰি আৰু গ্ৰহৰ পৰা শ্ৰেষ্ঠ তথা শুভ ফল প্ৰাপ্ত কৰিব পাৰি।

হিন্দু ধৰ্মত শৌৱ,শাক্ত,বৈষ্ণৱ আৰু অন্য সম্প্ৰদায়ৰ লগত সম্বন্ধিত ব্যক্তিসকলে নিজৰ নিজৰ মান্যতা অনুসাৰে তিলক ধাৰণ কৰে।

তিলকৰ প্ৰকাৰ-

মৃত্তিকা,ভষ্ম,চন্দন,ৰৌলী,

সেন্দূৰ গৌপী আদি।

এই সকলোৰে ভিতৰত চন্দনৰ তিলকক ধাৰণ কৰাৰ বিেষ মহত্ব আছে।চন্দনৰ তিলক শীতল হয়।আৰু চন্দনৰ তিলক ধাৰণ কৰিলে পাপ নাশ হয়।জ্ঞানতুন্তুও সক্ৰিয় হয় থাকে।জীৱন পথত অহা সমস্যাৰ পৰা হাত সাৰিব পাৰি আৰু ব্যক্তি লক্ষ্মীবান হয়।

চন্দনৰ জাতি-

হৰি চন্দন,গৌপী চন্দন,বগা চন্দন আৰু ৰঙা চন্দন।

কোন দিনাখন লগাব লাগে কি চন্দন!

সোমবাৰ-

সোমবাৰৰ দিনা-ভগৱান ভোলানাথ আৰু চন্দ্ৰ গ্ৰহক সমৰ্পিত হয়।মন-মস্তিষ্কত চন্দ্ৰমাৰ অধিপত্য মনা হয়!মনক শান্ত কৰি ৰাখিবলৈ-সোমবাৰৰ দিনা বগা চন্দনৰ তিলক লগাব লাগে।

মংগলবাৰ-

মংগলবাৰৰ দিনা ভগৱান হনুমান আৰু মংগল গ্ৰহক সমৰ্পিত হয়।মংগলবাৰৰ দিনা চমেলি তেলত সেন্দূৰ মিহলাই তিলক ধাৰণ কৰিলে ওৰ্জা আৰু কায্যক্ষমতাত বৃদ্ধি হয়।

বুধবাৰ-

বুধবাৰৰ দিনা-মা দূৰ্গা,ভগৱান গণেশ আৰু বুধ গ্ৰহক সমৰ্পিত হয়।বুধবাৰৰ দিনা শুকান সেন্দূৰৰ তিলক ধাৰণ কৰিব লাগে।ইয়াৰ দ্ধাৰা বৌধিখ আৰু আত্মিক বিকাশ হয়।

গুৰুবাৰ-

গুৰুবাৰৰ দিনা-বৃহস্পতিদেৱ আৰু শ্ৰী হৰিক সমৰ্পিত।এইদিনা কেশৰ চন্দন,হৰি চন্দন অথবা হালধিৰ তিলক লগাব লাগে।এনে কৰিলে মনলৈ শুদ্ধ আৰু পবিত্ৰ বিচাৰৰ সমাবেশ হয়।ধনৰ লগত সম্বন্ধিত সকলো সমস্যাৰ সমাধান হয়।

শুক্ৰবাৰ-

শুক্ৰবাৰৰ দিনা দেৱী লক্ষ্মী আৰু শুক্ৰ গ্ৰহক সমৰ্পিত হয়।এইদিনা অবীৰ আৰু গুলাল লগালে চিন্তাবোৰৰ পৰা মুক্ত পোৱা যায়।

শনিবাৰ-

শনিবাৰৰ দিনা-ভৈৰৱ,শনি আৰু যমৰাজক সমৰ্পিত হয়।এইদিনা বিভূতি,ভষ্ম অথবা কাজলৰ তিলক লগাব লাগে।ইয়াৰদ্ধাৰা এই বাৰৰ লগত সম্বন্ধিত সকলো দেৱতা প্ৰসন্ন হয় আৰু আৰ্শীবাদ প্ৰাপ্ত হয়।

দেওবাৰ-

দেওবাৰৰ দিনা গ্ৰহৰ ৰজা-সূয্য আৰু নাৰায়ণক সমৰ্পিত।এই দিনা ৰঙা চন্দন বা ৰৌলীৰ তিলক ধাৰণ কৰিব লাগে।ইয়াৰদ্ধাৰা মান-সন্মান তথা প্ৰতিষ্ঠাত বৃদ্ধি হয়।

You May Also Like

More From Author