এই পাঁচটা স্বভাবৰ পুৰুষ-মহিলাৰ গৃহতহে বাস কৰে মা লক্ষ্মীয়ে

1 min read

হিন্দু ধৰ্ম অনুযায়ী প্ৰতিটো দিন বাৰ কোনো এজন দেৱ -দেৱীৰ নামত সমৰ্পিত হয়। শুক্ৰবাৰ দিনটো মা সন্তোষী আৰু লক্ষ্মী মাৰ দিন ৰূপে মনা হয়।

মানুহে মা লক্ষ্মীক প্ৰসন্ন কৰিবৰ বাবে শুক্ৰবাৰে ব্ৰত পালন কৰে আৰু এই ব্ৰত পালন কৰিলে ধন সম্পত্তিৰ বৃদ্ধি হয় আৰু মা লক্ষ্মীৰ কৃপা সদায় লগত থাকে। যদি আপুনি শুভাগ্য আৰু ধন প্ৰাপ্তি কৰিব বিচাৰে তেন্তে আপুনি এই ব্ৰত পালন কৰিব পাৰে। বহু সময়ত মা লক্ষ্মী আমাৰ ওপৰত প্ৰসন্ন হৈ আমাৰ ওপৰত কৃপা কৰে কিন্তু তাৰ আগতে মা লক্ষ্মীয়ে বহুত সংকেত দিয়ে যিটো আমি সাধাৰণ মানুহে বুজি নাপাওঁ। 

এই গুপ্ত সংকেতৰ মাধ্যম আমি দেখা সপোনবোৰ হব পাৰে আৰু আমাৰ ওচৰৰ পাজৰৰ জীৱ-জন্তু।

আজি আমি সেইকেইটা সংকেতৰ বিষয়ে আলোচনা কৰিম। মা লক্ষ্মীক আমি কেৱল পূজা-পাতল কৰিয়েই সুখী কৰিব নোৱাৰো। মানুহৰ মাজত কিছুমান গুণ থাকিব লাগে যাৰ বাবে মা লক্ষ্মী সদায় তেওঁৰ ঘৰত নিবাস কৰে।

মা লক্ষ্মীক ঘৰলৈ  আমন্ত্ৰিত কৰিবৰ বাবে কোনকেইটা গুণ ব্যক্তি এজনৰ মাজত থাকিব লাগে সেই বিষয়ে আজি আলোচনা কৰিম।

“শ্ৰী” শব্দটো আমি সকলোৱে জানো। সংস্কৃত ব্যাকৰণৰ ফালৰ পৰা চাবলৈ গলে এই শব্দটো তিনিটা শব্দৰ পৰা সৃষ্টি হৈছে।আৰু এই তিনিটা শব্দ হৈছে- শোভা, লক্ষ্মী আৰু কান্তি। এই তিনিওটাক প্ৰয়োগ কৰি শ্ৰীক শক্তি ৰূপে মনা হয়। দৰাচলতে সমগ্ৰ সংসাৰৰ প্ৰাণশক্তি হৈছে “শ্ৰী” অৰ্থাৎ লক্ষ্মী আৰু এই শব্দৰ উল্লেখ সৰ্বপ্ৰথমে ঋকবেদত কৰা হৈছিল।

মুখ্য ৰূপত আমি যেতিয়া কথা পাতো , অৰ্থাৎ শুক্ৰবাৰ দিনা যদি আপুনি  “শ্ৰী” শব্দ উচ্চাৰণ কৰে তেন্তে আপোনাৰ জীৱনত সুখ সমৃদ্ধি, ধন টকা , সন্মান সকলো লাভ কৰিব পাৰিব। কিছুলোকৰ মতে “শ্ৰী” শব্দটো দেৱী লক্ষ্মীৰ পৰ্যায়বাছি শব্দ। আৰু বিশেষ ৰূপত দেৱালীৰ দৰে উৎসৱত ইয়াৰ পূজা কৰা হয়।

আমাৰ পূৰানত বহুত কাহিনী আছে। তাৰে মাজৰ এটাত , এদিন দেৱী ৰুক্মিণী বৈকুণ্ঠলৈ যাওঁতে ভগবান বিষ্ণুৰ পত্নী মহালক্ষ্মীক এটা প্ৰশ্ন সোধে যে ‘আপুনি কাৰ ঘৰত নিবাস কৰে?’

মা লক্ষ্মীক আমন্ত্ৰণ কৰিব পৰা বহুতো কথা আছে যদি আমি সেইবোৰ নাজানো তেন্তে আমাৰ সৰু সৰু ভুলৰ বাবে মা লক্ষ্মী আমাৰ ওপৰত খং কৰি গুচি যায়। ৰুক্মিণীৰ প্ৰশ্নৰ উত্তৰত মা লক্ষ্মীয়ে কলে,’পুৰুষ আৰু মহিলাৰ যি সৰু সৰু গুণ থাকে মই তেওঁলোকৰ ঘৰত নিবাস কৰোঁ।’

যি পুৰুষে কম কথা পাতে আৰু সুখৰ হাঁহি এটি পিন্ধি মিঠা মাতেৰে কথা পাতে তেনে পুৰুষৰ ঘৰত মা লক্ষ্মী নিবাস কৰে।

যি পুৰুষ কৰ্ম দক্ষতা থাকে, নিজৰ পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰে তেনে পুৰুষৰ ঘৰত মা লক্ষ্মীৰ বাস হয়। যিসকল পুৰুষ উদাৰ হয়, নিজৰ পৰিয়ালৰ লোকসকলক উদাৰতা দেখুৱাই তেনে পুৰুষৰ ঘৰত মা লক্ষ্মীয়ে নিবাস কৰে। যি পুৰুষৰ খং-ৰাগ কম, যি পুৰুষে নিজৰ স্ত্ৰীক লক্ষ্মীৰ স্থান দিয়ে তথা ঘৰ খনৰ সকলো মহিলাক মান সন্মান কৰে তেনে পুৰুষৰ ঘৰত মা লক্ষ্মী সদায় নিবাস কৰে। যি ব্যক্তিয়ে ব্যস্ততাৰ মাজতো প্ৰভূক মনত পেলাই তেওঁৰ চৰণত ঠাই লয় তেওঁৰ ঘৰটো মা লক্ষ্মী বাস কৰে। 

পুৰুষ এজনৰ মাজত এইকেইটা গুণ থাকিব নালাগে যাৰ বাবে মা লক্ষ্মী তেওঁৰ ঘৰৰ পৰা খং কৰি আঁতৰি যায়-

যি পুৰুষে বেলেগৰ বাহন আনে তেওঁৰ ঘৰত মা লক্ষ্মী নিবাস নকৰে। যি পুৰুষে বেলেগ এজন ব্যক্তিৰ খেতি , পত্নী , ঘৰ তথা ফচলৰ ওপৰত হাত দিয়ে তেনে লোকৰ ঘৰত মা লক্ষ্মী কেতিয়াও নিবাস নকৰে। যি পুৰুষে নিজৰ পত্নী তথা মহিলাৰ ওপৰত দম দেখুৱাই তেওঁলোকক অত্যাচাৰ কৰে তেনে পুৰুষৰ ঘৰত মা লক্ষ্মী কেতিয়াও নাথাকে। যি পুৰুষে কথাই প্ৰতি মিছা মাতে, বেলেগক অশান্তি কৰে তেনে পুৰুষৰ ঘৰত মা লক্ষ্মী নিবাস নকৰে।

আমি জীৱনত নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি আগুৱাই গলে মা লক্ষ্মীৰ কৃপা সদায় আমাৰ লগত বৰ্তি থাকিব। আজিৰ দিনত যেতিয়া মহিলাসকলেও পুৰুষৰ লগত সমানে আগবাঢ়ি গৈছে তেনে স্থলত মহিলা সকলেও তেওঁলোকৰ গুণ বোৰ জানি লোৱাটো ভাল যাৰ বাবে মা লক্ষ্মী সদায় তেওঁৰ লগত থাকিব আৰু যিবোৰ বেয়া গুণৰ বাবে মা লক্ষ্মী খং কৰি গুচি যায় সেইবোৰ জানি লোৱাটো ভাল।

 

pexels-mriganka-majumder-5865116

স্বামীৰ সেৱাত নিজকে স্ত্ৰীয়ে নিয়োজিত কৰাটো প্ৰাচীন কালৰে কথা। কিন্তু আজিকালি প্ৰায়ে পঢ়া – লিখা কৰা ছোৱালীয়ে কয় যে আমি স্বামীৰ সেৱাত নিজকে কিয় নিয়োজিত কৰিব লাগে? যেতিয়া পুৰুষ এজনে উৰে দিন কষ্ট কৰি পৰিয়ালটোৰ লগতে নিজ পত্নীক চোৱা চিতা কৰে, সম্পূৰ্ণ দায়িত্ব পালন কৰে তেতিয়া স্বামীৰ সেৱা কৰাটো এগৰাকী পত্নীৰ দায়িত্ব। কিন্তু আজিৰ দিনত পত্নী পতি দুয়ো বাহিৰলৈ গৈ কাম কৰে , তেনে স্থলত দুয়োয়ে ইজনে আনজনৰ কষ্ট বুজি পোৱাটো জৰুৰী। এনে ব্যক্তিয়ে যদি মিলি-জুলি জীৱন যাপন কৰে তেন্তে নিশ্চয় মা লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিব। 

যিসকল স্ত্ৰী গৃহিনী হয় আৰু স্বামীয়ে গৈ বাহিৰত কাম কৰে তেওঁলোকৰ নিজৰ পৰিয়ালটো আৰু স্বামীৰ সেৱা কৰাটো ধৰ্ম হৈ পৰে আৰু এইয়া আপোনাৰ দায়িত্ব হয়। কিন্তু যি বোৰ ঘৰত পতি আৰু পত্নী দুয়ো মিলি কাম কৰে তেওঁলোকে নিজৰ পৰিয়ালৰ দায়িত্ব সমানে পালন কৰিব লাগে।

স্ত্ৰী সকল সদায় ক্ষমাশীল হব লাগে। যদি আপোনাক কোনোবাই বিশ্বাস ঘাট কৰিছে , আমনি কৰিছে  তেনে ক্ষেত্ৰত আপুনি সদায় তেওঁক ক্ষমা কৰিব লাগে। মহিলা সকলৰ চন্দ্ৰমা নিম্ন হৈ যোৱাটো তেওঁলোকৰ এটা সমস্যা হয়। প্ৰতি মাহে মাহেকীয়া হোৱাৰ বাবেও মংগল নিম্ন হৈ থাকে। তেনেস্থলত স্ত্ৰী সকলে ৰঙা চুৰি পিন্ধিব লাগে আৰু লগতে ক্ষমাশীল হব লাগে। যিসকল লোকে আপোনাক দুখ দিয়ে তেওঁক আপুনি মাফ কৰি দিব লাগে। কিয়নো এনে কৰিলে আপুনি সৰু হৈ নাযায় বৰঞ্চ আপুনি নিজৰ মনৰ বুজা পাতল কৰিব পাৰে। সেইবাবে বেলেগে আপোনাৰ লগত যিমান বেয়া কৰিলেও সদায় ক্ষমাশীল হব লাগে। স্ত্ৰী সকলে কেতিয়াও বেলেগৰ কথা বেয়াকৈ আলোচনা কৰিব নালাগে, কাৰ জীৱনত কি হৈছে সেই লৈ কথা পাতিব নালাগে।  সদায় নিজৰ ঘৰখনত কি হৈ আছে সেইটো নোচোৱাকৈ কেতিয়াও আনৰ ঘৰৰ পৰিস্থিতিৰ বিষয়ে নিন্দা কৰি আৰু দুজনৰ লগত কথা পাতিব নালাগে।

যিসকল স্ত্ৰী এনেধৰণৰ কাম কৰাৰ পৰা বিৰত থাকে তেনে স্ত্ৰীৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় থাকে। স্ত্ৰী সকল সদায় মৃদুভাষী হব লাগে সকলোৰে লগত। পুৰুষ সকল স্ত্ৰীৰ তুলনাত বহুত সংযমী হয়। কিন্তু তেনে হব নালাগে , স্ত্ৰী সকল পুৰুষতকৈ বেছি সংযমশীল হব লাগে।

এনে কিছুমান কাম আছে যিবোৰ এগৰাকী স্ত্ৰীয়ে কৰিব নালাগে। এইবোৰ কাম কৰিলে মা লক্ষ্মী আপোনাৰ লগত কেতিয়াও নাথাকে ।

আপোনাৰ হাজাৰ চিন্তা থাকিলেও, জীবনত অশান্তি থাকিলেও অনবৰতে খঙত থাকিব নালাগে। কথাই প্ৰতি খং কৰা স্বভাৱৰ আপুনি হব নালাগে। এনে স্ত্ৰীৰ ঘৰত মা লক্ষ্মীৰ নিবাস নহয়। কোনো কথা বতৰা নোহোৱাকৈ এগৰাকী স্ত্ৰীয়ে বকি থাকিব নালাগে, হাঁহিব নালাগে আৰু জোৰেৰে কথা পাতিব নালাগে। এনে স্বভাৱ থকা স্ত্ৰীৰ ঘৰত মা লক্ষ্মী বাস নকৰে। যিসকল স্ত্ৰীয়ে অনবৰতে খোৱাৰ কথা চিন্তা কৰে আৰু যেতিয়াই যি পায় তাকেই খায় দিয়ে তেনে স্ত্ৰীৰ ঘৰত মা লক্ষ্মী নাথাকে। যিসকল স্ত্ৰীয়ে এলাহ কৰি অলপ কাম কৰিয়েই শুই পৰে তেনে স্ত্ৰীৰ এনে লক্ষণৰ কাৰণ হৈছে মা লক্ষ্মীৰ খং

এইবোৰ কথা মা লক্ষ্মীয়ে ৰুক্মিণীক কৈছিল যে যিবোৰ গুণ থাকিব লাগে আৰু কোনবোৰ থাকিব নালাগে।

শুভাগ্য প্ৰাপ্তিৰ বাবে যেতিয়া আমি মা লক্ষ্মীৰ আৱাহন কৰোঁ তেতিয়া তেওঁ আমাক কিছুমান সংকেত দিয়ে। মা লক্ষ্মীয়ে বিশেষ ভাবে ৫তা সংকেত দিয়ে।

১/ যদি আপুনি ৰাতিপুৱা কামলৈ ওলাই যাওঁতে আপোনাৰ সন্মুখত কোনো চাফাই কৰ্মী আহে তেন্তে ইয়াক শুভ সংকেত বুলি মনা হয়। যদি আপুনি ইচ্ছা কৰে তেন্তে আপুনি তেওঁৰ হাতত কেইটাক মান দি হে আগবাঢ়িব লাগে।

২/ যদি আপুনি ৰাতিপুৱা শুই উঠি গাখীৰ বা দৈৰে ভৰি থকা পাত্ৰ দেখা পায় তেন্তে ইয়ো এক শুভ লক্ষণ আৰু শীঘ্ৰেই মা লক্ষ্মীৰ দৰ্শন আপোনাৰ ভাগ্যত আছে। যেতিয়া আমি সমস্যাৰ সন্মুখীন হও তেতিয়া আমি চাওঁ যে কোনবোৰ সৰু সৰু শুভ সংকেত আছে যাৰ দ্বাৰা আমি সমাধান পাব পাৰো।

৩/ যদি আপুনি ৰাতিপুৱাই শঙ্খৰ ধ্বনি কোনো মন্দিৰত শুনা পায় অথবা যিকোনো ধৰ্মৰ ভগৱানক প্ৰাৰ্থনা কৰা কিবা শুনা পায় তেন্তে ই আপোনাৰ বাবে এক শুভ সংকেত।

৪/ যদি আপুনি ঘৰৰ পৰা কামৰ বাবে বা পৰীক্ষাৰ বাবে ওলাই গৈছে আৰু গো মাতা দেখা পায় তেন্তে ই এক বহুত ভাল শুভ সংকেত হয়।  যদি সম্ভৱ তেন্তে সেইসময়ত আপুনি সেই গৰুজনীক কিবা এটা খুৱাই দিব লাগে। এনে নকৰিলেও মাত্ৰ প্ৰণাম কৰি আগুৱাই যাব লাগে। ই আপোনাৰ কাৰ্য্য সম্পন্ন হোৱাৰ সংকেত দিয়ে।

৫/ সৰ্পৰ আমাৰ জীৱনত বহুত মহত্ব আছে। প্ৰায়ে আমি সৰ্প দেখা পালে ভয় কৰোঁ। সপোনত যদি সৰ্প দেখা পায় আৰু কৰবাত গৈ থাকোঁতে যদি বগা ৰঙৰ সৰ্প দেখিবলৈ পায় তেন্তে ই বহুত ভাল সংকেত হয়। বগা ৰঙৰ সৰ্পৰ দৰ্শনে জীৱনলৈ সুখ অহাৰ সংকেত দিয়ে।

যিসকল লোকে নিজৰ জীৱনত কষ্ট কৰে তেওঁলোকৰ ওপৰত মা লক্ষ্মী সদায় প্ৰসন্ন হৈ থাকে।মানুহে ঘৰখন কেতিয়াও লেতেৰা কৰি থব নালাগে। পোৱা গধূলি ঘৰত ধূপ,চাকি জ্বলাব লাগে আৰু জয় মা লক্ষ্মীৰ জাপ কৰিব লাগে। যিকোনো ধৰ্মাৱলম্বীৰ লোকে সন্ধিয়া এগছি চাকি তুলসী মাৰ নামত অৰ্পণ কৰিব লাগে। কিয়নো মা লক্ষ্মীৰ বান্ধৱী হয় তুলসী মা আৰু কোৱা হয় যে মা লক্ষ্মী তুলসী মাৰ ওচৰলৈ আহে।

( উৎস : ইণ্টাৰনেত )

You May Also Like

More From Author