মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ বিশ্বনাথৰ শশাংকৰ মৃতদেহ!

1 min read

বিশ্বনাথৰ ফটিকাবস্তিত বুঢ়িগাং নৈত গা-ধুই থকা অৱস্থাত সন্ধানহীন হোৱা যুৱক শশাংক কটকীৰ ঘটনাৰ নতুন মোৰ৷ বনভোজ খাবলৈ অহা বন্ধুৱে মিলি শশাংকক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰিজনকৈ বন্ধুক৷ আটক কৰা কেইজন ক্ৰমে চতিয়াৰ চতিয়াল গাঁৱৰ শশাংকু হাজৰিকা, বিশ্বনাথ চাৰিআলি খৰাশিমলুৰ আকাশ বৰা, লেছুবাৰীৰ সোণমনি দাস আৰু বামগাৱৰ বিপুল দাস৷

শশাংকৰ পত্নী ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ পৰিয়ালৰ৷ শশাংকৰ পত্নীৰ সৈতে শশাংকৰ বন্ধুৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহ পৰিয়ালৰ৷ মাটি বিক্ৰী কৰি ২২ লাখ টকা লাভ কৰিছিল শশাংকই৷ সেই টকাৰে নিজৰ ঘৰটো বনাই আছিল। কাৰণ ভাল ঘৰ নথকা বাবে পত্নীয়ে ঘৰত নাথাকি বিশ্বনাথ চাৰিআলিত ভাড়াঘৰত আছিল।

উল্লেখ্য যে মঙলবাৰে নদীৰ পাৰত উদ্ধাৰ হৈছিল যুবকজনৰ মোবাইল আৰু কাপোৰ৷ বন্ধুৰ সৈতে গা-ধুবলৈ আহিছিল শশাংক৷ নদীৰ পাৰতে ৰান্ধি বন্ধুৰ সৈতে মিলি দুপৰীয়াৰ সাঁজ খাইছিল যুৱকজনে।

দুপৰীয়াৰ সাঁজ খোৱাৰ পিছত পুনৰ নদীত গা-ধুবলৈ যোৱা যুৱকজনক বিচাৰি নাপালে বুলি প্ৰকাশ কৰিছিল লগত থকা বন্ধুৱে৷ আজি পুৱাৰে পৰা SDRF–এ অভিযান চলাই উদ্ধাৰ কৰে শশাংকৰ মৃতদেহ৷ শশাংকৰ পত্নী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও সাংবাদিকক দেখি আঁতৰি যায় বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author