‘কৰিশ্মা নাথ অহংকাৰী,শিষ্টাচাৰ শিকিবলগা আছে’ -ক’ত কৰিশ্মা নাথক বৰ্জন?

0 min read

বিগত শনিবাৰে দক্ষিণ কামৰূপৰ ৰামপুৰত নাগাৰ নাম পৰিৱেশন কৰিবলৈ গৈছিল কৰিশ্মা নাথ আৰু তেওঁৰ দল। শনি পূজা উপলক্ষে ৰামপুৰত নাম পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কৰিশ্মা নাথক। ৰামপুৰ শনি মন্দিৰত নাম পৰিৱেশনৰ পিছত কমিটীয়ে কৰিশ্মাৰ দলক সম্পূৰ্ণ মাননী পৰিশোধ নকৰাৰ অভিযোগত কাষ চাপিছিল বিজয় নগৰ আৰক্ষী চকীৰ। কমিটীয়ে চুক্তি মতে ধন পৰিশোধ নকৰাৰ লগতে অভব্য আচৰণ কৰাৰো অভিযোগ কৰিছিল কৰিশ্মা নাথৰ দলে। অৱশ্যে পিছত আৰক্ষীৰ হস্তক্ষেপত কমিটীয়ে কৰিশ্মাৰ দলক চুক্তিৰ ধন পৰিশোধ কৰিছিল।

তাৰ পিছতে এতিয়া কৰিশ্মা নাথৰ সৈতে হোৱা সেই ঘটনা সন্দৰ্ভত মুখ খুলিছে ৰামপুৰ শনি মন্দিৰ কমিটীৰ লগতে অঞ্চলটোৰ বাসিন্দাসকলে। এক সংবাদমেলযোগে শনি মন্দিৰ কমিটী আৰু ৰামপুৰৰ জ্যেষ্ঠ লোকসকলে খণ্ডন কৰিলে কৰিশ্মাৰ অভিযোগ। সেইদিনা কি ঘটিছিল সেই কথা সংবাদ মেলত অৱগত কৰাৰ লগতে ভৱিষ্যতে ৰামপুৰত কৰিশ্মা নাথক বৰ্জন কৰাৰ কথাও ঘোষণা কৰে।

সংবাদ মেলত কমিটীৰ লগতে অঞ্চলটোৰ একাংশ জ্যেষ্ঠ লোকে কয় যে চুক্তিত উল্লেখ কৰা নিৰ্ধাৰিত সময়তকৈ প্ৰায় ৩ ঘণ্টা পলমকৈ উপস্থিত হৈছিল কৰিশ্মা নাথ আৰু তেওঁৰ দল। তাৰ পিছতো কমিটীয়ে কোনো ধৰণৰ প্ৰশ্ন কৰা নাছিল আৰু কৰিশ্মাই সুন্দৰভাৱেই নাম পৰিৱেশন কৰিছিল। কিন্তু শেষত মাননী দিয়াৰ সময়ত কৰিশ্মাৰ আচৰণত হতচকিত হৈ পৰে কমিটীৰ লগতে উপস্থিত লোকসকল।

অনুষ্ঠানৰ শেষত পাঠিকাগৰাকীৰ সৈতে কমিটীয়ে পলম হোৱা সন্দৰ্ভত ভদ্ৰভাৱে কথা পাতিব খুজিছিল আৰু উপদেশ দিব বিচাৰিছিল। কিন্তু কৰিশ্মা নাথে অভব্য আচৰণ দেখুৱাই ধন নালাগে বুলি দম্ভালি মাৰি আৰক্ষী চকীলৈ গুচি অহা বুলি অভিযোগ কৰে কমিটীয়ে। আনকি কৰিশ্মাক বহিবলৈ দিয়া চকীখনো ঠেলা মাৰি পেলাই থৈ আহে বুলি অভিযোগ কৰে সংবাদমেলত।

সংবাদ মেলত তেওঁলোকে কয়, ‘‘খং কৰি গুচি অহাৰ পিছত কমিটীৰ একাংশ বিষয়ববীয়াই পাঠিকাগৰাকীৰ খং নকৰি চুক্তিৰ ধন লৈ যাবলৈ গাড়ী আগচি ধৰিও অনুৰোধ জনাইছিল। কিন্তু কমিটীৰ লগতে ৰাইজৰ অনুৰোধকো আওকাণ কৰি কৰিশ্মা নাথৰ দলে ৰামপুৰ আৰক্ষী চকীলৈ আহি এজাহাৰ দাখিল কৰে।’’

পিছত আৰক্ষীৰ হস্তক্ষেপত কমিটীৰ বিষয়ববীয়াই আৰক্ষী চকীলৈ গৈ চুক্তিৰ ধন আদায় দিয়ে যদিও পাঠিকাগৰাকীয়ে তেওঁলোকক আৰক্ষী চকীত দুৰ্ব্যৱহাৰ কৰে বুলিও সংবাদ মেলযোগে অভিযোগ তোলে সমিতিয়ে। এই ঘটনাত অত্যন্ত দুখ প্ৰকাশ কৰে ৰামপুৰ শনি মন্দিৰ কমিটীৰ লগতে জ্যেষ্ঠ লোকসকলে।

সংবাদ মেলত কমিটীয়ে কয়, ‘‘নাগাৰা নামৰ পঠিকা কৰিশ্মা নাথ অহংকাৰী। শিল্পীসুলভ গুণ নাই কৰিশ্মা নাথৰ। শিষ্টাচাৰ শিকিবলগা আছে কৰিশ্মা নাথে। নাগাৰা নামৰ ন্যূনতম জ্ঞান নাই কৰিশ্মাৰ।’’

You May Also Like

More From Author