জাজৰিৰ উদয়ন মইনা পাৰিজাতৰ ২৪সংখ্যক প্ৰতিষ্ঠা দিৱস,শিশু সমাৰোহ আৰু সুধাকণ্ঠ দিৱস উদযাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯ছেপ্টেম্বৰ:–নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী জাজৰিৰ উদয়ন মইনা পাৰিজাতৰ ২৪সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী উপলক্ষে উত্তৰ জাজৰি পুথিভঁড়াল আৰু উদয়ন যুৱক সংঘৰ উদ্যোগত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে শিশু সমাৰোহ অনুষ্ঠিত হয় । এই উপলক্ষে উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত শিশু সমাৰোহত পুৱা চিত্ৰাংকন কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি ২বজাত অনুষ্ঠিত হয় অকণিৰ মৌমেল আৰু বঁটা বিতৰণী সভা ।কণমাণি জোনাশ্ৰী কাকতিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত উপস্থিত থাকি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মইনা পাৰিজাতত কণ কণ শিশুসকলে সুন্দৰ সপোন দেখে। মই জন্মৰ ঠাইত ঘুৰি আহিছোঁ। এই অঞ্চল মোৰ অতি চিনাকি । আগন্তুক দিনত আপোনালোকে মোক আশীৰ্বাদ দিব বুলি ভাষণ প্ৰদান কৰে । আনহাতে নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি সাংবাদিক দিব্যজ্যোতি বৰুৱাই নিজৰ জাতীয় সংস্কৃতি আৰু ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ কণকণ শিশুসকলক আহ্বান জনায় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উত্তৰ জাজৰি সমাজসেৱক পুথিভঁড়াল আৰু উদয়ন যুৱক সংঘৰ সভাপতি ৰথিন শইকীয়া,সম্পাদক প্ৰান্ত শইকীয়া,উদযাপন সমিতিৰ সভাপতি শৰৎ কাকতি,উপ সভাপতি দিব্যজ্যোতি শইকীয়া পৱন শইকীয়া,সম্পাদক চান্তু শইকীয়া,অনন্ত বৰদলৈকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। বৰগীত,সমবেত সংগীত আদি বিভিন্ন সংস্কৃতিক কাৰ্য্যসূচীৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিত হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা,কণমাণি অৰ্পণ দুৱৰা,কাব্যশ্ৰী শৰ্মা,মৰিগাঁও অ’বিচি ব’ৰ্ডৰ চেয়াৰমেন শিৱাজী ডেকাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। নিশালৈ শিশু নাট “নাটকৰ মাজৰ নাটক”,”অসমীয়া জাতিৰ অস্তিত্ব” আৰু দীনেশ কাকতিৰ পৰিচালনাৰে “মৰমৰ সদাগৰ” শীৰ্ষক সামাজিক নাটক পৰিবেশন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author