দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

0 min read

বৈদিক জ্যোতিষত ৰাহুক মায়াবী বা ছায়া গ্ৰহ বুলি কোৱা হয়। শনিৰ পাছত এই গ্ৰহে ৰাশি পৰিবৰ্তন কৰোতে বহু সময় লয়। আকৌ নৱগ্ৰহৰ মাজত ৰাহু আৰু কেতু সকলোসময়তে বক্ৰী গতিত থাকে। অক্টোবৰ মাহৰ শেষৰভাগত মীন ৰাশিত ৰাহুৱে প্ৰৱেশ কৰিব। বৰ্তমান মেষ ৰাশিত বৃহস্পতিৰ সৈতে যুঁটি বান্ধি গুৰুচণ্ডাল যোগ তৈয়াৰ কৰি আছে ৰাহুৱে। অক্টোবৰৰ শেষত মেষ ৰাশিত ৰাহুৰ গোচৰৰ ফলত কোন কোন ৰাশিৰ সৌভাগ্য বৃদ্ধি পাব? কোন কোন ৰাশিৰ হাতলৈ ধন আহিব? সবিশেষ জানি থওক।

বৃষ ৰাশি
আপোনাৰ বাবে ৰাহুৰ গোচৰ অনুকূল। গোচৰকোষ্ঠীৰ আয়ৰ স্থানত ৰাহুৱে বিচৰণ কৰিব। এই সময়ত আয়ৰ অসাধাৰণ যোগ তৈয়াৰ হ’ব। ইয়াৰোপৰি আয়ৰ নতুন নতুন উৎস বিচাৰি পাব। আৰ্থিক দিশৰ পৰা এই সময় আপোনাৰ বাবে শুভ। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত পদোন্নতি আৰু বদলিৰ সম্ভাৱনা আছে। আকস্মিক ধন লাভ কৰিব পাৰে। শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীৰ দ্বাৰা ধন লাভ কৰিব পাৰে।

কৰ্কট ৰাশি
জ্যোতিষ গণনা অনুসৰি ৰাহুৰ গোচৰৰ সময় কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ। কাৰণ ৰাহু আপোনাৰ ৰাশিৰ নৱম স্থানত থাকে। এই সময়ত আপোনাপ ভাগ্যই লগ দিব। ইয়াৰোপৰি পৰিকল্পনা কৰা সকলো কামতে সফলতা লাভ কৰিব। কাৰ্যসিদ্ধিৰ যোগ আছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা সকলৰ বাবে এই সময় অনুকূল। ব্যৱসায়িক কাৰণত যাত্ৰাৰো যোগ আছে।

কুম্ভ ৰাশি
মীন ৰাশিত ৰাহুৰ প্ৰৱেশৰ ফলত কুম্ভ ৰাশিৰ জাতকৰ লাভ হ’ব। কাৰণ ৰাহুৱে আপোনাৰ ৰাশিৰ ধনৰ স্থানত থাকিব। এই সময়ত আকস্মিক ধন লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। কুম্ভৰ অধিপতি শনিৰ সৈতে ৰাহুৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। সেয়ে আৰ্থিক দৃষ্টিত এই সময় আপোনাৰ বাবে শুভ। ৰাহুল ৰাশি পৰিবৰ্তনৰ বাবে ধন বৃদ্ধিৰো যোগ আছে। কথাবাৰ্তাৰ ধৰণ উন্নত হ’ব। ইয়াৰ ফলত আপুনি সকলোৰে সৈতে একাত্ম হ’ব পাৰে।

You May Also Like

More From Author