নাগালেণ্ডত অসমৰ দুই যুৱকৰ ৰহস্যজনক মৃত্যু, অৰ্দ্ধ উলংগ অৱস্থাত উদ্ধাৰ মৃতদেহ, হত্যাৰ সন্দেহ!

1 min read

নাগালেণ্ডত অসমৰ দুই যুৱকৰ ৰহস্যজনক মৃত্যু। নাগালেণ্ডৰ মন জিলাৰ আংচেঙীয়াত উদ্ধাৰ হৈছে দুই যুৱকৰ মৃতদেহ। অৰ্দ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহ দুটা ললিত নাওহলীয়া আৰু উৎপল তাছাৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ২২ ছেপ্টেম্বৰত নাগালেণ্ডৰ টবুলৈ দোকানৰ সা-সামগ্ৰী পৰিবহণ কৰি ২৩ ছেপ্টেম্বৰত ঘূৰি অহাৰ পথত যুৱক দুজনৰ লগত যোগাযোগ বিচ্ছিন্ন হয়। এই সন্দৰ্ভত নাগালেণ্ড আৰক্ষীৰ লগতে নগা দল-সংগঠনৰ লগত যোগাযোগ কৰাৰ পাছত আজি পুৱা উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। সোণাৰিৰ গাড়ী মালিক- চালক সন্থাই দুয়োকে হত্যাৰ সন্দেহ কৰিছে।

You May Also Like

More From Author