নামঘৰীয়াই নাক কাটিলে! ৭০ বছৰীয়া নামঘৰীয়াৰ বাবেই অন্তঃসত্ত্বা হ’ল ১৬ বছৰীয়া কিশোৰী

1 min read

নামঘৰীয়াই নাক কাটিলে। ৭০ বছৰীয়া নামঘৰীয়াৰ বাবেই অন্তঃসত্ত্বা হ’ল ১৬ বছৰীয়া কিশোৰী। তেজপুৰৰ বিহগুৰিৰ পিঠাখোৱাত সংঘটিত হৈছে এই নিৰ্লজ ঘটনা। কিছুদিন ধৰি পেটৰ বিষত ভুগি আছিল ১৬ বছৰীয়া কিশোৰীগৰাকী। ফাৰ্মাচীৰ পৰা কিনি অনা দৰবত পেটৰ বিষ ভাল নোহোৱাত পৰিয়ালে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ গ’ল কিশোৰীক। ইটো সিটো পৰীক্ষাৰ পাছতো ৰোগৰ কাৰণ ধৰিব নোৱৰাত সন্দেহ হ’ল চিকিৎসকৰ।

বহু ভাবি–গুণি কিশোৰীৰ গৰ্ভধাৰণৰ পৰীক্ষা কৰাৰ পৰামৰ্শ দিলে পৰিয়ালক। চিকিৎসকৰ কথা শুনি মূৰ আচন্দ্ৰাই কৰিলে পিতৃ-মাতৃৰ। খং, ক্ষোভ, হতাশাই আগুৰি ধৰিলে পৰিয়ালটোক। কিশোৰীক বেৰি ধৰি জেৰা চলালে সকলোৱে। জ্যেষ্ঠজনৰ জেৰাত মুখৰ মাত হেৰাল কিশোৰীৰ। ভয়তে হুৰাওৰাওকৈ ৰাউচি জুৰিলে ১৬ বছৰীয়া কিশোৰীয়ে। ইমানৰ পাছতো কোনোমতে ধৈৰ্য্য ধৰি ডাক্তৰৰ পৰামৰ্শ পালন কৰিবলৈ আগবাঢ়িল পৰিয়ালটো। অনিচ্ছাসত্ত্বেও গৰ্ভধাৰণৰ পৰীক্ষা কৰালে কিশোৰীৰ। উৎকণ্ঠাৰে কেইটামান মিনিট পাৰ কৰাৰ পাছত পৰিয়ালটোৱে পালে ভয়ংকৰ খবৰ। পৰীক্ষাৰ ফলাফলত পোহৰলৈ আহিল কিশোৰীয়ে গৰ্ভধাৰণ কৰাৰ তথ্য।

এই খবৰ পোৱা মাত্ৰকে ফাট মেলা বসুমতি পাতালে লুকাও অৱস্থা হ’ল পৰিয়ালটোৰ।
দোষীৰ পৰিচয় বিচাৰি পুনৰবাৰ সকলোৱে বেৰি ধৰিলে কিশোৰীক। পৰিয়ালৰ সকলোৰে উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰত কিশোৰীয়ে যি ক’লে সেয়া শুনি মুখৰ মাত হেৰাল পৰিয়ালটোৰ প্ৰতিজন সদস্যৰ।

কিশোৰীয়ে নাম ল’লে নামঘৰীয়াৰ। ৭০ বছৰীয়া নামঘৰীয়া কেশৱ নাথৰ বাবে অন্তঃসত্ত্বা হোৱা বুলি জনালে কিশোৰীয়ে। বাৰে বাৰে কিশোৰীয়ে একেটা কথাকে কোৱাৰ পাছত পৰিয়ালৰ লোকে জবাবদিহি কৰিলে সকলোৱে বুবুল বৰতা বুলি মতা ৭০ বছৰীয়া বৃদ্ধক। অভিযোগ শুনি ৰাইজৰ ওচৰত নিজেই আঁঠু ল’লে বৃদ্ধই। আঁঠু কাঢ়ি দুহাতেৰে দুই কাণত ধৰি অভিযোগ খণ্ডন কৰিলে বৃদ্ধই। আঁঠু কঢ়া অৱস্থাতে ৰাইজক সেৱা কৰিও নিজৰ ভাষ্য পতিয়ন নিয়াবৰ চেষ্টা কৰিলে বৃদ্ধই। বিপৰীতে নিজৰ ভাষ্যত অটল হৈ থাকিল কিশোৰী।
অৱশেষত ভুক্তভোগী পৰিয়ালৰ লগতে ৰাইজে আঁঠু কাঢ়ি থকা অৱস্থাৰ পৰাই ধৰি আৰক্ষীক গতাই দিলে নামঘৰীয়া কেশৱ নাথক। পুৱা-গধুলি নামঘৰত চাকি-বন্তি দি ডবা কোবোৱা কেশৱ নাথ ওৰফে বুবুল বৰতাৰ কাণ্ড শুনি এতিয়া ঘৃণাত নাক কোঁচাইছে তেজপুৰৰ বিহগুৰিৰ ৰাইজে।

You May Also Like

More From Author